Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 1:33 am

লোকসভা নিৰ্বাচন ২০১৯

হীৰা শৰণীয়া “মতা নে মাইকী”: হাগ্ৰামা মহিলাৰী

বৰপেটাৰোডত কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাল, অতুল বৰা নজৰুল আলী আহমেদ, বৰপেটাৰোড : বৰপেটাৰোড মিনি ষ্টেডিয়াম প্ৰাঙ্গণত বিজেপিৰ মিত্ৰজোঁটৰ বিপিএফৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ হৈ বিজয়ী সংকল্প সমাৰোহ অনুষ্ঠানৰ আয়োজন কৰে। সভাত সাংসদ বিশ্বজিৎ দৈমাৰীৰ উদ্ভোধনী ভাষণেৰে সভাৰ কাম আৰম্ভ কৰা হয়। সভাখনত সকলোৰে আকাঙ্খিত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উপস্থিত থাকি ভাষণ প্ৰসংগত কোকৰাঝাৰ লোকসভা সমষ্টিৰ বড়ো-অবড়ো সংকীর্ণ ৰাজনীতিক উৎখাত কৰিবলৈ ৰাইজক আহ্বান জনায়। কাৰণ সংবিধানৰ কোনো পাততেই এই বড়ো-অবড়ো, বাঙালী-অবাঙালী শব্দ নাই, এয়া কেৱল নৱ কুমাৰ শৰণীয়াৰ সংকীর্ণ ৰাজনীতিহে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৱকা সাথ সৱকা বিকাশৰ গৌৰভ কৰি কংগ্ৰেছৰ সুদীর্ঘ সময় জুৰি ৰাজনীতিৰ ফলত নোহোৱা উন্নয়ন

Read More »

২৩ মে’ত মোদীৰাজৰ পতন হোৱাটো নিশ্চিত

ডিব্ৰুগড় : প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীক চৰম প্রতাৰণা কৰিলে৷ লোক সভাৰ বিগত নির্বাচনৰ পূর্বে দিয়া এটাও প্রতিশ্রুতি পালন নকৰিলে নৰেন্দ্র মোদীয়ে৷ মিছা প্রচাৰ আৰু ফুলজাৰী মৰা কথাৰে মোদীয়ে ভাৰতীয়ক বিপথে পৰিচালিত কৰিলে৷ ভাৰতীয়ই নিজ প্রধানমন্ত্রীক চকীদাৰ হোৱাটো কামনা নকৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী যদি চকীদাৰেই হয় তেন্তে বিজেপি দল যোৱা পাঁচটা বছৰত ইমান ধনী হ’ল কেনেকৈ? চকীদাৰৰ চোৰৰ লগত সম্বন্ধ থাকিলেহে এয়া সম্ভৱ৷ অহা ২৩ মে’ত ভাৰতবর্ষত মোদীৰাজ পতন হোৱাটো নিশ্চিত৷ এই ভাষ্য অসমৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ৷ টিংখং গান্ধী ময়দানত টিংখং ব্লক কংগ্রেছৰ উদ্যোগত আজি আয়োজিত কংগ্রেছৰ এক নির্বাচনী সভাত অংশগ্রহণ কৰি প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে এনেদৰে কয়৷ ডিব্রুগড় লোক সভা সমষ্টিৰ কংগ্রেছ প্রার্থী পৱন সিং ঘাটোৱাৰৰ হৈ নির্বাচনী প্রচাৰ চলাবলৈ আহি

Read More »

‘ম্যে ভি চকীদাৰ’ৰ প্ৰত্যুত্তৰত কংগ্ৰেছৰ ‘ম্যে ভি বেৰোজগাৰ’

ৱেব সংবাদ : ‘ম্যে ভি চকীদাৰ’ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই বিজেপিয়ে আৰম্ভ কৰিছিল ‘ম্যে ভি চকীদাৰ’ শীৰ্ষক এক শ্ল’গান। নামৰ আগত এই অভিধা দেশবাসীক লিখিবলৈ কৈ দলটোৰ প্ৰতি সমৰ্থন জনাবলৈ মোডীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল কেইবা লক্ষাধিক লোকে। খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েই ছ’চিয়েল মিডিয়াত নামৰ আগত ‘ম্যে ভি চকীদাৰ’ ব্যৱহাৰ কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপিৰ নেতা, কৰ্মী সকলোৱে লিখিছিল ‘ম্যে ভি চকীদাৰ’। মোডীৰ এই ‘চকীদাৰ’ শীৰ্ষক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰা আহ্বানৰ প্ৰতি কংগ্ৰেছে আৰম্ভ কৰিছে আন এক প্ৰতিআহ্বান। ‘চকীদাৰেই চোৰ’ শ্ল’গানেৰে মোডীক আক্ৰমণ কৰাৰ পাছত যুৱ কংগ্ৰেছে আৰম্ভ কৰিছে ‘ম্যে ভি বেৰোজগাৰ’ শীৰ্ষক এক অভিযান।ইতিমধ্যে ছ’চিয়েল মিডিয়াত কংগ্ৰেছৰ এই প্ৰত্যুত্তৰ ব্যাপক হাৰত জনপ্ৰিয়তা লাভ

Read More »

সাম্প্ৰদায়িক শক্তি, ইয়াৰ সহযোগীসকলক পৰাস্ত কৰাৰ আহ্বান বিটিএডি নাগৰিক অধিকাৰ মঞ্চৰ

ভাৰতীয় সংবিধান, গণতান্ত্ৰিক প্ৰমূল্য ৰক্ষাৰ সংগ্ৰাম ২০১৯ৰ নিৰ্বাচন কাজলগাওঁ : ভাৰতীয় সংবিধান, গণতান্ত্ৰিক প্ৰমূল্যবোধ ৰক্ষাৰ সংগ্ৰাম ২০১৯ চনৰ নিৰ্বাচন। সেয়েহে সংবিধান, গণতান্ত্ৰিক প্ৰমূল্যবোধ, সংখ্যালঘু, জনজাতীয় তথা নিম্নবৰ্গীয় সমাজৰ অধিকাৰ, ক্ষুদ্ৰ জাতিসত্বাসমূহৰ অধিকাৰ সুৰক্ষিত ৰাখিবলৈ বিজেপি তথা ইয়াৰ সহযোগীসকলক পৰাজিত কৰিবলৈ আহ্বান জনাইছে বিটিএডি নাগৰিক অধিকাৰ মঞ্চই। এক বিবৃতিত মঞ্চৰ সভাপতি জমশ্বেৰ আলি আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক আজিজুৰ ৰহমানে কোকৰাঝাৰ লোকসভা সমষ্টিৰ লগতে বিটিএডিৰ সংলগ্ন ধুবুৰী, বৰপেটা আৰু মঙ্গলদৈ সমষ্টিৰ নিৰ্বাচনত বিজেপি আৰু ইয়াৰ মিত্ৰ দল তথা সম্ভ্ৰব্য মিত্ৰ হব পৰা যিকোনো প্ৰাৰ্থীক পৰাজিত কৰি ধৰ্মনিৰপেক্ষ দলৰ প্ৰাৰ্থীক বিজয়ী কৰিবলৈ এক বিবৃতিযোগে আহ্বান জনায়। বিবৃতিটোত কোৱা হয় যে – বিটিএডি নাগৰিক অধিকাৰ মঞ্চ বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মী, অৰাজনৈতিক সংগঠনৰ সমৰ্থক আৰু

Read More »

নিৰ্বাচনত কেব-বিৰোধী স্থিতি গ্ৰহণ কৰিব অসমীয়া সাহিত্য সন্মিলনীয়ে

‘‘সাম্প্ৰতিক সময়ত অসমৰ সামাজিক-সাংস্কৃতিক পৰিৱেশ সুখজনক নহয়। ৰাইজৰ মাজত শংকা-সংশয়ৰ সৃষ্টি হৈছে। চেপা অনিশ্চয়তা আছে।’’ এই মন্তব্য অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতি লোকনাথ গোস্বামীৰ। আজি নগাঁও নেহৰু যুৱ কেন্দ্ৰত আয়োজিত এক সংবাদ মেলত এই মন্তব্য কৰি গোস্বামীয়ে কয়, ‘‘অসমীয়া সাহিত্য সন্মিলনীয়ে ৰাইজৰ মাজত আস্থাৰ ভাব জগাই তুলিবলৈ প্ৰয়াস কৰি আহিছে।  সন্মিলনীৰ মূল উদ্দেশ্যটোৱেই হৈছে মানুহৰ মাজত নিশ্চয়তা-আশাবাদ গঢ়ি তোলা। সৃষ্টিশীল কামৰ মাজেৰে সুস্থ পৰিৱেশ গঢ়ি তোলাৰ বাবে সন্মিলনীয়ে চেষ্টা অব্যাহত ৰাখিছে আৰু এই চেষ্টা অনাগত সময়তো অব্যাহত ৰাখিব।’’ সম্প্ৰতি অসমৰ সমাজ জীৱনলৈ বিভিন্ন ক্ষেত্রৰ পৰা ভয়-ভাবুকিৰ অহাৰ কথা উল্লেখ কৰি গোস্বামীয়ে কয়, ‘‘অসমীয়া জাতিৰ আৱেগ- অনুভূতিৰ প্ৰতি বিভিন্ন পক্ষৰ পৰা ভয়-ভাবুকি আহিছে। আমি সকলোৱে ইয়াক প্ৰতিহত কৰিব লাগিব। ইয়াৰ বাবে অসমীয়া

Read More »

কংগ্ৰেছক মুকলি সমৰ্থন অবড়ো সুৰক্ষা সমিতিৰ

কোকৰাঝাৰত হীৰা শৰণীয়া অন্তিম ৪নং স্থানত থাকিব আৰু ইউজি ব্ৰহ্ম ম্যাদ উকলা টেবলেট হাউলী : বৰপেটাৰ হাউলীত অনুষ্ঠিত অবড়ো সুৰক্ষা সমিতিৰ সভাত গৃহীত হ’ল এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ অবড়ো সুৰক্ষা সমিতিৰ নেতৃত্বই আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলক লৈ আজি বৰপেটাৰ হাউলীত লোকসভা নিৰ্বাচনত অবড়োৰ স্থিতি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে অনুষ্ঠিত কৰিছিল এই সভাখন৷ ৰাজ্যৰ এগৰাকী প্ৰাক্তন মন্ত্ৰী জ্যেষ্ঠ ৰাজনীতিক পদম বাহাদুৰ চৌহানেও অংশগ্ৰহন কৰা এই সভাখনত অবড়ো নেতাসকলৰ সৰ্ব সন্মত সিদ্ধান্ত অনুসৰি নৱ শৰনীয়াৰ পৰিৱৰ্তে কোকৰাঝাৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী শব্দ ৰাভাক সমৰ্থন জনোৱাৰ সিদ্ধান্ত লয় অবড়ো সুৰক্ষা সমিতিয়ে৷ অকল কোকৰাঝাৰেই নহয় এইবাৰৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন জনোৱাৰ সিদ্ধান্তও গ্ৰহন কৰে অবড়ো নেতৃত্বই৷ বিশেষকৈ কোকৰাঝাৰ, বৰপেটা, মঙলদৈ আৰু ধুবুৰীত কংগ্ৰেছক জনাব সমৰ্থন অবড়ো

Read More »

প্রথম আৰু দ্বিতীয় পর্যায়ত ৰাজ্যৰ ১০ টা সমষ্টিত মুঠ ৯১ গৰাকী প্রার্থীৰ যুঁজ

লোক সভাৰ প্রথম আৰু দ্বিতীয় পর্যায়ত অনুষ্ঠিত হ’বলগীয়া মুঠ ১০টা সমষ্টিত প্রতিদ্বন্দ্বিতাত নামিছে মুঠ ৯১জন প্রার্থী৷ অহা ১১ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া প্রথম পর্যায়ৰ নির্বাচনত মুঠ ৪১গৰাকীয়ে আৰু ১৮ এপ্রিলত অনুষ্ঠিত দ্বিতীয় পর্যায়ৰ নির্বাচনত প্রতিদ্বন্দ্বিতাত নমা প্রার্থীৰ সংখ্যা হ’ল ৫০গৰাকী৷ দ্বিতীয় পর্যায়ৰ বাবে মনোনয়ন দাখিল কৰা প্রার্থীৰ সংখ্যা আছিল ৬০গৰাকী৷  মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিনটোত মুঠ ৬গৰাকী প্রার্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে৷ কৰিমগঞ্জ সমষ্টিত নির্দলীয় প্রার্থী ক্রমে বুলন শুক্লবৈদ্য, কেশৱ লাল দাস, পুলক মালাকাৰ, সঞ্জয় ৰয়, উত্তম কুমাৰ দাস৷ শিলচৰ সমষ্টিৰ নির্দলীয় প্রার্থী দিলীপ কুমাৰেও মনোনয়ন প্রত্যাহাৰ কৰে৷ নগাঁও, মঙলদৈ আৰু স্বায়ত্তশাসিত জিলাৰ কোনো প্রার্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰা নাই৷ ইফালে তৃতীয় পর্যায়ৰ নির্বাচনৰ অধিসূচনা জাৰি হোৱা কালিৰ প্রথম দিনটোত এ আই ইউ ডি

Read More »

১১, ১৮ আৰু ২৩ এপ্রিলত ৰাজহুৱা বন্ধ ঘোষণা

গুৱাহাটী : তিনিটা পর্যায়ত লোক সভাৰ নির্বাচন অনুষ্ঠিত হ’বলগীয়া দিনকেইটাত সংশ্লিষ্ট জিলাসমূহত ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷ অহা ১১ এপ্রিলত নির্বাচন অনুষ্ঠিত হ’বলগীয়া ১২খন জিলাৰ বাবে ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে৷ আজি দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ নির্বাচন অনুষ্ঠিত হ’বলগীয়া জিলাসমূহত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে৷ ৰাজ্য চৰকাৰৰ নির্দেশনা অনুসৰি ১৮ এপ্রিলত কাছাৰ, দৰং, ডিমা হাছাও, হাইলাকান্দি, হোজাই, কামৰূপ, কার্বি আংলং, কৰিমগঞ্জ, মৰিগাঁও, নগাঁও, নলবাৰী, ওডালগুৰি, আৰু পশ্চিম কার্বি আংলং জিলাক ৰাজহুৱা বন্ধই সামৰি ল’ব৷ তেনেদৰে, অহা ২৩ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পর্যায়ৰ নির্বাচনৰ দিনটোত বাক৲সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, কামৰূপ, কামৰূপ মহানগৰ, কোকৰাঝাৰ, নলবাৰী আৰু দক্ষিণ শালমাৰা জিলাক ৰাজহুৱা বন্ধই সামৰি ল’ব৷ এন আই এক্টৰ

Read More »

ক্রমাৎ বৃদ্ধি পাইছে ন’টাত ভোটদান কৰাৰ প্রৱণতা

সন্মুখত থকা লোক সভাৰ সাধাৰণ নির্বাচনত পূর্বতকৈ অধিক হাৰত ‘নান অব৲ দ্য এব’ভ’ত (ন’টা) ভোট পৰাৰ সম্ভাৱনা আছে৷ অসমতো ভোটাৰৰ মাজত ন’টাত ভোটদান কৰাৰ প্রৱণতা ক্রমাৎ বৃদ্ধি পাইছে৷ যাৰ ফলত তিনিটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া লোক সভাৰ নির্বাচনত ৰাজনৈতিক দল তথা প্রার্থীৰ প্রতি আস্থা হেৰুওৱা ভোটাৰে ন’টাৰ জৰিয়তে নিজৰ মত প্রকাশ কৰাৰ সংখ্যা যে আগতকৈ অধিক হ’ব সেই কথা স্পষ্ট হৈ পৰিছে৷ উল্লেখযোগ্য যে নির্বাচন আয়োগে ভোটাৰক ভোটদানৰ প্রতি আকর্ষিত কৰিবলৈ সজাগতা সৃষ্টি কৰাৰ সমানে ভোটাৰক কোনো ৰাজনৈতিক দল বা প্রার্থীক উপযুক্ত বুলি গণ্য নকৰিলে ইলেকট্রনিক ভোটিং মেচিনত ( ই ভি এম) ন’টা বুটাম টিপি ভোটদান কৰি মত প্রকাশৰ স্বাধীনতাও দিছে৷ অসমত ক্রমাৎ ন’টাত ভোটদান কৰা ভোটাৰৰ সংখ্যা যে বৃদ্ধি পাইছে

Read More »

ববিতা শর্মা, শব্দ ৰাভা, আব্দুল খালেক, আবু তাহেৰ বেপাৰীক প্রার্থিত্ব প্রদান

অৱশেষত সকলো জল্পনা- কল্পনাৰ অন্ত পৰিল৷ এ আই ইউ ডি এফৰ সৈতে কংগ্রেছে গোপনে মিত্রতা কৰা বুলি সর্বত্র প্রচাৰিত হোৱাৰ সময়তে আজি কংগ্রেছে অসমৰ বাকী থকা চাৰিটা লোক সভা সমষ্টিৰ প্রার্থীৰ নাম ঘোষণা কৰিলে৷ সেই অনুসৰি বৰপেটাত আব্দুল খালেকক, ধুবুৰীত আবু তাহেৰ বেপাৰীক, কোকৰাঝাৰত শব্দ ৰাভাক আৰু গুৱাহাটী সমষ্টিত ববিতা শর্মাক দলীয় প্রার্থিত্ব প্রদান কৰা হৈছে৷ প্রণিধানযোগ্য যে তৃতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত হ’ব লগীয়া এই চাৰিটা লোক সভা সমষ্টিৰ প্রার্থী চূড়ান্ত কৰাক লৈ দলটোৰ মাজত সৃষ্টি হৈছিল তীব্র মতানৈক্য৷ যাৰ বাবে বিজেপিয়ে ৰাজ্যৰ সকলো সমষ্টিৰ প্রার্থীৰ নাম ঘোষণা কৰাৰ পাছতো কংগ্রেছে উক্ত চাৰিটা সমষ্টিৰ প্রার্থীৰ নাম ঘোষণা কৰিব পৰা নাছিল৷ প্রচাৰ চলিছিল যে বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন এ আই ইউ ডি

Read More »