Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 2:19 am

ৰাইজৰ সংবাদ
Sangbad Prahari

যাৰ পিতৃ নাই, তেওঁহে বুজে পিতৃ নোহোৱাৰ বেদনা | Shahin Sultana

  – চাহিন চুলতানা এটা কল ৰেকৰ্ডিং.. য’ত নিজৰ পিতৃয়ে পুত্ৰক ফোন কৰি নিজৰ নাম উচ্চাৰণ কৰি পৰিচয় দিব লগা হৈছিল যে- “মই তোমাৰ পাপা”। জন্ম দিয়েই পুত্ৰক এৰি দিয়া নাছিল। কোলাই- বোকোচাই ডাঙৰ-দীঘল কৰি, দেহাৰ তেজক পানী কৰি ডাক্তৰ বনালে, সমাজে চিনি পোৱাকৈ মানুহ কৰিলে! তাৰ বিনিময়ত শেষ পৰিণতিত কুলাংগাৰ পুত্ৰই পিতৃক দিয়া পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপহাৰ! এতিয়া কথা হল, সেই পিতৃজনৰ যিয়েই ভুল নাথাকক কিয়! সেই পিতৃজনে ইমান বছৰৰ পাছত পুত্ৰক ফোন কৰি জীৱনৰ অন্তিম সময়ছোৱাত মুখখন চাবলৈ বিচাৰোতে পুত্ৰজনৰ হৃদয়ত থকা শিলটো এবাৰো গলি নগল নে…? কিবা ঘৰুৱা সংঘাতত হয়তো আতৰি থাকিব লগীয়া হৈছিল, সেইবুলি এজন পিতৃৰ জীৱনৰ শেষ মূহুৰ্তখিনিত পুত্ৰক এবাৰ মুখখন চাই মৰিব পাৰিলে শান্তি

Read More »
Sangbad Prahari

কিহৰ এই সংঘাত… পুষ্পা প্ৰেম নে ৰাজনৈতিক সমীকৰণ!

  – মহিবুল মণ্ডল   পুষ্পা-২ মুভি’ৰ কথা চাগে সকলো জানেই। পুষ্পা ৰঙা চন্দনৰ ছিণ্ডিকেটৰ সভাপতি। বিধায়ক মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈকে..। সকলোকে ছিণ্ডিকেটৰ টকা দিয়ে পুষ্পাই। কিন্তু পুষ্পাই কোনোদিন মুখ্যমন্ত্ৰীক লগ পোৱা নাই। এদিন এজন মন্ত্ৰীয়ে পুষ্পাক লগ ধৰিলে মুখ্যমন্ত্ৰীৰ ওচৰলৈ। পুষ্পাৰ আনন্দৰ সীমা নাই। মুখ্যমন্ত্ৰীক লগ পাব!আনন্দতে পুষ্পাৰ পত্নীয়ে ক’লে,মুখ্যমন্ত্ৰীৰ লগত আপুনি এখন ফটো উঠি আহিব, সেইখন ঘৰত ডাঙৰকৈ বন্ধাই থ’ম। মানুহক ক’ম,চা মোৰ মানুহটো কিমান ডাঙৰ মানুহ,মুখ্যমন্ত্ৰীৰ লগত ফটো। কথামতেই মন্ত্ৰীৰ লগত পুষ্পা গৈ মুখ্যমন্ত্ৰীৰ অফিচ পালেগৈ। কথা বাৰ্তা সকলো হোৱাৰ পিচত, পুষ্পাই ক’লে, ছাৰ মই আপোনাৰ লগত এখন ফটো উঠো। মুখ্যমন্ত্ৰী জাঙুৰ খাই উঠিল। কি কথা ক’ব আহিছ, ছিণ্ডিকেটৰ সভাপতি-স্মাগলাৰ এটাৰ লগত মই ফটো উঠিম নেকি! মানুহে দেখিলে

Read More »

প্ৰসংগ জনসংখ্যাঃ বেকায়দায়ত ভাৰত, দুর্বল জনগোষ্ঠীৰ ওপৰতেই হ’ব নেকি জুলুম ?? – Mohibul Mondal

১৯৫০ চনত ভাৰতীয় মহিলাই গড়ে ৫.৭ টা সন্তান জন্ম দিছিল, এতিয়া তেওঁলোকে গড়ে দুটা সন্তান জন্ম দিছে। (বিবিচি’ৰ তথ্য মতে) কিন্তু এই হ্ৰাসৰ গতি হাৰ সম্প্ৰতি এটা পইণ্টত উপনীত হৈছে। এছিয়াৰ বহু দেশ জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰততকৈ অধিক সফল হৈছে। কোৰিয়া, মালয়েছিয়া, টাইৱান আৰু থাইলেণ্ডৰ বিষয়ে ক’ব পাৰি। ভাৰততকৈ বহু পিছত দেশসমূহে পৰিয়াল পৰিকল্পনা আঁচনি গ্ৰহণ কৰিছিল। কিন্তু ভাৰতৰ আগতেই তেওঁলোকে নিজৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল। ভাৰতৰ জনসংখ্যা এতিয়া চীনতকৈ অধিক হ’ল। সম্প্ৰতি ইয়াকে লৈ বিশেষজ্ঞ মহত বিভিন্ন চিন্তা- চৰ্চা চলিছে । ভাৰতৰ ওপৰত এতিয়া কি কি প্ৰভাৱ পৰিব? উল্লেখ্য যে, ১৯৮৩ চনত চীনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১.১ শতাংশ। ইয়াৰ আগতে ১৯৭৩ চনত এই হাৰ আছিল ২ শতাংশ।

Read More »

Miyan Meseum || মিঞা মিউজিয়াম বনাম মিঞাৰ প্ৰয়োজনীয়তা আৰু মুছলিম ব্ৰাহ্মণ্যবাদ || Mohibul Mondal

✍ মহিবুল মণ্ডল ফোন নং – +91 99546 16790 নিজকে অসমীয়া বুলি ঘোষণা কৰা পূৰ্ববংগীয় লোকসকলকলৈ বিভিন্ন ৰাজনৈতিক মতাদৰ্শৰ ৰাজনৈতিক দলে কেৱল ৰাজনীতিহে কৰি আহিছে। তেওঁলোকৰ সৰ্বাঙ্গীন আৰ্থ-সামাজিক উত্তৰণৰ বিষয়ে কেতিয়াও নাভাৱিলে।এই অজুহাততেই ‘মিঞা জনগোষ্ঠী’ নামৰ নোহোৱা নোপোজা এটা কৃত্ৰিম জনগোষ্ঠীৰ জন্ম লৈছে। মিঞা বুলি যি সময়ত কোনো জনগোষ্ঠীয়ে অসম কিয় সমগ্ৰ বিশ্বতে পাবলৈ নাই নামবিহীন লাঞ্চিত, বঞ্চিত, অৱহেলিত কলংকিত জনগোষ্ঠীৰ অভিভাৱক বুলি ভৱা অসম মিঞা (অসমীয়া) পৰিষদ নামৰ সংগঠনে যোৱা ২৩ অক্টোবৰত গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ডাপকাৰভিটাত “মিঞা সংগ্ৰহালয়”উদ্বোধন কৰিছে। ইয়াক কেন্দ্ৰ কৰি সম্প্ৰতি ৰাজ্যখনত চলিছে বহু বিতৰ্ক তথা সাম্প্ৰদায়িক ৰাজনীতিৰ মহাৰণ। আজিৰ এই লাঞ্চিত, বঞ্চিত, অৱহেলিত কলংকিত জাতিক সময়ৰ সোঁতত বিভিন্ন জনে বিভিন্ন নামকৰণেৰে পূৰ্ব-বংগীয় লোকসকলক সম্বোধন কৰি আহিছে৷

Read More »

নাস্তিক Ayub Ali Sarma, ,ভাৰতীয় ধৰ্ম নিৰপেক্ষতা আৰু নাস্তিক্যবাদ || Mohibul Mondal

✍ মহিবুল মণ্ডল নাস্তিক আয়ুব আলী শৰ্মা! ২০২১ চনত এগৰাকী অখ্যাত লেখকৰ পৰা এটি চৰ্চিত মুখ হিচাপে বিভিন্ন সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত ব্যাপক ভাবে প্ৰচাৰ হোৱা দেখা যায় সেয়া বিতৰ্কই হওক অথবা সমালোচনাই হওক। ২০২১ চনৰ ৩৩ তম গুৱাহাটী গ্ৰন্থমেলাত পাঠক ৰাইজৰ বিশেষ সমাদৰ লাভ কৰিছিল আয়ুব আলী শৰ্মাৰ “নাস্তিকৰ জেল ডায়েৰী” নামৰ কিতাপখনে। সেই সময়ত দেখা গৈছিল এগৰাকী নাস্তিকৰ জেল যাত্রা আৰু জেলৰ ভিতৰৰ অভিজ্ঞতা জানিবলৈ বহু লোকে গ্ৰন্থমেলাৰ কিতাপৰ বিপণী সমূহত “নাস্তিকৰ জেল ডায়েৰী”নামৰ কিতাপখন সংগ্ৰহ কৰা। উল্লেখ্য যে, বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ যুৱক আয়ুব আলী শৰ্মা। “আয়ুব আলী শৰ্মা” অৰ্থাৎ দুটাকৈ উপাধি, “আলী” আৰু “শৰ্মা”। প্ৰথমে আমি বুজি লওঁ “আয়ুব আলী শৰ্মা”ৰ নামৰ পিছত থকা “আলী” আৰু “শৰ্মা”

Read More »

অনন্য প্ৰতিভা কুমাৰী কাছেমা খাতুন : এক জিলিঙনি

ছফিক্ উজ জামান (দুলাল) গৈছিলোঁ চাবলৈ, ২০ আৰু ২১ মে’ ১৯৯৫ চনত একাদশ বাৰ্ষিক অবিভক্ত গোৱালপাৰা জিলা সাহিত্য সভাৰ অধিবেশন, দক্ষিণ শালমাৰাত অনুষ্ঠিত হৈছিল। সভাখনত গৈ অসমৰ বহুতো প্ৰথিতযশা সাহিত্যিকক ওচৰৰ পৰা দেখাৰ বা তেখেত সকলৰ কথা শুনাৰ সৌভাগ্য হৈছিল। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসমৰ ঘৰে ঘৰে পৰিচিত নাম সাহিত্যিক শ্ৰীযুত হিতেশ ডেকা মহোদয়কো লগ পাইছিলোঁ। সেই সভাখনত লগ পোৱা সকলৰ ভিতৰত ৫(পাঁচ)গৰাকী বিশিষ্ট ব্যক্তিৰ নাম আজিও পাহৰিব পৰা নাই, সেই কেইগৰাকী হ’ল শ্ৰীযুত হিতেশ ডেকা, আব্দুল গফুৰ,দীনবন্ধু ডেকা,নৃপেন্দ্র নাথ ডিহিদাৰ আৰু কুমাৰী কাছেমা খাতুন। আটাইতকৈ ব্যস্ত আৰু সভাক সাফল্যমণ্ডিত কৰাৰ ক্ষেত্রত অধিক তৎপৰ হৈ থকা যেন দেখা গৈছিল আব্দুল গফুৰ,দীনবন্ধু ডেকা আৰু কাছেমা খাতুনক। সেই সভা চলি

Read More »

২১ৰ নিৰ্বাচনত বিজেপিৰ অৱস্থা অগপ-জনতা দলতকৈয়ো বেয়া হ’ব : খগেন কলিতা প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক

প্ৰতিদিন টাইমৰ মুখ্য কাৰ্যবাহী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক খগেন কলিতাৰ কংগ্ৰেছত যোগদান গুৱাহাটী :সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন, অকণ বৰাকে ধৰি অন্য জ্যেষ্ঠ নেতৃত্বৰ উপস্থিতিত কলিতাই দলটোত যোগদান কৰে। কংগ্ৰেছত যোগদান কৰিয়েই বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে খগেন কলিতা। যোগদান অনুষ্ঠানত ভাষণ প্ৰদান কৰি কলিতাই কয় ‘আজি সমগ্ৰ দেশ আৰু ইয়াৰ জনতা কংসৰ কাৰাগাৰত বন্দী হৈছে। ভাৰতৰ গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষ চৰিত্ৰ এই সকলোবোৰ বিজেপিয়ে টানি-আজুৰি নি কংসৰ কাৰাগাৰত সোমোৱাই দিছে।‘ ‘সেয়েহে দেশক ভালপোৱা প্ৰত্যেকগৰাকী লোকে কংগ্ৰেছত যোগদান কৰি কৰ্মী হোৱাটো প্ৰয়োজনীয়। মই এই অনুভৱ কৰিয়েই কংগ্ৰেছত যোগদান কৰিবলৈ আগবাঢ়ি আহিছো।‘ কলিতাই লগতে কয় -কলিতাৰ মতে ‘২০১৬

Read More »

এছ আই কেলেংকাৰি সন্দৰ্ভত পুনৰ দুজনক গ্ৰেপ্তাৰ চিআইডিৰ

ডিব্ৰুগড় : এছ আই কেলেংকাৰি সন্দৰ্ভত পুনৰ দুজনক গ্ৰেপ্তাৰ চিআইডিৰ৷  ডিব্ৰুগড়ত গ্ৰেপ্তাৰ প্ৰিয়নাথ গগৈ ওৰফে জিণ্টু গগৈক আৰু  বৰপথাৰত গ্ৰেপ্তাৰ দিলীপ গগৈ নামৰ যুৱকজনক৷ জানিব পৰা মতে এছআই কেলেংকাৰীৰ মূল নায়ক পি কে দত্তক দুয়োজনে ধন দিয়াৰ অভিযোগ উত্থাপিত হৈছে৷ ইতিমধ্যে দুয়োজনকে গুৱাহাটীৰ চিআইডি কাৰ্যালয়লৈ আনি থকা হৈছে৷ দুয়োজনকে কেলেংকাৰীৰ সন্দৰ্ভত জেৰা চলাব চিআইডিয়ে৷ আনহাতে, ৭ বছৰৰ ভিতৰতেই দ্বিবন ডেকা কোটিপতি হৈ পৰাৰ লগতে ২৮ বছৰৰ চাকৰি কালত পি কে হৈছিল কেইবাশ কোটিৰ মালিক৷ এই সন্দৰ্ভত ইডিয়ে তদন্ত কৰিব প্ৰাক্তন ডিজিপি পি কে দত্ত আৰু বিজেপি পালিনেতা দ্বিবন ডেকাৰ সম্পত্তি৷ পি কে দত্ত আৰু দ্বিবন ডেকাৰ সম্পত্তিৰ তালিকা প্ৰস্তুত সম্পূৰ্ণ ইডিৰ৷  শীঘ্ৰেই ইডিয়ে অভিযান চলাব দিবন আৰু পি কেৰ সম্পত্তিত৷ 

Read More »

বিটিএডিৰ ৰাজনীতি : এক চমু অৱলোকন

@ জাহিদুল ইছলাম মিৰ্ধা বিটিএডি তথা বিটিআৰ অঞ্চলত সম্প্ৰতি ৰাজনৈতিক বতাহ প্ৰবলভাৱে বলিবলৈ লৈছে ৷ ইতিমধ্যে বিগত ১৭ বছৰে শাসন কৰা বিপিএফ আৰু নৱগঠিত আঞ্চলিক দল ইউপিপিএলৰ লগতে অন্যান্য ৰাজনৈতিক দলবোৰেও নিৰ্বাচনী কুচকাৱাজ অব্যাহত ৰাখিছে ৷ উল্লেখ কৰা ভাল যে নিৰ্বাচন আয়োগে বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন বাৰ ঘোষণা কৰিছিল ৷ যোৱা ৪ এপ্ৰিলতে বিটিচিৰ নিৰ্বাচনৰ তাৰিখ আছিল ৷ সেইমতে সকলো দলৰে প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াও সমাপ্ত হৈছিল ৷ কিন্তু বিশ্বজুৰি ভয়াবহ ৰূপ ধাৰণ কৰা কৰোনা মহামাৰীৰ বাবে সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰাৰ লগে লগে নিৰ্বাচন আয়োগেও বিটিচিৰ নিৰ্বাচন অনিৰ্দিষ্ট কাললৈ স্থগিত ঘোষণা কৰে ৷ তাৰ পাছতো নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে আৰু ৰাজনৈতিক দলবোৰে ভিতৰি ভিতৰি নিজ নিজ প্ৰচাৰকাৰ্য চলায়েই আছে

Read More »

ধুমাৰ পাথাৰৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথতঃ জলসম্পদ বিভাগক ভূয়সী প্ৰশংসা

বিভাগীয় তৎপৰতাত অৱশেষত ধুমাৰ পাথাৰৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথতঃ জলসম্পদ বিভাগক ভূয়সী প্ৰশংসা ৰাইজ তথা দল-সংগঠনৰ শ্বহিদুল ইছলাম : বজালী মহকুমাৰ অন্তৰ্গত ১১৫ নং ধুমাৰ পাথাৰৰ সু মাজেৰে বৈ যোৱা ৰূপহী নদীৰ মথাউৰী খন প্ৰায় সুদীৰ্ঘ চল্লিছ বছৰৰ পৰা মাজে-মাজে ছিঙি আছিল। বিশেষকৈ উল্লেখ কৰিব লাগিব চেংলিমাৰীৰ পৰা হলংবাৰীলৈ যোৱা এটা অশংত আৰু চেংলিমাৰীৰ পৰা পানপাৰালৈ যোৱা এটি অংশ ছিঙি থকাত কৃষিৰ পৰা আৰম্ভ কৰি যাতায়তৰ ক্ষেত্ৰত প্ৰায় পোন্ধৰখন গাঁৱৰ ৰাইজে যঁমৰ যাতঁনাত দিন পাৰ কৰি আছিল। বাৰিষাৰ দিনত ৰূপহী নদীৰ বাঢ়নী পানীয়ে ভঙা অংশ দুখনেৰে তিব্ৰ বেগেৰে পানী সোমাই শ-শ বিঘা শষ্য খেতি নষ্ট কৰি আছিল। অনুৰূপ ভাবে ভঙা অংশৰ বাবে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি সকলো জনগণৰ যাতায়তৰ

Read More »