ৰৈ গ’ল আৰু…., মুখ্যমন্ত্ৰী হৈ গ’ল হিমন্ত বিশ্ব শৰ্মা
সৰ্বানন্দ সনোৱাল? নে হিমন্ত বিশ্ব শৰ্মা ? কোন অসমৰ মুখ্যমন্ত্ৰী ? এয়া কোনো পৰীক্ষাৰ প্ৰশ্নকাকতৰ প্ৰশ্ন নহয় । কিন্তু কিয় আমি উত্থাপন কৰিছো এই প্ৰশ্ন? কাৰণ ৰৈ গ’ল আৰু…., মুখ্যমন্ত্ৰী হৈ গ’ল হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ বিগত দিনৰ কাৰ্য্যকালত বহুত নেতাই মুখ্যমন্ত্ৰী হিচাপে হিমন্তৰ নাম উচ্চাৰণ কৰা দেখা গৈছে । কেতিয়াবা যদি সাংসদ পল্লৱ লোচনৰ মুখত, কেতিয়াবা আকৌ মন্ত্ৰী পিয়ূজ হাজৰিকা মূখত শুনা গৈছিল অসমৰ মুখ্যমন্ত্ৰী হেনো হিমন্ত বিশ্ব শৰ্মা । এই বাৰ আকৌ একেই ভুল কৰা দেখা গল সদ্য নিৰ্বাচিত বিটিচি প্ৰধান প্ৰমোদ বড়োক । বিটিচিৰ শপত গ্ৰহণ অনুষ্ঠানত নিজৰ বক্তব্যৰ মাজতে জিভা পিছল খালে নতুন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ। নিজৰ ভাষণত বিজেপি নেতৃত্বাধীন চৰকাৰক প্ৰশংসা কৰিবলৈ গৈ