দেশৰ ভিতৰত এখন অন্যতম শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টাত ব্ৰতী হৈছে অসম
৭২ তম্ স্বাধীনতা দিৱস উপলক্ষে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ ভাষণৰ খচৰা ১৫ আগষ্ট, ২০১৮ পৰম শ্রদ্ধাভাজন ৰাইজ, ভাৰতবৰ্ষৰ ৭২ তম্ স্বাধীনতা দিৱসৰ এই পৱিত্ৰ মুহূর্তত আমি ৰাজ্যখনৰ জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ লগতে স্বাধীনতাৰ হকে সংগ্রাম কৰা সকলাে মহান সেনানী তথা বীৰ শ্বহীদৰ প্রতিও আমি গভীৰ শ্রদ্ধা নিবেদন কৰিছোঁ। স্বাধীনতা সংগ্রামত আত্মবলিদানেৰে ৰাজ্যখনক মহীয়ান কৰি তােলা মণিৰাম দেৱান, পিয়লি ফুকন, কুশল কোঁৱৰ, মুকুন্দ কাকতি, কনকলতা বৰুৱা, ভােগেশ্বৰী ফুকননীৰ লগতে অন্যান্য শ্বহীদ সকললৈ এই পৱিত্ৰ ক্ষণতে যাচিছে সশ্রদ্ধ প্রণিপাত। এই শুভ ক্ষণত স্বাধীনতা সংগ্ৰামত অহহাপুৰুষাৰ্থ কৰা ৰাজ্যখনৰ সৰ্বস্তৰৰ ৰাইজৰ লগতে আধুনিক অসমৰ ভেটি নির্মাণত বৰঙণি আগবঢ়োৱা কৃষক, শ্রমিক, শিক্ষক, বুদ্ধিজীৱী, ৰাজনীতিক, বৈজ্ঞানিক, সাংবাদিক, শিল্পী, সাহিত্যিক আৰু আন