Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 12:42 pm

ৰাজনীতি

আৰপিআইৰ নিৰ্বাচনী তৎপৰতা : তৃণমূল কংগ্ৰেছ এৰি যোগদান কৰিলে মনোজ শৰ্মা

গুৱাহাটী : ৰাজ্যৰ অন্যান্য ৰাজনৈতিক দলসমূহৰ সমান্তৰালকৈ ৰিপাব্লিকান পাৰ্টা অফ ইণ্ডিয়া চমুকৈ আৰপিআই দলেও আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে৷ দলটোৱে ৰাজ্যৰ ভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখি শুকুৰবাৰে গুৱাহাটীত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰে৷ দহ বছৰতকৈ অধিক কাল অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ হৈ কাম কৰা মনোজ শৰ্মাই উক্ত অনুষ্ঠানৰ জৰিয়তে আৰপিআই দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ দলটোৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক বিনোদ নিকালজীয়ে মনোজ শৰ্মাক দলটোলৈ আদৰণি জনায়৷ মহানগৰীৰ ছয়মাইলস্থিত হোটেল ছানভিউত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত অসমৰ ৰাজ্যিক সভাপতি হিতেশ দেউৰী, মহিলা কোষৰ সভানেত্ৰী ৰুমী শৰ্মা ফুকনকে ধৰি শতাধিক দলীয় নেতা-কৰ্মীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে৷

Read More »

লাহৰীঘাটত শাসকীয় বিজেপি দলৰ যোগদান কাৰ্যসূচী

লাহৰীঘাট :  সমাগত বিধান সভা নিৰ্বাচন, নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাবলৈ ধৰিছে নিৰ্বাচনী তৎপৰতা। এই ক্ষেত্ৰত পিছপৰি থকা নাই শাসকীয় বিজেপি দলো। ৰবিবাৰে ভাৰতীয় জনতা পাৰ্টি মৰিগাঁও জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়া গাওঁ পঞ্চায়ত কমিউনিটি হলত যোগদান কাৰ্যসূচী আৰম্ভ কৰা হয়।  উক্ত সভাত উপস্থিত থাকে বিজেপি দলৰ জিলা কমিটিৰ সম্পাদক নিৰ্মল কোঁৱৰ ডাঙৰীয়াৰ লগতে বহু কেইগৰাকী দলীয় নেতা কৰ্মী। নিৰ্মল কোঁৱৰ দেৱে ভাষণ প্ৰসংগত কয় যে এইবাৰ ভাৰতীয় জনতা পাৰ্টিয়ে ১০০ মিছন সফল কৰি পুনৰবাৰ অসমত চৰকাৰ গঠন কৰিব । লগতে কংগ্ৰেছৰ দখলত থকা লাহৰীঘাট সমষ্টিৰ বিধায়ক নজৰুল ইছলামক কটু ভাষাৰে সমালোচনা কৰে। লগতে বিধায়ক নজৰুল ইছলামে সমষ্টিবাসীক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয়

Read More »

MLA Report Card : বৃহৎ প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব বিধায়ক নজৰুল ইছলাম

লাহৰীঘাটৰ পৰা জহিৰুল ইছলাম : বিধানসভা নিৰ্বাচন সমাগত। আৰু কেইটামান মাহ পিছতে অনুষ্ঠিত হ’ব ২০২১ ৰ অসম বিধানসভা নিৰ্বাচন। সেয়ে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰে নেতা কৰ্মীয়ে নিজৰ নিজৰ সমষ্টিত নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰা দেখা গৈছে। এই ক্ষেত্ৰত পিছ পৰি থকা নাই লাহৰীঘাট বিধানসভা সমষ্টিৰ নেতা‌-কৰ্মী তথা প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলো।  উল্লেখ্য যে লাহৰীঘাট সমষ্টি বিগত ২৫ বছৰ ধৰি কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক নজৰুল ইছলামৰ দখলত আছে। ১৯৯৬ত সমষ্টিটোৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব লাভ কৰি ডাঃ নজৰুল ইছলামে প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰবাচিত হৈছিল৷ ডাঃ নজৰুল ইছলামে সৰ্বমুঠ ৩৩,৪৩৪ টা ভোট লাভ কৰাৰ বিপৰীতে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী গণেশ চাই লাভ কৰিছিল সৰ্বমুঠ ১৭,১৭০ টা ভোট৷  ২০০১ ত

Read More »

সৰুক্ষেত্ৰীত কংগ্ৰেছে বজালে ২১ৰ ৰণ শিঙা: জনসমুদ্ৰত পৰিণত সৰুক্ষেত্ৰী

কয়াকুছি পৰা দিলদাৰ হুছেইন :  আমাৰ ৰাইজৰ মাজত বিভেদ আনিব বিচাৰা বিজেপিক এইবাৰ উচিত শিক্ষা দিব লাগিব আৰু সেই যুদ্ধ এই সৰুক্ষেত্ৰী সমষ্টিৰ পৰাই আৰম্ভ হল। যিখন চৰকাৰ মুখ্যমন্ত্ৰী দুজন, এজন নমস্কাৰ দিয়া আৰু আন এজন চালেবেৰে কোবোৱা কথা কৈ সকলোকে ঠাট্টা কৰা তেনে চৰকাৰৰ পৰা ৰাইজে একোআশা কৰি লাভ নাই এই মন্তব্য কংগ্ৰেছ দলৰ তত্বাৱধায়ক জিতেন্ৰ সিঙৰ।  আজি ২০২১ চনত অনুষ্ঠিত হবলগীয়া অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে ৰণ ডংকা বজালে সৰুক্ষেত্ৰী সমষ্টিৰ পৰা। সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিৰ শংকৰ আজান সমন্বয় ক্ষেত্ৰৰ পৰাই সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে এই তাৎচল্য মন্তব্য কৰে।প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এক বুথ সন্মিলনৰ শুভাৰম্ভৰ জড়িয়তে ২১ চনৰ

Read More »