Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 6:48 am

স্বাস্থ্য
Sangbad Prahari

Topcem Cement | টপচেম চিমেন্টেৰ উদ্যোগত চকুৰ ছানি পৰা অস্ত্রোপচাৰ আৰু চকু পৰীক্ষা শিবিৰ

  গুৱাহাটী, ৩১ জানুৱাৰী, ২০২৫: উত্তৰ পূব ভাৰতৰ এক অগ্রনী চিমেন্ট ব্রেন্ড টপচেম চিমেন্টে তেওঁলোকৰ বিনামূলীয়া ৮ম সংখ্যক চকু ছানি পৰা অস্ত্রোপচাৰ আৰু চকু পৰীক্ষা শিবিৰ আয়োজন কৰে। এই ক্ষেত্রত আই ডাক্তর্চ-এন আই ক্লিনিক এণ্ড চাৰ্জাৰী চেন্টাৰ, গুৱাহাটী, সহযোগী হিচাপে আছে। এই পদক্ষেপে নূন্যতম সেৱাৰ পৰা বঞ্চিত জনসমুদায়ৰ লোকক সুলভ চকু যত্ন সেবা প্রদান কৰা, চকুৰ সুস্থ দৃষ্টিশক্তি বৃদ্ধি কৰা আৰু জীৱন যাপনৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত টপচেম চিমেন্টৰ প্রতিশ্রুতি সমৃদ্ধ কৰে। ২০২৫ চনৰ ১ ফেব্ৰুৱাৰী পৰা ১৫ টা দিনৰ ভিতৰতে এই বিশেষ শিবিৰে দৰঙ, ওদালগুৰি, বৰপেটা আৰু কামৰূপ জিলাত ব্যাপক গ্রামীণ চকু স্ক্রীনিং ব্যৱস্থা অনুষ্ঠিত কৰিব। বিশেষজ্ঞসকলে চকুৰ বিভিন্ন স্থিতিৰ প্রায় ২৫০ গৰাকী ৰোগীৰ পৰীক্ষা কৰিব, য’ত চকুৰ ছানি

Read More »

ক’ভিড পজিটিভ হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল ৱিজ

আম্বালা : পৰীক্ষামূলকভাৱে ক’ভিড প্ৰতিষেধক লোৱাৰ পাছতো ক’ভিড পজিটিভ চিনাক্ত হ’ল হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল ৱিজ। এই বাতৰি পোহৰলৈ অহাৰ পাছত আন এক প্ৰশ্ন চিহ্নৰ সৃষ্টি হ’ব পাৰে দেশত পৰীক্ষা চলাই থকা ক’ভিড প্ৰতিষেধকক লৈ। শনিবাৰে পুৱা গৃহমন্ত্ৰী ৱিজে টুইটযোগে তেওঁ ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ কথা সদৰী কৰিছে। ৬৭বছৰীয়া ৱিজক আম্বালাৰ চিভিল হাস্পতালত ভৰ্তি কৰোঁৱা হৈছে আৰু তেওঁ নিজৰ সংস্পৰ্শলৈ অহা লোকসকলক পৰীক্ষা কৰোঁৱাবলৈ আহ্বান জনাইছে। উল্লেখ্য যে, ২০ নৱেম্বৰত হাৰিয়ানাৰ গৃহমন্ত্ৰীগৰাকীয়ে ভাৰত বায়’টেকে পৰীক্ষা চলাই থকা কোভাক্সিন প্ৰতিষেধকৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ অংশ হিচাপে এপালি প্ৰতিষেধক গ্ৰহণ কৰিছিল। তেওঁ নিজকে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা ৰাজ্যখনৰ প্ৰথমজন স্বেচ্ছাসেৱক বুলিও দাবী কৰিছিল। পিছে প্ৰতিষেধক গ্ৰহণৰ পাছতো তেওঁ কৰ’নাত আক্ৰান্ত হোৱাটোৱে প্ৰতিষেধকবিধৰ কাৰ্যকাৰীতাৰ ওপৰত

Read More »

দ্ৰুত অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য

সকলো ভগৱানৰ ওপৰত নিৰ্ভৰ কৰিবঃ মন্ত্ৰী হিমন্ত দ্ৰুত অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য। সোমবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ ল’বলৈ পত্নী, কন্যা আৰু পুত্ৰৰ সৈতে গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত উপস্থিত হ’ল স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পিছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘তৰুণ গগৈৰ স্বাস্থ্য এতিয়া ব্যাপক অৱনতি ঘটিছে। তেওঁ এতিয়া সম্পৰ্ণ লাইফ চাপৰ্টোত আছে। কেইবাটাও অংগ ইতিমধ্যে বিকল হৈ পৰিছে। কিছু পৰিমাণে সংকেত পাই আছে মগজুৱে। পেচ মেকাৰ লগোৱাৰ বাবে হাৰ্টে কিছু কাম কৰি আছে। এই মুহূৰ্তত আৰু চিকিত্‍সকৰ হাতত একো নাই। ভৱগানেই এতিয়া শেষ ভৰসা।’ মন্ত্ৰী হিমন্ত বিশ্বৰ মতে, ‘বৰ্তমান তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা অতি শোচনীয়। এনে মুহূৰ্তৰ পৰা ঘূৰাই আনিবলৈ কেৱল

Read More »

ফেব্ৰুৱাৰিৰ ভিতৰত দেশৰ ১.৩ বিলিয়ন লোক কৰ’নাৰ দ্বাৰা আক্ৰান্ত হ’ব

 অহা ফেব্ৰুৱাৰিৰ ভিতৰত দেশৰ ৫০শতাংশ লোকেই আক্ৰান্ত হ’ব কৰ’নাত! অহা বছৰৰ ফেব্ৰুৱাৰি মাহৰ ভিতৰত দেশৰ ৫০শতাংশ লোকেই কৰ’নাত আক্ৰান্ত হ’ব। কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত পেনেলে দাঙি ধৰিছে এই মত।সোমবাৰে পেনেলৰ সদস্যসকলে জানিবলৈ দিয়ে যে অহা ফেব্ৰুৱাৰিৰ ভিতৰত দেশৰ ১.৩ বিলিয়ন লোক কৰ’নাৰ দ্বাৰা আক্ৰান্ত হ’ব। বৰ্তমানলৈ দেশৰ মুঠ ৭.৫৫মিলিয়ন লোক কৰ’নাত আক্ৰান্ত হৈছে। আক্ৰান্তৰ মুঠ সংখ্যাৰ হিচাপত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছতেই আছে ভাৰত।পেনেলে দাবী কৰা অনুসৰি, এতিয়ালৈকে দেশ ৩০ শতাংশ লোক কৰ’নাত আক্ৰান্ত হৈছে। অহা ফেব্ৰুৱাৰিত এই হাৰ ৫০শতাঁশলৈ বৃদ্ধি পাব।পেনেলে লগতে জানিবলৈ দিয়া মতে চৰকাৰী ছেৰ’লজিকেল জৰীপতকৈয়ো দ্ৰুত গতিত সংক্ৰমিত হৈছে কৰ’না। চৰকাৰৰ ছেৰ’লজিকেল ছাৰ্ভে অনুসৰি ছেপ্টেম্বৰলৈকে মাত্ৰ ১৪শতাংশহে আক্ৰান্ত হৈছে। ইপিনে, এই পেনেলে সতৰ্ক কৰি দি কৈছে যে চৰকাৰী নিয়ম-নীতি

Read More »

Covid19 ক লৈ হেতালি চিকিৎসা কৰ্মচাৰীৰ

লংকা:ফৰমাৰপাৰ গাওঁপঞ্চায়তত দেখাগল এক অনুৰূপ দৃশ্য৷ফৰমাৰপাৰ গাওঁ পঞ্চায়তত বুধবাৰে covid test কৰা হয় আৰু এজন ব্যক্তিক covid positive ধৰা পৰাৰ পিছত ব্যক্তিগৰাকীক Covid centerত লৈ যোৱা হয় ৷কিন্তু ৰোগীয়ে বহা চকী  আৰু Covid ত ব্যৱহাৰ কৰা ঔষধৰ আৱৰ্জনা ঠাইতে পেলাই থৈ যায় ৷ উল্লেখ্য যে গাওঁ পঞ্চায়তত এটা আধাৰ কাৰ্ডৰ চেন্টাৰ আছে৷ যত বহুলোকৰ আগমন হয়৷ তেনেস্থলত মহামাৰীৰ কৰুনাক লৈ চলা হেমাহি কিমান গ্ৰহণযোগ্য ?  মনকৰিবলগীয়া যে পঞ্চায়তখনত ডাঙৰকৈ আৰি থোৱা  বেনাৰত লিখা ” মুকলিত মলত্যাগ মুক্ত গাওঁপঞ্চায়ত ফৰমাৰপাৰ লৈ আপোনালোকক স্বাগতম “বাক্যশাৰীৰ এয়া নেকি বাস্তৱ প্ৰতিছবি ?

Read More »

‘সেৱা সপ্তাহ’ : GMCH ত বিশেষ অনুষ্ঠান, স্বাস্থ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

 গুৱাহাটী : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM)ৰ এক অনুষ্ঠান। বেংগালুৰু, কলকাতাৰ সমান্তৰালভাৱে গুৱাহাটীটো অনুষ্ঠিত হয় স্বাস্থ্য অভিযানৰ অনুষ্ঠান। এই অনুষ্ঠানত মুঠ ৭০টা শিশুক প্ৰদান কৰিব হৃদ ৰোগৰ চিকিৎসা আৰু ‘ব’ন মেৰু’ । এই অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পীয়ুষ হাজৰিকা আদি।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সেৱা সপ্তাহৰ অংশ এই হিচাপে আয়োজন কৰা হৈছিল এই অনুষ্ঠান। ‘স্নেহস্পৰ্শ’ আঁচনিৰ অন্তৰ্গত ৬টি শিশুক বোন মেৰু সংৰোপন কৰা হ’ল এই কাৰ্যসূচীৰ জৰিয়তে। ইয়াৰ ভিতৰত ২০টা বেংগালুৰু, ১৫টা কলকাতা আৰু গুৱাহাটীৰ ৩৫টা শিশুৰ বিভিন্ন ৰোগৰ অস্ত্ৰোপচাৰ কৰা হ’ব। তদুপৰি কিডনী, লিভাৰৰ ৰোগত আক্ৰান্ত যিসকল শিশুৱে ধনৰ অভাৱত চিকিৎসা লাভ কৰা নাই তেওঁলোকক

Read More »

আকৌ চিকিত্‍সালয়ত ভৰ্তি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কিছুদিন পূৰ্বে অমিত শ্বাহৰ কোৰোণা ৰিপৰ্টকলৈ দেশজুৰি বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। আকৌ হাস্পতালত ভৰ্তি হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দিল্লীৰ এইমছৰ পৰা যোৱা ৩১ আগষ্টত কোৰোণা চিকিত্‍সাৰ অন্তত অমিত শ্বাহক ৰিলিজ দিয়া হৈছিল। কিন্তু আকৌ স্বাস্থ্য অৱনতি ঘটাত শনিবাৰে নিশা ১১ বজাত নাগাদ হাস্পতালত ভৰ্তি কৰোৱা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক। উল্লেখযোগ্য যে,  কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাৰ পিছত চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছিল। স্বাধীনতা দিৱসৰ আগদিনা ৰিপৰ্ট নিগেটিভ অহাত চিকিত্‍সালয়ৰ পৰা ঘৰলৈ উভতি যাবলৈ দিয়া হয় গৃহমন্ত্ৰীগৰাকীক। কিন্তু আকৌ শাৰীৰিক ভাবে অসুস্থ হৈ পৰাত যোৱা ১৭ আগষ্টত পুনৰ চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছিল। কিছুদিন পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কোৰোণা ৰিপৰ্টকলৈ দেশজুৰি বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। অমিত শ্বাহৰ স্বাস্থ্যৰ আপডেট সন্দৰ্ভত টুইট কৰিছিল

Read More »

পূৰ্বৰ দৰে দুৰ্গা পূজা আয়োজন কৰিলে হ’ব বিপদ!

 এইবাৰ উদযাপন কৰিব পৰা হ’বনে দুৰ্গা পূজা? অক্টোবৰত পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা মন্ত্ৰী হিমন্তৰ পূৰ্বৰ দৰে দুৰ্গা পূজা আয়োজন কৰিলে হ’ব বিপদ! শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন। পিছে এইবাৰ আগৰ দৰে উদযাপন কৰিব পৰা হ’বনে দুৰ্গা পূজা? শনিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত কৰিলে বিশেষ মন্তব্য। ৰাজ্যত নিতৌ বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যত এই পৰ্যন্ত কোভিডত মৃত্যু হ’ল ৪৩০  গৰাকীৰ ৷  আগষ্ট মাহত ৬৮ হাজাৰ লোক আক্ৰান্ত হৈছিল কোৰোণাত। কিন্তু আগষ্ট মাহতকৈও ছেপ্তেম্বৰ মাহত কোৰোণাত আক্ৰান্তৰ সংখ্যা ভয়ংকৰ গতিত বাঢ়িছে। ছেপ্তেম্বৰ মাহত এই পৰ্যন্ত ২৯ হাজাৰ লোকৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি। গতিকে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ শাৰদীয় দুৰ্গা পূজা

Read More »

কাগজ কলৰ সন্দৰ্ভত পীযুষ হাজৰিকাৰ মন্তব্য- ‘মই কাগজ কলটোৰ বাবে প্ৰতিদিনাই লাগি আছো।

 কাগজ কলৰ সন্দৰ্ভত পীযুষ হাজৰিকাৰ মন্তব্য- ‘মই কাগজ কলটোৰ বাবে প্ৰতিদিনাই লাগি আছো। বহু উদ্যোগ পতিক কাগজ কলটোৰ বিষয়ে অনুৰোধ কৰিছো তেওঁলোকে আহি চাই গৈছে। কিন্তু কাৰিকৰী আৰু শ্ৰমিকক দিবলগীয়া হৈ থকা বৃহৎ ধনৰ বাবে গা পাতি লোৱা নাই কোনোৱে। কাগজ কলৰ কৰ্মচাৰীৰ বিপদে আপদে মই তেওঁলোকৰ লগত আছো।’ শনিবাৰে মৰিগাঁও জিলা বিজেপিৰ কাৰ্যনিৰ্বাহকত উপস্থিত হয় ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীৰ পীয়ুষ হাজৰিকা। মন্ত্ৰী হাজৰিকাই বিজেপিৰ কাৰ্যনিৰ্বাহকত উপস্থিত হৈ কোৰোনাৰ বাবে সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰে। সাংবাদিকৰ আগত তেওঁ কয় যে, কোভিড-১৯ৰ ৰোগীৰ বাবে আই.চি.ইউ আৰু সাধাৰণ  বিচনা সকলো আছে। আনহাতে, কোভিড-১৯ত আক্ৰান্ত জটিল ৰোগীৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত প্ৰতিদিনাই খালী হৈছে ৫০-৬০খনকৈ বিচনা। আৰু আই.চি.ইউ. খালী নাই বুলি

Read More »

কৰ’না : যুৱকৰ আত্মহত্যা

গুৱাহাটী : এতিয়া দেশত কৰ’নাৰ আতংক।আতংকই মানুহৰ মাজত মানসিক অৱসাদৰ ৰূপ লৈছে।বুধবাৰে ছফদৰজং হাস্পতালৰ ৭মহলাৰ পৰা কৰ’নাত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা এজন যুৱকে জপিয়াই আত্মহত্যা কৰে। চৰণজিত সিং নামৰ ৩৫বছৰীয়া যুৱকজনক বুধবাৰে নিশা ৯বজাত ছফদৰজং হাস্পতাললৈ অনা হৈছিল।এয়াৰ ইণ্ডিয়াৰ ফ্লাইটেৰে অষ্ট্ৰেলিয়াৰ ছিডনীৰ পৰা উভতা যুৱকজনক কৰ’না আক্ৰান্ত হোৱাৰ লক্ষণ পাই ছফদৰজং হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল।

Read More »