“লাভ-জেহাদ” কি ? ইয়াৰ উৎপত্তি, বুঢ়া আৰক্ষী চকীৰ ঘটনা তথা কিছু বিশেষ চিন্তা…
@মহিবুল মণ্ডল সম্প্ৰতি গণমাধ্যমত “লাভ-জেহাদ” শব্দটো বিশেষ পৰিচিত তথা ব্যাপক চৰ্চিত এটি শব্দ।”লাভ-জেহাদ” শব্দ কি ? ইয়াৰ শাব্দিক অৰ্থ হৈছে প্ৰেমজনিত বিবাহ আৰু ধৰ্মান্তকৰণ।জেহাদ শব্দটো আৰবী শব্দ বা ইছলামিক শব্দ।সেই দৃষ্টিত মূলতঃ প্ৰেম কৰি ইছলামীকৰণ কৰাটোক বুজায়।এই “লাভ-জেহাদ” শব্দটোত লুকাই আছে কিছু অপ্ৰিয় সত্য কথা।ইয়াত আচলতে প্ৰেম কিমানখিনি আছে আৰু জেহাদ কিমানখিনি ইয়াক নিৰ্ণয় কৰাটো বহুত জটিল।বৰ্তমান সময়ত বুঢ়া আৰক্ষী চকীৰ ঘটনাৰ কেন্দ্ৰবিন্দুকলৈ সমগ্ৰ দেশতেই বিশেষ জোকাৰণিৰ সৃষ্টি কৰাৰ লগতে “লাভ-জিহাদ” প্ৰসঙ্গটো ব্যাপক চৰ্চিত হৈছে।এই খিনিতে উক্ত ঘটনাৰ শেহতিয়া কিছু সত্য উনুকিয়াব বিচাৰিছো… প্ৰাথমিক তথ্য প্ৰমাণে বহুতে ক’ব বিচৰাৰ দৰে বুঢ়া আৰক্ষী চকীৰ ঘটনাৰ কেন্দ্ৰবিন্দু প্ৰেমজনিত ঘটনা গণমাধ্যমত ভাইৰেল হোৱা কিছু ছবি আৰু অডিঅ’ ক্লিপয়ে তাকেই প্ৰমান কৰিছে ইয়াৰ পাছতো