Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 1:43 am

ব্যক্তি-ব্যক্তিত্ব

বিশিষ্ট সমাজ কৰ্মী, সমাজপ্রাণ অতুল গোস্বামীৰ দেহা অৱসান || Atul Goswami

বিশিষ্ট সমাজ কৰ্মী, সমাজপ্রাণ অতুল গোস্বামীৰ দেহা অৱসান। ৩১ অক্টোবৰৰ বিয়লি ৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত সমাজ প্ৰাণ অতুল গোস্বামীৰ দেহা অৱসান ঘটে। আজি পুৱা ৯ বজাত দেৰগাঁৱৰ সকলো দল সংগঠনকে ধৰি বিভিন্ন গন্য মান্য ব্যক্তি যে শেষ শ্ৰদ্ধা নিবেদন কৰে। তেওঁ ঐতিহাসিক অসম আন্দোলনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত আছিল। তেখেতে দেৰগাঁও নগৰ সমিতি, বাপুজী মন্দিৰ, নৰেন শৰ্মা স্মৃতি সুৰক্ষা সমিতিকে আদি কৰি শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল। তেখেত ওৰেটো সমাজ জীৱনৰ লগত অৱদান আগবঢ়াই অহাৰ বাবে সমাজ প্ৰাণ উপাধি প্ৰদান কৰা হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। শোকস্তব্ধ দেৰগাঁৱত তেওঁৰ প্ৰতি সন্মান জনাই আজি দেৰগাঁৱৰ সকলো শিক্ষানুষ্ঠান প্ৰতিষ্ঠান, ব্যৱসায় বাণিজ্য এবেলাৰ বাবে বন্ধ ৰখা হয়।

Read More »

লেখিকা,সমাজ সেবিকা,মানব অধিকাৰ কৰ্মী দীপা বৰা দত্ত

গুৱাহাটী : সৰুৰে পৰাই সমাজৰ কাৰণে কিবা এটা কৰাৰ সপোন আছিল। সেয়ে ডিপ্ল’মা ইঞ্জিনিয়াৰ হৈও সমাজৰ কাৰণে কাম কৰাৰ সুবিধা লাভ কৰি বৃহত্তৰ হাতীগাও শাখা লেখিকা সংস্থা সৃষ্টিৰে বহু মহিলাৰ হাতত কলম তুলি দিয়াৰ চেষ্টা কৰে৷ অৰ্ধ আইনী সেচ্ছাসেবক হিচাপে সমাজৰ বহু লাঞ্ছিত-নিপীড়িত মানুহক বিনামূলীয়া আইনী আগবঢ়াই আহিছে।  লক ডাউনৰ সময়তো দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য কাপোৰ কানি আদি বিলোৱাকে আদি কৰি সেইসকলক নিজৰ নিজৰ গৃহলৈ উভতি যোবাতো সহায় আগবঢ়াইছিল। এই ধৰনৰ কামৰ কাৰনেই ভাৰত তিব্বত সহযোগ মঞ্চৰ দ্ধাৰা কৰ’না যোদ্ধাৰ সন্মান পাবলৈ সক্ষম হয়।আৰাধনা নামৰ এটা মহিলা অনুষ্ঠানত প্ৰায় ১৬০ গৰাকী মহিলালৈ অসমৰ ভিতৰত প্ৰথম মহিলাৰ দ্ধাৰা ঘৰে ঘৰে জাৱৰ উঠোবা কাম ল’বলৈ সক্ষম হয়। নাগৰিক কমিটিকে আদি কৰি বহুতো

Read More »

মোৰ জীৱনত হোমেন বৰগোহাঞি ছাৰৰ পৰা লাভ কৰা একাগ্ৰতাৰ পাঠ

✍ ছফিক্ উজ জামান (দুলাল) গোসাঁইডুবি (গোৱালপাৰা) অসমৰ বৌদ্ধিক জগতৰ দি্গগজ, ভোটাতৰা আছিল হোমেন বৰগোহাঞি ডাঙৰীয়া। যদিও স্বৰ্গীয় হোমেন বৰগোহাঞি দেৱক ওচৰৰ পৰা চোৱাৰ অথবা লগ পোৱাৰ সৌভাগ্য মোৰ হোৱা নাই। তথাপিও অসমীয়া এটি বেচৰকাৰী টিভি চেনেলৰ মাধ্যমেৰে প্রতি দেওবাৰে নিশা সম্প্ৰচাৰিত বিশেষ এক অনুষ্ঠানৰ জৰিয়তে তেখেতক নিয়মিতভাৱে চোৱাৰ সৌভাগ্য হৈছিল। সমাজৰ বিভিন্ন স্তৰৰ কিছু বিশেষ দক্ষ ব্যক্তিৰ সাক্ষাৎকাৰ উপস্থাপন কৰিবলৈ গৈ তেখেতে তেখেতৰ নিজৰ জীৱন আৰু প্রতিভাৰ উমান দিছিল। তাতেই তেখেতক জনাৰ সুবিধা লাভ কৰিছিলোঁ। মৃদুভাষী আৰু ওঁঠত লুকুৱা হাঁহি, মানুহজনৰ ব্যক্তিত্বই প্ৰভাৱিত কৰে। ইয়াৰ ওপৰিও তেখেতৰ ৰচিত বিভিন্ন কিতাপ পঢ়াৰ ফলত মই নিজে ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যেন জীৱনৰ এক নতুন দুৱাৰ খোলখোৱা বুলি। অনন্য প্রতিভাৰ অধিকাৰী আছিল তেখেত।

Read More »