Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 12:19 pm

গ্ৰন্থ উনোমচন

এন এ ৰুবুল মিৰ্জাৰ কাব্য সংকলন‘যেন এক কাৰ্যক্ৰমণিকাৰ তমসা ৰাতি’ উন্মোচন

গুৱাহাটী : উদীয়মান কবি, সংগ্ৰামী যুৱক তথা সমাজ-সেৱক এন এ ৰুবুল মিৰ্জাৰ কাব্য সংকলন ‘যেন এক কাৰ্যক্ৰমণিকাৰ তমসা ৰাতি’ আজি উন্মোচন কৰা হয়৷ অসম সাহিত্য সভা ভৱনত আয়োজন কৰা সংবাদ প্ৰহৰীৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানত বিশিষ্ট অতিথি তথা উন্মোচক হিচাপে অংশগ্ৰহণ কৰি কাব্য সংকলনটি উন্মোচন কৰে কবি কমল কুমাৰ মেধিয়ে৷ মেধিয়ে নিজৰ উন্মোচনী ভাষণত কবিগৰাকীৰ সংগ্ৰামী আৰু সমাজ-সেৱাৰ চেতনাক প্ৰশংসা কৰাৰ লগতে আগলৈ কবিগৰাকীয়ে নিজৰ কলমক আৰু অধিক শক্তিশালী ৰূপত জগাই তুলিব পাৰিব আশা প্ৰকাশ কৰে৷ ইপিনে ছেভ পাব্লিচাৰ্ছৰ দ্বাৰা প্ৰকাশিত এই কাব্যগ্ৰন্থটি বিক্ৰী কৰি পোৱা ধনখিনিৰে দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্কুলীয়া সামগ্ৰী যোগান ধৰিব বুলি উল্লেখ কৰি কবি এন এ ৰুবুল মিৰ্জাই নিজৰ সমাজ সেৱাৰ প্ৰতি থকা দায়ৱদ্ধতা আৰু উদৰতা পুনৰ

Read More »

হাউলীত প্ৰদীপ কুমাৰ দাসৰ পাঁচখন গ্ৰন্থ উন্মোচন

বৰপেটাৰ পৰা সেখ ৰহমত উল্লাহ : সৃষ্টি প্ৰকাশৰ প্ৰকাশিকা মিনাক্ষী দাসে প্ৰকাশ কৰি উলিয়ালে হাউলী হাইস্কুলৰ কৃতি শিক্ষক শ্ৰীপ্ৰদীপ কুমাৰ দাসৰ পাঁচখনকৈ কিতাপ ৷আজি দিনৰ ১০:০০ বজাত হাউলী সাহিত্য সভাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচিত হ’ল এই পাঁচখন কিতাপ৷ কৰোনা মহামাৰীৰ সময়ত নিজকে মনোনিৱেশ কৰি সাহিত্যিক প্ৰদীপ কুমাৰ দাসে ৰচনা কৰি উলিয়ালে ভিন্নধৰ্মী কিতাপবোৰ৷ কিতাপকেইখন হ’ল আদৰ্শ অসমীয়া ব্যাকৰণ আৰু ৰচনা, ডাকৰ বচন, মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ, ধ্বনি আৰু শুধৰণি ৷  শতাধিকৰ উৰ্দ্ধৰ উপস্থিতিত সাহিত্যানুৰাগী, সমাজসেৱী, ছাত্ৰ ছাত্ৰী, কবিৰ উপস্থিতিৰে সভাখনৰ আঁতধৰে হাউলী সাহিত্য সভাৰ সম্পাদক তথা বিশিষ্ট নাট্যকাৰ চম্পক কুমাৰ নাথে৷সভাৰ আৰম্ভণিতে সৃষ্টি প্ৰকাশনৰ তৰফৰ পৰা গ্ৰন্থ উন্মোচক সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা হয়৷ আদৰ্শ

Read More »