Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 1:10 pm

স্বাস্থ্য

কেতিয়া শেষ হ’ব ক’ৰোনাৰ প্ৰকোপ – ক’লে ৰাষ্ট্ৰপতি ট্ৰাম্পে

নিউয়ৰ্ক : বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ প্ৰকোপৰ পৰা জুলাই মাহৰ শেষলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰ ৰক্ষা পৰিব বুলি প্ৰকাশ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে “বিশ্বজুৰী মহামাৰী ৰূপ লোৱা ক’ৰোনা ভাইৰাছে এতিয়ালৈকে সমগ্ৰ বিশ্বজুৰি হাজাৰ হাজাৰ লোকৰ মৃত্যুৰ ঘটাইছে।  সকলো দেশেই এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ দিনে-নিশাই চেষ্টা চলাই আছে । মোৰ এনে লাগে যে আমেৰিকাই জুলাই মাহৰ শেষলৈকে এই মহামাৰীৰ প্ৰকোপৰ পৰা ৰক্ষা পৰিবলৈ সক্ষম হম।” ইপিনে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে এই ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ আমেৰিকান জনসাধাৰণক সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ইয়াৰ পূৰ্বে ক’ৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ টেষ্ট কৰাইছিল।

Read More »

এনএইছএমৰ কামত সহযোগিতা আগবঢ়াইছে স্বেচ্ছাসেৱী সংস্থাই

শৈক্ষিক জাগৰণৰ লক্ষ্য আশা হেলথ এণ্ড ইডুকেশ্বন ছাৰ্ভিচৰ গুৱাহাটী : অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু এন,এইছ,এম প্ৰকল্প অভিযানত চৰকাৰৰ যি উদ্দেশ্য তাত সহযোগিতা কৰা দেখা গৈছে এটি স্বেচ্ছাসেৱী অনুষ্ঠানে। এই অভিযানত যি মহান উদ্দেশ্য লুকাই আছে তাৰ লগত সংগতি ৰাখি ৰাজ্যখনৰ ইমুৰৰ পৰা সিমুৰলৈ “আশা হেল্থ এণ্ড ইডুকেশ্বন ছাৰ্ভিচ” নামৰ স্বেচ্ছাসেৱী প্ৰতিষ্ঠানে বিভিন্ন পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, আশাকৰ্ম সকলৰ ক্ৰিয়া-কলাপৰ ওপৰত বিভিন্ন প্ৰশিক্ষণ দিয়াৰ লগতে বিভিন্ন ৰোগৰ সজাগতাৰ সৃষ্টি কৰা দেখা গৈছে। লগতে আত্মসহায়ক গোটবিলাকৰ বাবে মহিলা সকলৰ শ্ৰম পদ্ধতিৰ উন্নতি, উৎপাদন বৃদ্ধি আৰু আৰ্থিক শক্তি বিকাশৰ ক্ষেত্ৰত গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰি আহিছে উক্ত প্ৰতিষ্ঠানটোৱে। মনকৰিবলগীয়া যে,ৰাজ্যখনত ইতিমধ্যে মহিলা সৱলীকৰণৰ ক্ষেত্ৰত “আশা হেল্থ এণ্ড ইডুকেশ্বন ছাৰ্ভিচ”য়ে

Read More »

সমগ্র বিশ্বত ৭১,০০০ লোক ক’ৰোনা ভাইৰাছত আক্রান্ত

নতুন দিল্লী : ক’ৰোনা ভাইৰাছৰ সংক্রমণ চীনৰ পৰা বিশ্বৰ বিভিন্ন দেশলৈ সম্প্রসাৰিত হৈছে৷ শেহতীয়া তথ্য মতে চীনত এই ৰোগত সর্বাধিক লোকে প্রাণ হেৰুওৱাৰ বিপৰীতে হুবেই, হংকং, মাকাও, জাপান, ছিংগাপুৰ, থাইলেণ্ড, দক্ষিণ কোৰিয়া, মালয়েছিয়া, টাইৱান, ভিয়েটনাম, জার্মানী, আমেৰিকা আৰু বহু দেশত বহু লোকে প্রাণ হেৰুৱাইছে৷ বিশ্ব স্বাস্থ্য সংস্থাই চি অ’ ভি আই ডি–১৯ নাম দিয়া এই ৰোগত এতিয়ালৈকে চীনত ১৭৭০জনে প্রাণ হেৰুৱাইছে আৰু আক্রান্ত হৈছে ৭০,৫৪৮জন৷ ইয়াৰে সৰহসংখ্যক ঘটনা হুবেই প্রদেশত সংঘটিত হৈছে৷ চীনৰ উপৰি হংকং, জাপান, টাইৱান, আমেৰিকা, ফ্রান্স, ফিলিপাইনছত এজনকৈ লোকে প্রাণ হেৰুৱাইছে৷ সমগ্র বিশ্বৰ ২৮খন ৰাষ্ট্রত ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ বহু লোক চিকিৎসাধীন হৈ আছে৷

Read More »

মৃত্কৰ সংখ্যা ১৩০লৈ বৃদ্ধি : ক’ৰোনা ভাইৰাছক ‘চয়তান’ আখ্যা জিনপিঙৰ

বেইজিঙ : চীনৰ পৰা বিশ্বজুৰি বিস্তাৰ ঘটা ক’ৰোনা ভাইৰাছত এতিয়ালৈকে ১৩০গৰাকীতকৈ অধিক লোকৰ মৃত্যু হৈছে৷ বেইজিঙত চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীৰ সৈতে হোৱা বৈঠকত উল্লেখ কৰিছে যে ভাইৰাছবিধক প্রতিৰোধ কৰাৰ বাবে যুদ্ধকালীন প্রক্রিয়া চলাই থকা হৈছে৷ লক্ষণীয়ভাৱে প্রায় ১৫খন দেশলৈ বিস্তাৰ ঘটিছে এই ভাইৰাছৰ৷ ঝি জিনপিঙে এই ভাইৰাছবিধক ‘চয়তান’ আখ্যা দি কৈছে যে ইয়াক যিকোনো প্রকাৰে প্রতিৰোধ কৰিবই লাগিব৷  উল্লেখনীয় যে, বিভিন্ন বিদেশী ৰাষ্ট্রই নিজৰ নাগৰিকক চীনৰ পৰা ওভতাই নিয়াৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ পাঁচ সহস্রাধিক লোক বর্তমান চিকিৎসাধীন হৈছে চীনকে ধৰি অন্যান্য দেশবোৰত৷ এই ভাইৰাছবিধৰ সংক্রমণে বিশ্বজুৰি আতংকৰ সৃষ্টি কৰাৰ সময়তে আমেৰিকাই চীনলৈ বিমানৰ উৰণ বন্ধ কৰিছে৷ ভাৰত, জাপান, জার্মানীকে ধৰি বিভিন্ন দেশে চীনৰ পৰা ওভতা যাত্রীসকলৰ

Read More »

ভাৰত পালেহি মাৰাত্মক কেৰোণা ভাইৰাছ

নতুন দিল্লী : ভাৰত পালেহি মাৰাত্মক কেৰোণা ভাইৰাছ।মুম্বাইত দুজনকৈ সংক্ৰমিত লোকক কস্তুৰবা হাস্পতালৰ ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে। চীনৰ পৰা উভতি অহা লোক দুজন কোৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে।  কোৰোণা ভাইৰাছে ভাৰততো সংক্ৰমণ কৰাক লৈ এতিয়া আতংকৰ সৃষ্টি হৈছে। কোৰোণা ভাইৰাছৰ সংক্ৰমণ হ’লে প্ৰথম ব্যক্তিজনে উশাহ লওঁতে কষ্ট পায়, ডিঙিৰ বিষ, কাঁহ আৰু জ্বৰ হয়। কোৰোণা ভাইৰাছৰ সংক্ৰমণ আঁতৰাই ৰাখিবলৈ হাস্পতালত পৃথক ৱাৰ্ডৰ ব্যৱস্থা কৰা হৈছে।

Read More »

গুৱাহাটীত নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ উদ্যোগত ৰক্তদান শিবিৰ সম্পন্ন

গুৱাহাটী : গুৱাহাটীৰ নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ উদ্যোগত অলপতে এক স্বেচ্ছামূলক ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়। ইণ্ডিয়ান ৰে’লৱে কেটাৰিং এণ্ড ট্যুৰিজম কৰ্প’ৰেশ্যন (গুৱাহাটী)ৰ সহযোগত প্ৰতিষ্ঠানটোৰেই গুৱাহাটীৰ আমবাৰীস্থিত কাৰ্যালয় চৌহদত অনুষ্ঠিত এই ৰক্তদান শিবিৰত প্ৰতিষ্ঠানটোৰ প্ৰায় ৫০ গৰাকী কৰ্মীয়ে ৰক্তদান কৰে। উল্লেক্য যে বিশ্ব ৰক্তদান দিৱসৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। ৰক্তদানৰ মহত্ব, গুৰুত্ব তথা এই কাৰ্যৰ দ্বাৰা ৰক্তদাঁতাই যে আনৰ জীৱন ৰক্ষা কৰাৰ লগতে নিজৰ স্বাস্থ্যকো সুস্থ কৰি ৰাখিব পাৰি তাৰেই সজাগতা ৰখাৰ উদ্দেশ্যে এই ৰক্তদান কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। নাৰায়া পাৰস্পেচিয়েলিটি হাস্পতালৰ এই উদ্যোগ সন্দৰ্ভত চিকিৎসালয়খনৰ ব্লাড বেংকৰ মূৰব্বী ডাঃ হীৰকজ্যোতি ডেকাই কয়, “সুৰক্ষিত ৰক্তৰ অভাৱ বা প্ৰয়োজনীয়তা সদায়েই থাকে, আৰু এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এনে

Read More »

মাৰাত্মক নিপা ভাইৰাছৰ সন্ধান অসমত : ইণ্ডিয়ান জার্নাল অৱ মেডিকেল ৰিছাৰ্চত ভয়াৱহ তথ্য

গুৱাহাটী ব্যুৰ’ : অসমত প্রাণঘাতী নিপা ভাইৰাছৰ ‘প্রাকৃতিক ভঁৰাল’ৰ সন্ধান লাভ কৰিছে বিজ্ঞানীসকলে। নিপা ভাইৰাছে অলপতে কেৰালাত কমেও ১৭জন লােক প্রাণ কাঢ়ি নিয়া বাতৰিৰ আতংক মাৰ নৌযাওঁতেই ইণ্ডিয়ান জার্নাল অব মেডিকেল ৰিছাৰ্চৰ সদ্যপ্রকাশিত সংস্কৰণত এই বিস্ফোৰক বাতৰি পৰিৱেশন কৰা হৈছে। জার্নালখনত কোৱা হৈছে যে অসমৰ ধুবুৰী জিলাত নিপা ভাইৰাছ বহন কৰা একাধিক ফলাহাৰী বাদুলীৰ (টেৰপাছ জাইগেণ্টিয়াছ) মাৰাত্মক নিপা ভাইৰাছৰ ‘প্রাকৃতিক ভঁৰাল’ অসমৰ ধুবুৰী বুলি সন্ধান লাভ কৰিছে পুনেস্থিত নেচনেল ইনষ্টিটিউট অৱ ভাইৰল’জীৰ বিজ্ঞানীসকলে। লক্ষণীয়ভাৱে দেশৰ ভিতৰত নিপা ভাইৰাছৰ ‘প্রাকৃতিক ভঁৰালৰ এয়াই হৈছে প্রথম আৱিষ্কাৰ। প্রতিবেদনত উল্লেখ কৰা মতে অসম আৰু পশ্চিমবংগৰ বন বিভাগৰ অনুমতি মর্মে অলপতে বিজ্ঞানীসকলে অসমৰ ধুবুৰী, পশ্চিমবংগৰ কোচবিহাৰ আৰু জলপাইগুৰিৰ বিভিন্ন অঞ্চলৰ পৰা মুঠ ১০৭টা ফলাহাৰী বাদুলী

Read More »

লােকসভা নির্বাচনৰ টোপ : ৫০ কোটি ভাৰতীয় স্বাস্থ্য বীমাৰে সাঙোৰাৰ লক্ষ্যৰে আয়ুষ্মান ভাৰত আঁচনি

নতুন দিল্লী : অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া লােকসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি এনডিএ চৰকাৰে দেশৰ প্রায় ৫০ কোটি নাগৰিকক স্বাস্থ্য বীমাৰে সাঙুৰি লােৱাৰ অভিলাষী প্রকল্প হাতত লৈছে। বিগত বাজেট অধিৱেশনত ঘােষিত এই অভিলাষী আঁচনিখন অহা ১৫ আগষ্টত দেশৰ স্বাধীনতা দিৱসৰ দিনাই প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে দক্ষিণ আমেৰিকাৰ মুঠ জনসংখ্যাতকৈও অধিক লােকক স্বাস্থ্য বীমাৰ সৈতে সাঙুৰি ল’বলগীয়া ‘আয়ুষ্মান ভাৰত’ শীর্ষক এই আঁচনিখন হ’ল বিশ্বৰ সর্ববৃহৎ স্বাস্থ্য বীমা আঁচনি। কংগ্ৰেছৰ নেতৃত্বত মােদীৰ বিৰুদ্ধে গঠন হ’বলগীয়া বিৰােধীৰ মহাজোঁট প্রতিহত কৰিবলৈ এনডিএ চৰকাৰে এই আঁচনিখন সঠিকভাৱে ৰূপায়ণ কৰিবলৈ ইতিমধ্যে যাৱতীয় ব্যৱস্থা অব্যাহত ৰাখিছে। বিশেষকৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আৰু স্বাস্থ্য বীমা কোম্পানীসমূহৰ সৈতে চুক্তিবদ্ধ হােৱাৰ চুড়ান্ত পর্যায় পূর্ণগতিত চলি

Read More »

আন্তর্জাতিক নিচাযুক্ত দ্রব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰােধী দিৱস উদযাপন

কোকৰাঝাৰত আন্তঃৰাষ্ট্ৰীয় নিচা বিৰোধী দিৱস পালন : শিক্ষাৰ্থীসকলে নিচা জাতীয় সামগ্ৰী সেৱন কৰাৰ বিৰুদ্ধে প্ৰশাসনক সহযোগ কৰিবলৈ আহ্বান কোকৰাঝাৰ/গুৱাহাটী : আজি ২৬ জুন৷ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় নিচা বিৰোধী দিৱস। এই দিনটো আজি বিশ্বৰ বিভিন্ন প্ৰান্তত পালন কৰা দৰেই বি টি চিৰ প্ৰানকেন্দ্ৰ কোকৰাঝাৰতো পালন কৰিছে জিলা আৰক্ষী-প্ৰশাসনে। কোকৰাঝাৰ সদৰ চহৰস্থিত আৰক্ষী থানাৰ চৌহদৰ পৰা উলিয়াই এটি সজাগতামূলক সমদল। সজাগতামুলক সমদলটি আৰক্ষীৰ পতাকা জোকাৰি উদ্ধোধন কৰি দিয়ে উপ আৰক্ষী অধীক্ষক টাবুৰাম পেগু, সহযোগি আৰক্ষী অধীক্ষক (নিৰাপত্তা) কমল কুমাৰ গুপ্তাই। কোকৰাঝাৰৰ সকলো আৰক্ষী জোৱানৰ লগতে আৰ এন বি অসামৰিক চিকিৎসালয়ৰ বহু সংখ্যক নাৰ্চেও হাতে হাতে নিচা জাতীয় দ্ৰব্য সেৱন কৰা পৰা দূৰত থাকক, নিচা এৰক নিৰোগী হঁওক আদি শ্লোগানৰ ফেষ্টুন, বেনাৰ, প্লেকাৰ্ড লৈ

Read More »