Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 1:09 pm

প্ৰকৃতি

Asteroid 388945: আইফেল টাৱাৰতকৈ ডাঙৰ এটা গ্ৰহাণু আহি আছে

আইফেল টাৱাৰতকৈ ডাঙৰ এটা গ্ৰহাণু আহি আছে! পৃথিৱীৰ মাটি স্পৰ্শ কৰাটো বিপদজনক, নাছাই কয় – গ্ৰহাণু-388945-য়ে ২০২০ চনৰ মে মাহত পৃথিৱীৰ কাষ চাপিছিল। সেই সময়ত পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব আছিল ১.৭ নিযুত মাইল। পুনৰায় এটা ডাঙৰ গ্ৰহাণু 388945 পৃথিৱীৰ ওচৰলৈ আহিছে। নাছাই এইটোৱেই সতৰ্ক কৰি দিছে। নাছাৰ মতে, গ্ৰহাণুটো ১৬ মে’ৰ আবেলি প্ৰায় ২:৪৮ বজাত পৃথিৱীৰ আটাইতকৈ ওচৰত থাকিব। এই গ্ৰহাণুটো পৃথিৱীৰ কাষেৰে ওলাই যাব। 1,608 ফুট ৰ গ্ৰহাণুটো পেৰিছৰ আইফেল টাৱাৰ আৰু ষ্টেচু অফ লিবাৰ্টিতকৈ ডাঙৰ। নাছা কৰ্তৃপক্ষৰ মতে, যদি গ্ৰহাণুটোৱে পৃথিৱীৰ মাটি স্পৰ্শ কৰে, ই এক ডাঙৰ বিপদৰ সৃষ্টি কৰিব পাৰে। নাছাৰ মহাকাশ বিজ্ঞানীসকলে অনুমান কৰিছে যে গ্ৰহাণুটো পৃথিৱীৰ পৰা প্ৰায় ২.৫ নিযুত মাইল দূৰত্বৰে পাৰ হৈ যাব। এই দূৰত্ব

Read More »

পলাশ শিমলুৰ ৰঙা ফুলৰ মাজত অপৰূপা মানাহ

পলাশ শিমলুৰ ৰঙা ফুলৰ মাজত অপৰূপা মানাহ৷ মানাহৰ মনোমোহা পৰিবেশে হাতবাউলি মাতিছে পৰ্যটকক৷ ফাগুন মানে প্ৰেম প্ৰেম গোন্ধোৱা এটা উশাহ৷ ফাগুন মানে পলাশ শিমলুৰ ৰঙাৰ সতে ৰঙীয়াল হ’ব পৰা এটা উন্মাদনা৷ এই ফাগুনে কঢ়িয়াই আনে হাঁহি, কঢ়িয়াই আনে সুখ৷ এই দৃশ্য মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ৷ গছে বিৰিখে ডাল ভৰি ফুলিছে ফাগুনৰ ফুল৷ যেনিয়ে চায় তেনিয়ে কেবল ৰঙা ফুলৰ সমাহাৰ৷ পলাশ শিমলুৰ ৰঙা ফুলে যেন হাতবাউলি মাতিছে সকলোকে৷ ৰিব ৰিব বতাহৰ ঢৌত ঋতু পৰিবৰ্তনৰ ইংগিত দি বিৰিখৰ পৰা সৰিছে পাত৷ এক মনোমোহা অপৰূপ সৌন্দৰ্যৰ আকৰ মানাহৰ এই দৃশ্যৰ বাবেই ভিৰ কৰে পৰ্যটকে৷ ভিন্নৰঙী ফুলেৰে এতিয়া জাতিষ্কাৰ মানাহ৷

Read More »

নিশাই ‘নিভাৰ’ প্ৰৱেশ : অঞ্চলজুৰি ব্যাহত হৈ পৰে বিদ্যুৎ সংযোগ

চেন্নাই : বুধবাৰে নিশা সাগৰীয় ঘূৰ্ণী ‘নিভাৰ’ই ঘণ্টাত প্ৰায় ১৩০ কিলোমিটাৰ বেগেৰে তামিলনাডু আৰু পুডুচেৰীত প্ৰৱেশ কৰে৷ ধাৰাষাৰ বৰষুণ আৰু ধুমুহাৰ প্ৰভাৱ দেখিবলৈ পোৱা গ’ল যদিও অধিক পৰিমাণে ক্ষতিসাধন কৰা নাই বুলি জানিব পৰা গৈছে৷ চেন্নাইস্থিত কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে নিভাৰ ধুমুহাৰ প্ৰভাৱত তামিলনাডুকে ধৰি পুডুচেৰীৰ বিস্তীৰ্ণ অঞ্চলত ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছিল৷ নিশা প্ৰায় ২.৩০ বজাত অহা ‘নিভা’ৰ ধুমুহাজাকৰ শক্তি ক্ৰমাৎ কমি আহিছে। ‘নিভাৰ’ প্ৰকোপত চেন্নাই পুডুচেৰীত বিদ্যুৎ সংযোগ ব্যাহত হৈছে৷ ২৫ নৱেম্বৰৰ দিনা ধুমুহাজাকে তামিলনাডুৰ মাল্লাপুৰম অঞ্চল পাৰ হৈ ৰাজ্য খনৰ মূল ভূখণ্ডলৈ ধাৱমান হৈছিল। এই প্ৰাকৃতিক দুৰ্যোগৰ হতে মোকাবিলা কৰাৰ বাবে তামিলনাডুৰ কুডালৰ আৰু চিদাম্বৰম অঞ্চলত ৬ টা এনডিআৰএফ বাহিনীৰ দল সাজু কৰি ৰখা

Read More »

২১ অক্টোবৰত সৰ্বানন্দ সোণোৱালে মুকলি কৰিব বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা : বহু দিনৰ অন্তত ২১অক্টোবৰত দেশী-বিদেশী পৰ্যটকৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিব বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ কৰ’না মহামাৰী আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত বিগত মাৰ্চ মাহৰ পৰাই উদ্যানখন পৰ্যটকৰ বাবে বন্ধ হৈ আছিল৷ কিন্তু বৰ্তমান পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী সকলো ক’ভিড প্ৰটক’ল ৰক্ষা কৰি ২১ অক্টোবৰৰ দিনৰ ১১ বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০২০-২১ পৰ্যটন বৰ্ষৰ বাবে উদ্যানখন মুকলি কৰিব৷ মুখ্যমন্ত্ৰীৰ সৈতে সংগ দিব দুই কেবিনেট মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তৰ লগতে বন বিভাগৰ শীৰ্ষ বিষয়াই৷ এইক্ষেত্ৰত উদ্যান পৰিদৰ্শনৰ বাবে আহিব লগা দেশী-বিদেশী পৰ্যটকে সম্পূৰ্ণ ক’ভিড প্ৰটক’ল ৰক্ষা কৰিহে উদ্যান দৰ্শনৰ বাবে আহিব পাৰিব৷ তাৰোপৰি জীপ ছাফাৰীসমূহেও ক’ভিড প্ৰটক’ল ৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব

Read More »

পৰ্যটকৰ বাবে মুকলি মানাহ ৰাষ্ট্ৰীয় উদ্যান

  গোৱৰ্ধনা : আজি মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়। উদ্যানখনৰ বাঁহবাৰীৰ মুখ্য বনাঞ্চলিক কাৰ্যালয়ৰ দ্বিতীয় প্ৰৱেশদ্বাৰত দিনৰ প্ৰায় ১০:৪৫ বজাত এখনি আড়ম্বৰপূৰ্ণ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক এ. এম সিঙে ৰঙা ফিতা কাটি ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত শালবাৰীৰ মহকুমাধিপতি নিত্য বিনোদ ৱাৰী, প্ৰাক্তন বনাঞ্চলিক বিষয়াদ্বয় ধৰণীধৰ বড়ো আৰু অনিন্দ স্বৰ্গীয়াৰী, বাঁহবাৰীৰ বনাঞ্চলিক বিষয়া বাবুল ব্ৰহ্ম, স্থানীয় আৰক্ষী প্ৰশাসন আৰু বন আৰক্ষী তথা বনকৰ্মী, বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠন তথা এন জি ওৰ কৰ্মকৰ্তা আদি উপস্থিত থাকে। মানাহ মুকলিৰ প্ৰাক্ ক্ষণত ৬৬ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন উপলক্ষে স্থানীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰকৃতিপ্ৰেমী ৰাইজৰ অংশগ্ৰহণেৰে হাতী- মানুহৰ এক বৰ্ণিল শোভাযাত্ৰা উলিওৱা

Read More »

মানাহ উদ্যানৰ বাহবাৰীত বিশ্ব ব্যঘ্ৰ দিৱস উদযাপন

গোৱৰ্ধনা : আজি ২৯ জুলাই৷ প্ৰকৃতিৰ ৰম্যভূমি মানাহ উদ্যানৰ বাহবাৰী বনাঞ্চলিক কাৰ্য্যালয়ত উদযাপন কৰা হয় বিশ্ব ব্যঘ্ৰ দিৱস(Tiger Day)৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত কামেশ্বৰ বসুমতাৰী নামৰ বনকৰ্মী গৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তুক লৈ এটি সুন্দৰ গীত পৰিৱেশন কৰে৷ বনকৰ্মী কামেশ্বৰ বড়োৰ গীতে আপ্লুত কৰে অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিজনক৷ ইয়াৰ পিচতে এই অনুষ্ঠানত উপস্থিত থকা বনবিভাগৰ উচ্চ পদস্ত বিষয়া, বাক্সা জিলা উপায়ুক্ত, বাক্সা জিলা আৰক্ষী অধীক্ষক সহ কেইবা গৰাকী লোকক আৰনাই আৰু ফুলৰ থপাৰে সম্বৰ্ধনা জনোৱা হয়৷ উল্লেখ্য যে মানাহ ৰাষ্ট্ৰীয় উদ্যানত সম্প্ৰতি ৩০ টা বাঘ থকাৰ লগতে ৩৭ টা গড়ঁ আছে৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তু আৰু গছ গছনি কোনো চোৰাং চিকাৰীয়ে ক্ষতি কৰিব নোৱাৰে ইয়াৰ বাবে বনবিভাগৰ প্ৰতিজন কৰ্মীয়ে গুৰুত্ব সহকাৰে সুৰক্ষা

Read More »

বৈবাহিক পৰম্পৰাৰে সম্পন্ন দুজোপা গছৰ বিবাহ

মৰাণৰ পৰা যুগান্ত দিহিঙীয়াৰ সংবাদ: চৰাইদেউ জিলাৰ মৰাণৰ সমীপৱৰ্তী চেঁচাপুখুৰী গাঁৱত শনিবাৰে একেলগে সম্পন্ন হয় দুখনকৈ অগতানুগতিক বিবাহ৷ গাঁৱৰ সকলো ৰাইজে একত্ৰিত হৈ বৈবাহিক পৰম্পৰাৰে সম্পন্ন কৰে দুজোপা গছৰ বিবাহ৷ এই বিবাহক লৈ গাঁওখনত পৰিলক্ষিত হয় উৎসৱমুখৰ পৰিবেশ৷ এজোপা বৰগছৰ দুবৰিৰ সৈতে আৰু এজোপা আহঁতগছৰ তুলসীৰ সৈতে সম্পন্ন কৰা হয় এই বিবাহ৷ সম্পূৰ্ণ বৈবাহিক পৰম্পৰা, পুৰোহিতৰ মন্ত্ৰধ্বনিৰ মাজেৰে সম্পন্ন বিবাহ অনুষ্ঠান৷ চেঁচাপুখুৰী গাঁৱত উখল-মাখল পৰিবেশ৷ অবিশ্বাস্য হ’লেও ৰাইজৰ ধৰ্মীয় বিশ্বাস অনুসৰি বৈদিক পৰম্পৰাৰ মাজেৰে সম্পন্ন কৰা হৈছে বিবাহখন৷ অঞ্চলটোৰ ৰাইজৰ বিশ্বাস বৃক্ষৰ মাজত সম্পন্ন হোৱা এই বিবাহে গাঁৱখনৰ পৰা অপায়-অমংগল দূৰ কৰাৰ লগতে গাঁওবাসীৰ মাজত দেখা দিয়া বিপদ-বিঘিনী, মাৰি-মৰক দূৰ কৰিব৷ বিবাহ সম্পন্ন হোৱা বৰগছজোপাক ভগৱান শিৱ আৰু দুবৰিক পাৰ্বতী

Read More »