ৰাজ্যৰ বৌদ্ধিক ক্ষেত্ৰখন সমৃদ্ধ কৰা গ্ৰন্থ-আলোচনীসমূহ সংৰক্ষণৰ হেতু প্ৰস্তুত কৰা www.assamarchive.org শীৰ্ষক ৱেবছাইট আনুষ্ঠানিকভাৱে উন্মোচন
আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ অধীনত ৰাজ্যৰ বৌদ্ধিক ক্ষেত্ৰখন সমৃদ্ধ কৰা গ্ৰন্থ-আলোচনীসমূহ সংৰক্ষণৰ হেতু প্ৰস্তুত কৰা www.assamarchive.org শীৰ্ষক ৱেবছাইট আনুষ্ঠানিকভাৱে উন্মোচন কৰে। ডিজিটাইজিং অসম প্ৰকল্পৰ অধীনত ১৮১৩ চনৰ পৰা ১৯৭০ চনৰ ভিতৰৰ সকলো বিৰল অসমীয়া কিতাপ- আলোচনীক ডিজিটাইজ কৰি ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰি পৃথিৱীৰ প্ৰতিটো অংশৰ পৰা সহজে উপলব্ধ কৰাৰ ব্যৱস্থা লোৱা হৈছে৷ প্ৰথম অংশ হিচাপে ১৮৪০-১৯৭০ চনৰ ভিতৰৰ সময়ছোৱা সামৰি লোৱা আলোচনীৰ অংশটো সম্পূৰ্ণ কৰিছে৷ অৰুণোদয়ৰ পৰা বাঁহী বা আৱাহানৰ পৰা ৰামধেনুলৈকে ১৬১খন আলোচনীৰ ৩০৭১টা সংখ্যাৰ ২,৪৫,৬৮০খন পৃষ্ঠা ডিজিটাইজ কৰিছে৷ সম্পূৰ্ণ বিনামূলীয়া এই ৱেবছাইটৰ জৰিয়তে সকলো শ্ৰেণীৰ পাঠকৰ অধ্যয়নৰ বাবে নন্দ তালুকদাৰ ফাউণ্ডেশ্যনে অসম জাতীয় বিদ্যালয়