Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 6:49 am

ফলাফল

Shaima Naushin’s achievements in NEET exam | নীট পৰীক্ষাত শ্বাইমা নৌশ্বিনৰ কৃতিত্ব

 গুৱাহাটীঃ মঙলবাৰে ঘোষণা কৰা ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা চমুকৈ নীটত ৬৫৮ নম্বৰ লাভ কৰি উজ্বলি উঠিল শ্বাইমা নৌশ্বিন। গুৱাহাটীৰ এলেনত কোচিং কৰি প্ৰথমবাৰতেই এই কৃতিত্ব অৰ্জন কৰে ছাত্ৰীগৰাকীয়ে। উল্লেখ্য যে শ্বাইমা নৌশ্বিনে ছাউথ পইণ্ট স্কুলৰ পৰা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত আটাইকেইটা বিষয়ত লেটাৰসহ 92.4 শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ সপোন পুহি ৰখা শ্বাইমা নৌশ্বিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্বাহজাহান আলী আৰু গুৱাহাটীৰ হাতীগাঁও হাইস্কুলৰ শিক্ষয়িত্ৰী আছফিয়া আহমেদৰ ডাঙৰ জীয়ৰী। শ্বাইমা নৌশ্বিনৰ এই ফলাফলত শিক্ষা প্ৰতিষ্ঠানৰ লগতে অঞ্চলবাসীয়েও উৎফুল্লিত হৈ পৰাৰ লগতে বিভিন্নজনে অভিনন্দন জনাইছে।

Read More »

APSC Result || জামুগুৰিহাটৰ তিনি গৰাকী পৰিক্ষাৰ্থীৰ সাফল্য

অসম লোকসেৱা আয়োগৰ পৰীক্ষা সমূহ স্বচ্ছ আৰু নিকা হোৱাৰ বাবে গাঁৱ অঞ্চলৰ প্ৰকৃত মেধা সম্পন্ন শিক্ষাৰ্থী সকলে এই পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত চতিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ তিনি গৰাকীকৈ শিক্ষাৰ্থীয়ে লোক সেৱা আয়োগৰ এই পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হৈ সমগ্ৰ নদুৱাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰা প্ৰাৰ্থী সকল ক্ৰমে উত্তৰ জামুগুৰি ধলাইবিলৰ ৰাজেশ ৰাজবংশী; চৈবাৰীৰ ব্যৱসায়ী ৰিন্টু বৰুৱা আৰু স্বপ্নালী বৰুৱাৰ কন্যা চাইকীন্দা বৰুৱা 81 ৰেংক আৰু জামুগুৰিহাটৰ খাদৈচুক নিৱাসী যগেশ্বৰ নাথ আৰু মিনতি দেবীৰ সন্তান প্লাৱন নাথে 49ৰেংকৰে সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সৰুৰে পৰা মেধাসম্পন্ন এই সকল পৰিক্ষাৰ্থীক

Read More »