Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 2:09 am

ৰাজনীতি

Congress New President Controversy || কংগ্ৰেছৰ সভাপতি নিৰ্বাচনক লৈ নতুন বিতৰ্ক

– কংগ্ৰেছৰ সভাপতি নিৰ্বাচনক লৈ নতুন বিতৰ্ক – গান্ধী পৰিয়ালৰ পৰা মুক্ত নহল নেকি কংগ্ৰেছ – কৌশলেৰে নেতৃত্বৰ নিয়ন্ত্ৰণ নিজৰ হাততেই ৰাখিলে নেকি গান্ধী পৰিয়াল দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত ভাৰতীয় জাতীয় কংগ্ৰেছে লাভ কৰিলে নতুন সভাপতি। সুদীৰ্ঘ চৌবিশটা বছৰৰ গান্ধী পৰিয়ালৰ সদস্যৰ বিপৰীতে অন্য নেতাই লাভ কৰিলে কংগ্ৰেছ দলৰ নেতৃত্বৰ বাঘজৰী৷ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা দ্বিতীয়গৰাকী দলিত নেতা হিচাপে পৰিগণিত হৈছে খাৰ্গে। দলটোৱে দুটা দশকত নেহৰু-গান্ধী পৰিয়ালৰ পৰিধিৰ বাহিৰৰ পৰা এগৰাকী নেতা নিৰ্বাচিত কৰিলে৷ কিন্তু ইতিমধ্যে ধ্বংসৰ গৰাহলৈ গতি কৰা দলটোৱে ২০২৪ৰ সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিক প্ৰত্যাহ্বান জনাব যে পাৰিব তাত সন্দেহ আছে৷ শশী থাৰুৰ পৰাস্ত হোৱাৰ পাছত এতিয়া প্ৰশ্ন উঠিছে, বিজেপিৰ সৈতে পোনপটীয়া যুঁজত আকৌ এবাৰ

Read More »

Mallikarjun Kharge || Newly elected Congress President || সভাপতি হিচাপে নিৰ্বাচিত মল্লিকাৰ্জুন খাৰ্গে

প্ৰায় ২৪ বছৰৰ পাছত গান্ধী পৰিয়ালৰ বাহিৰৰ এজন নেতা দেশৰ আটাইতকৈ পুৰণি দলটোৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। ১৭ অক্টোবৰত অনুষ্ঠিত হৈছিল কংগ্ৰেছ সভাপতি পদৰ বাবে ভোটদান। এইবাৰ প্ৰতিদ্বন্দ্বিতা হৈছিল দলৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গে আৰু শশী থাৰুৰৰ মাজত। যাৰ ভিতৰত শশী থাৰুৰক পৰাস্ত কৰাত সফল হৈছে মল্লিকাৰ্জুন খৰ্গে। মল্লিকাৰ্জুন খৰ্গে ৭৮৯৭ টা ভোট লাভ কৰাৰ বিপৰীতে  শশী থাৰুৰে লাভ কৰে ১০৭২টা ভোট। কংগ্ৰেছৰ প্ৰায় ৯৯০০ প্ৰতিনিধিয়ে দলৰ মুৰব্বী নিৰ্বাচনৰ বাবে ভোটদানৰ যোগ্য আছিল। কংগ্ৰেছৰ মুখ্য কাৰ্যালয়কে ধৰি প্ৰায় ৬৮টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰা হয়। কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীসহ কেইবাজনো জ্যেষ্ঠ নেতাকে ধৰি প্ৰায় ৯৫০০ প্ৰতিনিধিয়ে সোমবাৰে দলৰ নতুন সভাপতি নিৰ্বাচনৰ বাবে

Read More »

বজালীত আম আদমী পাৰ্টি যোগদান কাৰ্যসূচী

পাঠশালাঃ আজি বজালী জিলাৰ সদৰ পাঠশালাৰ আজাদ ভৱনত ‘আম আদমী পাৰ্টি’ (আপ)ৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। দিনৰ ১২ বজাৰ পৰা এই উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে ‘আপ’ৰ নেতা কমল কুমাৰ মেধিয়ে। বজালী আপৰ অন্যতম উদ্যোক্তা জয়দীপ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত পাটাছাৰকুছি আৰু ভৱানীপুৰ সমষ্টিৰ শতাধিক লোকে আজি আনুষ্ঠানিক ভাবে ‘আপ’ত যোগদান কৰে ৷ এই যোগদান কাৰ্যসূচীত আপৰ ৰাজ্যিক নেতা ক্ৰমে সনজিত বৰ্মন, মানস শৰ্মা, মনচুৰ তালুকদাৰ, পংকজলোচন ডেকা উপস্থিত থাকে ৷ ‘ৰাইজৰ দল’ৰ পাটাছাৰকুছি সমষ্টি কমিটিৰ সভাপতি প্ৰণৱ কলিতা, কাৰ্যকৰী সভাপতি অজিত খাটনিয়াৰ, ভৱানীপুৰ সমষ্টি সমিতিৰ সভাপতি দীপাংকৰ তালুকদাৰ, সম্পাদক ৰবীন পাটগিৰী, জিতেন দাস, বজালী জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰুবুল হক চৌধুৰী, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক

Read More »

বিজেপিৰ মিথ্যাচাৰিতা-কৌশল ফাদিল

আপুনি মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে.? সৰ্বানন্দ সোণোৱালক নে বদৰুদ্দিন আজমলক। সম্প্ৰতি ছ’চিয়েল মিডিয়াত সৰ্বানন্দ সোণোৱাল আৰু আজমলৰ ফটো সংলগ্ন কৰি এনে কেপচন দিয়া হৈছে। ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰচাৰ কৰি থকা দেখা গৈছে। প্ৰচাৰৰ গুৰু দায়িত্বত আছে প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ফেন ক্লাৱ৷ আচলতে এই ছবি বা প্ৰশ্নৰ দ্বাৰা বুজাব বিচাৰিছে কি? এয়া ২০২১ৰ বিধানসভা নিৰ্বাচনৰ ডাৰ্টী পলিটিকচৰ অন্যতম অৰ্থহীন চৰিত্ৰ। য’ত নেকি বদৰুদ্দিন আজমলে বাৰাম্বাৰ না কৰি আহিছে যে আজমলে কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী নহয়৷ তাৰ পিছতো ভোটাৰক মূৰ্খ সজোৱাৰ বাবে দেখুৱা হৈছে আজমলৰ ভয়। এনে প্ৰশ্নৰে ভোট ভিক্ষা কৰা হৈছে পদুম ফুলৰ চিহ্নত। মূলতঃ বিকাশ তথা উন্নয়নৰ ৰাজনীতিত বিফল হোৱা বিজেপি দলটোৰ বিশেষকৈ আইটি চেলে বিজেপিক ভোট নিদিলে আজমল

Read More »

প্ৰাৰ্থীত্বৰ তালিকা প্ৰকাশ পোৱাৰ পিছতে AJPত খহনীয়া!

প্ৰাৰ্থীত্বৰ প্ৰথম তালিকা প্ৰকাশৰ পাছতেই অসম জাতীয় পৰিষদত আৰম্ভ হৈছে খহনীয়া! দলীয় টিকটৰ পৰা বঞ্চিত হৈ দলৰ ৰাজ্যিক যুটীয়া সম্পাদক আৰু প্ৰতিষ্ঠাপক আহ্বায়ক সুবীৰ মেছে দিছে দলত্যাগৰ হুংকাৰ। ধনৰ লেনদেনৰ মাজেৰে টিকট প্ৰদান কৰাৰো বিস্ফোৰক অভিযোগ আনিছে সুবীৰ মেছে। শুকুৰবাৰে সন্ধিয়া আঞ্চলিক দলটোৱে ৰাজ্যৰ ১৮টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিছতে দলটোৰ একাংশ টিকট বঞ্চিত প্ৰাৰ্থীয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। নাজিৰাত দলীয় টিকটৰ পৰা বঞ্চিত হ’ল দলৰ ৰাজ্যিক যুটীয়া সম্পাদক আৰু প্ৰতিষ্ঠাপক আহ্বায়ক সুবীৰ মেছ। নাজিৰাত দলটোৰ সাংগঠনিক ভেটি মজবুত কৰাত আগভাগ লৈছিল সুবীৰ মেছে। আনকি পৰৱৰ্তী সময়ত তৃণমূল কংগ্ৰেছৰ ৰিবুলয়া গগৈক দলত যোগদান কৰাইছিল সুবীৰ মেছে। কিন্তু অৱশেষত মেছক বঞ্চিত কৰি ৰিবুলয়া গগৈক নাজিৰাত

Read More »

প্ৰথম পৰ্যায়ত AJPয়ে ৩৫খন আৰু ৰাইজৰ দলে ১২খন আসনত থিয় কৰাব প্ৰাৰ্থী

গুৱাহাটী : আজি ঘোষণা হ’ব জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসম জাতীয় পৰিষদে ৩৫ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বিপৰীতে ৰাইজৰ দলে প্ৰতিদ্বন্দিতা আগবঢ়াব ১২ খন আসনত।  আজি সন্ধিয়া দুয়োটা দলে যৌথ সংবাদমেল সম্বোধন কৰি ঘোষণা কৰিব প্ৰাৰ্থী তালিকা।ইফালে কেইবাটাও সমষ্টিক লৈ বিপাঙত পৰিছে দুয়োটা দল। দুয়োটা দলেই বিচাৰিছে মাহমৰা, মৰাণ, বিহপুৰীয়া আৰু ৰহা সমষ্টি। বিহপুৰীয়া সমষ্টি অসম জাতীয় পৰিষদক কোনো কাৰণতে এৰি দিয়া নহ’ব বুলি স্পষ্টকৈ জনাইছে ৰাইজৰ দলে। আসন ভাগ বটোৱাৰাকলৈ ঘনে ঘনে বৈঠকত বহিছে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ। আনহাতে আজিৰ দিনটোতে বিজেপিয়েও প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে। কিন্তু কংগ্ৰেছ মহাজোঁটে কাইলৈহে ঘোষণা কৰিব প্ৰাৰ্থী তালিকা।

Read More »

কেন্দ্ৰীয় সভাপতি ৰামদাস আঠাৱালেক সাক্ষাৎ অসম ৰাজ্যিক আৰ পি আইৰ

গুৱাহাটী : নতুন দিল্লীত ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলীয় কৰ্মীসভা সোমবাৰে অনুষ্ঠিত হৈ যায়৷ উক্ত অনুষ্ঠানত দলটোৰ অসম ৰাজ্যিক সভাপতি হিতেশ দেউৰীৰ নেতৃত্বত এটি দলে অংশগ্ৰহণ কৰে৷ দলটোৱে অনুষ্ঠানৰ অন্তত কেন্দ্ৰীয় সভাপতি ৰামদাস আঠাৱালেক সাক্ষাৎ কৰি অসমৰ বিভিন্ন সমস্যাসমূহৰ সমাধানৰ ওপৰত এক গুৰুত্বপূৰ্ণ আলোচনা কৰাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভতো পৰ্যালোচনা কৰে৷ কেন্দ্ৰীয় সভাপতিগৰাকীৰ লগতে তেওৰ সীমা আঠাৱলেকো সাক্ষাৎ কৰি সম্বৰ্ধনা জনায়৷ এই দলটোত আছিল নতুনকৈ যোগদান কৰা মনোজ শৰ্মা, মহিলা সমিতিৰ সভানেত্ৰী ৰুমী ফুকন, সাধাৰণ সম্পাদিকা পাৰিজাত শৰ্মা উল্লেখযোগ্য৷

Read More »

বি জে পি -এ আই ইউ ডি এফৰ মাজত গুপন বুজাবুজি আছে- কয়াকুছিত লুৰিণজ্যোতি গগৈ

দিলদাৰ হুছেইন, কয়াকুছি :  অসমত কেতিয়াও কা বলবৎ কৰিব দিয়া নহয়। অসমত আগন্তক বিধানসভাৰ নিৰ্বাচনৰ পিছত চৰকাৰ গঠন কৰি অসমত যাতে কা বলবৎ নহয় তাৰ বাবে সকলো ব্যৱস্থা কৰিব। অসমৰ পৰা ভোট বিভাজনৰ জড়িয়তে যাতে বি জে পি আৰু কংগ্ৰেছ দলে লাভ উঠাব নোৱাৰে তাৰ বাবে অসমৰ ৰাইজৰ দাবীত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দল আজি আনুষ্ঠানিকভাৱে অহা বিধানসভাৰ নিৰ্বাচনত যৌথভাৱে নিৰ্বাচনত অৱতীৰ্ণ হব।  ইয়াৰ লগতে বি পি এফ আৰু এ এছ ডি ছিৰ লগত যোগাত্মক আলোচনা চলি আছে। জাতীয় সংকট , সাম্প্ৰদায়িক পৰিবেশ, অবৈধভাৱে ধৰ্মৰ ভিত্তিত নাগৰিকত্বৰ ব্যৱস্থা কৰাৰ বিৰুদ্ধে , অসমত শান্তি স্থাপনৰ বাবে জন্ম হোৱা অসম জাতীয় পৰিষদৰ জন্ম হৈছে। অসম সকলো সময়ত প্ৰথম আৰু অদ্বিতীয়

Read More »