Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 3:53 am

শিক্ষা-শিক্ষানুষ্ঠান

Shaima Naushin’s achievements in NEET exam | নীট পৰীক্ষাত শ্বাইমা নৌশ্বিনৰ কৃতিত্ব

 গুৱাহাটীঃ মঙলবাৰে ঘোষণা কৰা ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা চমুকৈ নীটত ৬৫৮ নম্বৰ লাভ কৰি উজ্বলি উঠিল শ্বাইমা নৌশ্বিন। গুৱাহাটীৰ এলেনত কোচিং কৰি প্ৰথমবাৰতেই এই কৃতিত্ব অৰ্জন কৰে ছাত্ৰীগৰাকীয়ে। উল্লেখ্য যে শ্বাইমা নৌশ্বিনে ছাউথ পইণ্ট স্কুলৰ পৰা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত আটাইকেইটা বিষয়ত লেটাৰসহ 92.4 শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ সপোন পুহি ৰখা শ্বাইমা নৌশ্বিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্বাহজাহান আলী আৰু গুৱাহাটীৰ হাতীগাঁও হাইস্কুলৰ শিক্ষয়িত্ৰী আছফিয়া আহমেদৰ ডাঙৰ জীয়ৰী। শ্বাইমা নৌশ্বিনৰ এই ফলাফলত শিক্ষা প্ৰতিষ্ঠানৰ লগতে অঞ্চলবাসীয়েও উৎফুল্লিত হৈ পৰাৰ লগতে বিভিন্নজনে অভিনন্দন জনাইছে।

Read More »

ছেবা-শিক্ষা সংসদক বিলুপ্ত কৰি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ গঠন | SEBA | AHSEC

ৰাজ্যৰ দুই জাতীয় অনুষ্ঠান ক্রমে অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা) আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ বিলুপ্ত কৰি অসম চৰকাৰে গঠন কৰিব অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ। বৃহস্পতিবাৰে দিছপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটৰ পিচতেই অনুষ্ঠিত এখন সংবাদমেলত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে এতিয়াৰে পৰা ছেবা আৰু শিক্ষা সংসদ নাথাকিব। দুয়োটা অনুষ্ঠানকে একত্ৰীকৰণ কৰি অসম চৰকাৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ গঠন কৰিব বিচাৰিছে। আনহাতে অহা বছৰৰ ৫ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে এই কেবিনেটে সিদ্ধান্ত লয়। কেবিনেটে ৰাজ্যৰ দহখন জিলাত থকা মিচিং জনগোষ্ঠীৰ লোকসকলৰ জাতীয় উৎসৱ ‘আলি-আয়ে লৃগাঙত চৰকাৰী বন্ধ দিয়াৰ সিদ্ধান্ত লয়। দীৰ্ঘদিন ধৰি মিচিং জনগোষ্ঠীৰ

Read More »

APSC Result || জামুগুৰিহাটৰ তিনি গৰাকী পৰিক্ষাৰ্থীৰ সাফল্য

অসম লোকসেৱা আয়োগৰ পৰীক্ষা সমূহ স্বচ্ছ আৰু নিকা হোৱাৰ বাবে গাঁৱ অঞ্চলৰ প্ৰকৃত মেধা সম্পন্ন শিক্ষাৰ্থী সকলে এই পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত চতিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ তিনি গৰাকীকৈ শিক্ষাৰ্থীয়ে লোক সেৱা আয়োগৰ এই পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হৈ সমগ্ৰ নদুৱাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰা প্ৰাৰ্থী সকল ক্ৰমে উত্তৰ জামুগুৰি ধলাইবিলৰ ৰাজেশ ৰাজবংশী; চৈবাৰীৰ ব্যৱসায়ী ৰিন্টু বৰুৱা আৰু স্বপ্নালী বৰুৱাৰ কন্যা চাইকীন্দা বৰুৱা 81 ৰেংক আৰু জামুগুৰিহাটৰ খাদৈচুক নিৱাসী যগেশ্বৰ নাথ আৰু মিনতি দেবীৰ সন্তান প্লাৱন নাথে 49ৰেংকৰে সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সৰুৰে পৰা মেধাসম্পন্ন এই সকল পৰিক্ষাৰ্থীক

Read More »

• এডুকেচন ৱৰ্ল্ডৰ সমীক্ষাত দিল্লীৰে দুখন চৰকাৰী স্কুলৰ প্ৰথম আৰু দ্বিতীয় স্থান দখল

· অৰবিন্দ কেজৰিৱালৰ আন এক কৃতিত্ব · এডুকেচন ৱৰ্ল্ডৰ সমীক্ষাত দিল্লীৰে দুখন চৰকাৰী স্কুলৰ প্ৰথম আৰু দ্বিতীয় স্থান দখল · শীৰ্ষত স্থান নাপালে অসম, গুজৰাটে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন দিল্লী চৰকাৰে লাভ কৰিলে অন্যতম সফলতা। দেশৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ শিক্ষা ব্যৱস্থাক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হৈছে চৰ্চা। দিল্লীৰ দুখনকৈ চৰকাৰী বিদ্যালয়ে এডুকেচন ৱৰ্ল্ডয়ে প্ৰকাশ কৰা ৰেংকিঙত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিদ্যালয় আৰু শিক্ষা বিভাগক এই চমকপ্ৰদ সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে। কেজৰিৱালে এটা টুইটত কয়, ‘আমাৰ এডুকেচন টীমক লৈ আমি গৌৰৱান্বিত। আকৌ এবাৰ দিল্লী চৰকাৰী বিদ্যালয়ে ভাৰতৰ ৰাজ্য চৰকাৰসমূহৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে ই ডব্লিউৱে প্ৰকাশ কৰা ৰেংকিঙত

Read More »

ABACUS- ভেটাপাৰা এবাকাছ চেণ্টাৰৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস সম্পন্ন

গুৱাহাটী : ধৈৰ্য, চেষ্টা আৰু প্ৰৱল ইচ্ছা শক্তিয়ে যে মানুহৰ জীৱনলৈ সফলতা আনিব পাৰে তাকেই যেন আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱালে জিতু ডেকা আৰু জিপি বৰা নামৰ দম্পত্তীহালে৷ ২০১৮ চনত মাত্ৰ এজন ছাত্ৰৰে গুৱাহাটীৰ ভেটাপাৰা অঞ্চলত আৰম্ভ কৰা এবাকাছ চেণ্টাৰটোত বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰায় দুশগৰাকী৷ এবাকাছৰ কৌশলে শিশুসকলক পঢ়া-শুনা, মনযোগ আদি কৰি সকলো দিশতে মন-মগজু সক্ৰিয় কৰি তোলে৷ তাৰোপৰি গণিতক সহজ কৰি তুলিবলৈ কৰা প্ৰয়াসে কোমলীয়া ছাত্ৰ-ছাত্ৰীক গণিতৰ প্ৰতি থকা ভয় দূৰ কৰাতো সক্ষম হৈছে৷ ভেটাপাৰা এবাকাছ চেণ্টাৰৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস যোৱা ২৯ মে’ত ভেটাপাৰা দুৰ্গা মন্দিৰ প্ৰাঙ্গনত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়৷ উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি ‘প্ৰিয় বন্ধু’ৰ প্ৰতিষ্ঠাপক অৰ্চনা বৰঠাকুৰে শিশুৰ বিকাশত পৰিৱেশ আৰু অভিভাৱকৰ দায়িত্বৰ প্ৰতি

Read More »

Nellie Secondary School- জুুয়ে পোৰা নেলীত পোহৰৰ ৰেঙণি

ছৈয়দ বুলবুল জামানুৰ হক নেলী বুলি ক’লেই ১৯৮৩ৰ জুয়ে পোৰা নেলীক বুজায়৷ নেলীৰ আন এটি অভিশপ্ত পৰিচয় হ’ল বানে ধোৱা নেলী৷ অসমীয়া ৱিকিপিডিয়াৰ তথ্য অনুসৰি ১৯৮৩ চনত ১৮ ফেব্ৰুৱাৰীৰ দিনা অসমৰ নগাঁও জিলাৰ নেলীত ছঘণ্টা জুৰি চলা এক হত্যালীলাত ২,১৯১ জন লোকৰ প্ৰাণ হানি হৈছিল৷ (বেচৰকাৰী সূত্ৰৰ মতে এই সংখ্যা প্ৰায় ১০,০০০)। আক্ৰান্ত ১৪ খন গাঁও আছিল আলিসিংহ, খোলাপথাৰ, বসুন্ধাৰী, বুগডুবা বিল, বুগডুবা হাবি, বৰজলা, বুতুনী, ইন্দুৰমাৰী, মাটি পৰ্বত, মুলাধাৰী, মাটি পৰ্বত নং ৮, শিলভেটা, বৰবুৰী আৰু নেলী। এক সূত্ৰই আক্ৰান্তসকলৰ বেছিভাগেই অসমলৈ বাংলাদেশৰ পৰা প্ৰবজন কৰা মুছলমান সম্প্ৰদায়ৰ লোক আছিল বুলি দাবী কৰিলেও মূলতঃ সংখ্যালঘূ সম্প্ৰদায়ৰ লোকক পৰিকল্পিতভাৱে বিদেশী আখ্যা দি এই গণহত্যা সংঘটিত কৰা হৈছিল৷ এই ঘটনাৰ তদন্ত

Read More »

চি বি এছ ই, আই আই টি, জে ই ই পৰীক্ষা স্থগিত

গুৱাহাটী : দেশজুৰি কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধিৰ পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে চিবিএছইৰ সকলো শৈক্ষিক প্ৰতিষ্ঠানক চলি থকা পৰীক্ষা ৩১ মাৰ্চলৈ স্থগিত ৰখাৰ নিৰ্দেশ দিছে।কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশৰ পিছতে চিবিএছই–এ দশম আৰু দ্বাদশ শ্ৰেণীৰ চলি থকা পৰীক্ষাসমূহ ৩১ মাৰ্চলৈ স্থগিত ৰাখিছে।কেন্দ্ৰীয় মানৱ সংশাধন বিকাশ মন্ত্ৰণালয়ৰ ৰাষ্ট্রীয় পৰীক্ষণ এজেন্সীয়ে আই আই টি, ইঞ্জিনিয়াৰিং কলেজৰ প্ৰৱেশ পৰীক্ষা ‘জে ই ই’ স্থগিত ৰাখিছে।পৰীক্ষাৰ নতুন তাৰিখ পিছত নিৰ্ধাৰণ কৰা হ’ব।

Read More »

হাইস্কুল শিক্ষান্ত পৰীক্ষাত নকল কৰি বহিস্কৃত ২৩

গুৱাহাটী : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথমদিনটোতে নকল কৰি বিভিন্ন কেন্দ্ৰৰ পৰা বাহিৰ হ’ল ২৩ জনকৈ ছাত্ৰ-ছাত্ৰী। ধুবুৰীৰ চাপৰৰ বহলপুৰৰ ৰায়ঝৰা উচ্চতৰ মাধ্যমিক কেন্দ্ৰৰ আৰু শালকোচা উচ্চতৰ মাধ্যমিক কেন্দ্ৰত নকল কৰি বহিস্কৃত হ’ল ১৭ জনকৈ ছাত্ৰ-ছাত্ৰী। ইফালে, প্ৰথম দিনটোতেই হাইলাকান্দিৰ পৰীক্ষা কেন্দ্ৰৰ পৰা ৫ জন আৰু গোলাঘাটৰ এটা পৰীক্ষা কেন্দ্ৰৰ পৰা এজন ছাত্ৰক নকল কৰাৰ বাবে বাহিৰ কৰা হয়।

Read More »

পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল ‘ভিলেজ ৰকষ্টাৰ্ছ’

গুৱাহাটী : ৰাজ্যবাসীলৈ এক সুখবৰ। সপ্তম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল ৰীমা দাসৰ অস্কাৰ মনোনীত ছবি ভিলেজ ৰকষ্টাৰ্ছৰ কথা। এতিয়াৰ পৰা অসমৰ শিক্ষাৰ্থীয়ে সপ্তম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ পাঠ্যক্ৰমত পঢ়িবলৈ পাব ভিলেজ ৰকষ্টাৰ্ছৰ বিষয়ে। ৰাজ্য চৰকাৰৰ এই পদক্ষেপত ধন্যবাদ জ্ঞাপন কৰিছে ৰীমা দাসৰ মাতৃয়ে। এখন গীটাৰ, আৰু এই গীটাৰখনৰে ৰকষ্টাৰ্ছ হোৱাৰ সপোন দেখা ধুনু অৰ্থাৎ অন্যতম অভিনেত্ৰী ভনিতা দাসে কয় যে শিক্ষা সংসদৰ এই সিদ্ধান্তত যথেষ্ঠ আনন্দিত হৈছো, চিনেমাখনক লৈ ৰাজ্য চৰকাৰে এনে পদক্ষেপ লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো।

Read More »