Weather Data Source: wetter Bangalore 14 tage

July 4, 2025 9:26 am

গুৱাহাটী

আকৌ হঠাৎ গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

গুৱাহাটী :নৱেম্বৰ মাহৰ আৰম্ভনিতে পুনৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰা গগৈক ভেণ্টিলেচনত ৰাখিব লগীয়া হৈছিল। পৰৱৰ্তী সময়ত তেওঁ সুস্থ হৈ ৰাইজৰ মাজলৈ বাৰ্তাও প্ৰেৰণ কৰিছিল। হঠাৎ আকৌ অসুস্থ হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। বুধবাৰৰ তুলনাত বৰ্তমান গগৈৰ স্বাস্থ্য কিছু উন্নত যদিও এতিয়াও তেওঁ বিপদমুক্ত নহয়। এইমছৰ (AIIMS) চিকিৎসকৰ তত্বাৱধানত পৰামৰ্শ লৈ তেওঁৰ চিকিত্‍সা কৰা হৈছে। নিশা তেওঁক NIV দিয়াৰ প্ৰয়োজন হৈছিল। বৰ্তমান যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে GMCHৰ চিকিৎসকসকলে। বৰ্তমান গগৈৰ অক্সিজেনৰ মাত্ৰা ৯৪। গগৈৰ স্বাস্থ্যৰ শেহতীয়া তথ্য জনায় GMCH ৰ অধীক্ষক অভিজৎ শৰ্মাই। উল্লেখ্য যে, তিনিবাৰৰ মুখ্যমন্ত্ৰীগৰাকীক কোৰোণাত আক্ৰান্ত হোৱাৰ পৰা যোৱা ২৫ অক্টোবৰত দীঘলীয়া চিকিৎসাৰ পিছত ঘৰলৈ যাবলৈ দিয়া হৈছিল। ৮৬বছৰীয়া গগৈক যোৱা ৩১ আগষ্টত স্বাস্থ্যৰ দ্ৰুত অৱনতি

Read More »

ৰাষ্ট্ৰীয় উলামা কাউঞ্চিলৰ নগাঁও জিলাৰ সভাপতি মোবাৰক হুছেইন

ৰাষ্ট্ৰীয় উলামা কাউঞ্চিলৰ নগাঁও জিলাৰ সভাপতি পদত যোগদান কৰে এসময়ৰ আমছু নেতা মোবাৰক হুছেইনে৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক নেতা-কৰ্মীসকল ব্যস্ত হোৱা পৰিলক্ষিত হৈছে ৷ শাসকীয় বিজেপি দলৰ লগতে কংগ্ৰেছ, এআইইউডিএফৰ দৰে পিছ পৰি ৰোৱা নাই ৰাষ্ট্ৰীয় উলমা কাউঞ্চিল নামৰ দলটো৷ বিভিন্ন সময়ত পিছ পৰি থকা লোকৰ কাষত থিয় হোৱা ৰাষ্ট্ৰীয় উলমা কাউঞ্চিলে আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ ভিন্ন প্ৰান্তত ইতিমধ্যে প্ৰচাৰ অভিযান চলাই আছে৷ তেনে কৰ্মসূচীৰ অংশস্বৰূপে অসম ৰাজ্যিক উলামা কাউঞ্চিলৰ সভাপতি উবাইদুৰ ৰহমান কাছিমীৰ নেতৃত্বত নগাঁও জিলাৰ সভাপতি হিচাপে প্ৰাক্তন আামছু নেতা মোবাৰক হুছেইনে যোগদান কৰে৷ উল্লেখ্য যে অসম ৰাজ্যিক উলামা কাউঞ্চিলৰ সভাপতি কছিমীয়ে জনায় যে আগন্তুক ২০২১ চনৰ নিৰ্বাচনত নগাঁও জিলাৰ

Read More »

অসমৰ ৰাজনীতিত ধুমুহা ! উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশত

গুৱাহাটী:বিধানসভা নিবাচনলৈ মাজত মাথোঁ কেইটামান মাহ বাকী থকাৰ সময়তে উচ্চতম ন্যায়লয়ৰ এই নিৰ্দেশে এতিয়া বহুকেইজন ৰাজনৈতিক নেতাৰ টোপনি হৰিছে৷ অপৰাধমুক্ত ৰাজনৈতিক ক্ষেত্ৰক লৈ এইবাৰ কঠোৰ সৰ্বোচ্চ ন্যায়ালয়৷ ন্যায়ালয়ে এখন বিশেষ পত্ৰৰ জৰিয়তে ৰাজনীতিকৰ বিৰুদ্ধে থকা গোচৰৰ খৰটকীয়া  নিষ্পত্তিৰ নিৰ্দেশ দিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে ৩/২০২০ নম্বৰৰ লেখ আবেদন গ্ৰহণ কৰিছে গুৱাহাটী  উচ্চ ন্যায়ালয়ে৷ উচ্চ ন্যায়ালয়ে গোচৰৰ ক্ষীপ্ৰ নিষ্পত্তিৰ নিৰ্দেশ দিছে নিম্ন আদালতক৷ দোষী সাব্যস্ত ৰাজনৈতিক নেতাই খেলিব নোৱাৰিব নিৰ্বাচন৷ ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ পিছত এতিয়া ধুমুহা বলিছে ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত৷ কাৰণ সমাগত নিৰ্বাচনক লৈ ইতিমধ্যে সাজু হৈ উঠিছে প্ৰতিজন ৰাজনৈতিক নেতা৷ সাম্প্ৰতিক সময়ত ৰাজ্যৰ ২৪গৰাকী ৰাজনৈতিক নেতাৰ বিৰুদ্ধে আছে ৩৩টাকৈ গোচৰ৷ য’ত বহুকেইজন শাসকীয় দলৰ বিধায়কৰো নাম সন্নিৱিষ্ট আছে৷ এইসকল ৰাজনৈতিক

Read More »

আছুত মাফিয়াৰাজৰ অভিযোগ তুলি সহকাৰী সাধাৰণ সম্পাদকৰ পদত্য়াগ

 গুৱাহাটী : ৰাজ্যত বিধানসভা নিৰ্বাচনৰ পূৰ্বে আঞ্চলিক শক্তি উত্থানৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাত মাফিয়াৰাজৰ বহু অভিযোগ উত্থাপিত হৈছে৷ আছুৰ সভাপতি দিপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে মাফিয়াৰাজৰ অভিযোগ তুলি স্বয়ং সহকাৰী সাধাৰণ সম্পাদকে এইবাৰ এৰিলে সংগঠন।  দুলিয়াজানত অনুষ্ঠিত হ’ব লগা ছাত্ৰ সন্থাৰ অধিৱেশনৰ পূৰ্বে ছাত্ৰসন্থাত আৰম্ভ হৈছে বিদ্ৰোহ৷ আছুত দীপাংক আৰু লুৰীণৰ মাফিয়াৰাজ চলিছে বুলি অভিযোগ তুলি সহকাৰী সাধাৰণ সম্পাদক পদ আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্য়াগ কৰে চৈয়দ মনোৱাৰ হুছেইনে৷  সোমবাৰে সহকাৰী সাধাৰণ সম্পাদকগৰাকীয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে আছুক ব্যৱহাৰ কৰি আহিছে বুলি বিস্ফোৰক অভিযোগ তুলে৷ নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাক একাকাৰ কৰি কাম নকৰাৰ বাবে কিছু মতবিভেদৰ

Read More »

মহানগৰীত গ্ৰেপ্তাৰ ১১ জন ভুৱা আৰ্মী

গুৱাহাটী : মহানগৰীত এইবাৰ ভুৱা আৰ্মীৰ প্ৰয়োভৰ৷ সোমবাৰে নিশা আজাৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ১১ জন ভুৱা আৰ্মী৷ সেনাৰ পোছাকেৰে ৰাজপথত টহল দি থকা অৱস্থাত বিমান বন্দৰৰ সমীপৰ পৰা আটাইকেইজনক আটক কৰিলে আৰক্ষীয়ে৷ গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে এখন গাড়ীসহ আটক কৰে ১১ জন ভুৱা আৰ্মীক৷ বৰ্তমান আজাৰা থানাত জেৰা কৰা হৈছে ভুৱা আৰ্মীকেইজনক৷ তেওঁলোক কিয়, কৰ পৰা আহিছে বৰ্তমান কোনো তথ্য পোহৰলৈ অহা নাই৷ইতিমধ্যে সেনাৰ সৈতে আৰক্ষীয়ে যোগাযোগ কৰাত বৰ্তমান কোনো সেনাৰ লগত জড়িত নহয় বুলি জানিব পৰা গৈছে আটকাধীন লোককেইজন৷ 

Read More »

পঞ্জাবত চলি থকা কৃষক আন্দোলনৰ ফলত বৰ্তমান পঞ্জাবৰ সকলো টোলগেট বন্ধ

পঞ্জাব:কেন্দ্ৰীয় চৰকাৰে কৃষকৰ বাবে অনা নতুন আইনৰ বিৰোধিতাৰেআন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ভাৰতীয় কিষাণ জুনিয়ৰ একতা ইউনিয়নৰ কৰ্মীসকলে।বন্ধ কৰা হৈছে সকলো টোলগেট। ভৰিব নালাগে একটকাও টোলটেক্স! পিছে এয়া অসমত নহয়, পঞ্জাবতহে। পঞ্জাবত চলি থকা কৃষক আন্দোলনৰ ফলত বৰ্তমান পঞ্জাবৰ সকলো টোলগেট বন্ধ কৰি দিছে কৃষক ইউনিয়নে। কেৱল টোলগেটেই নহয়। ৪০ দিনৰ পৰা বন্ধ হৈ আছে ৰে’লসেৱা। ফলশ্ৰুতিত পঞ্জাৱ-হাৰিয়ানাত স্তব্ধ হৈ পৰিছে ৰে’লৰ চলাচল। কেন্দ্ৰীয় চৰকাৰে কৃষকৰ বাবে অনা নতুন আইনৰ বিৰোধিতাৰে এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ভাৰতীয় কিষাণ জুনিয়ৰ একতা ইউনিয়নৰ কৰ্মীসকলে। এই আন্দোলনৰ ফলত কেন্দ্ৰীয় চৰকাৰে প্ৰতিদিনে হেৰুৱাইছে ১২ কোটি টকাৰ ৰাজহ। বিগত ৪০ দিন ধৰি পঞ্জাবৰ টোলগেটসমূহত সংগঠনটোৰ সদস্যসকলে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰি বন্ধ কৰি ৰাখিছে টোলগেটসমূহ। টোলগেটৰ

Read More »

কোন হ’ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? সিদ্ধান্ত ল’ব এনডিএ

বিহাৰ:বিহাৰৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে বিজেপিৰ নেতাসকলে স্পষ্ট কৰি দিছে যে জেডিয়ুই কম আসন পালেও এনডিএ মিত্ৰজোঁটৰ নেতা নীতিশ কুমাৰেই থাকিব আৰু পূৰ্বৰ প্ৰতিশ্ৰুতি আনুসৰি তেওঁকেই মুখ্যমন্ত্ৰী পতা হ’ব।কিন্তু নীতিশ কুমাৰে নিজেই তেওঁৰ কথাৰ সুৰ সলাইছে। তেওঁ কৈছে যে এইবাৰ তেওঁ মুখ্যম্ন্ত্ৰী হ’ব নে বিজেপিৰ আন কাৰোবাক মুখ্যমন্ত্ৰী পতা হ’ব সেইটো এনডিএ সিদ্ধান্ত ল’ব। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নিৰ্বাচনী ফলাফলৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।তেওঁ কয়,’’শীঘ্ৰেই এনডিএৰ বিধায়কসকলৰ বৈঠক অনুষ্ঠিত হ’ব আৰু তাতেই কোন মুখ্যমন্ত্ৰী হ’ব সেয়া ঠিক কৰা হ’ব। তদুপৰি, বৈঠকত নিৰ্বাচনী ফলাফল সম্পৰ্কেও বিশ্লেষণ কৰি চোৱা হ’ব।‘’ জেডিয়ুৰ নেতাগৰাকীয়ে জানিবলৈ দিয়ে যে মিত্ৰজোঁটৰ চাৰিটা দলৰে বিধায়কসকলে সোনকালে আলোচনাত বহিব আৰু কোন মুখ্যমন্ত্ৰী হ’ব তথা কেতিয়া শপত

Read More »

সাংবাদিক পৰাগ ভূঞাৰ মৃত্যু : হত্যাৰ অভিযোগ স্থানীয় লোকৰ

গুৱাহাটী:কাকপথাৰ প্ৰেছ ক্লাৱৰ সভাপতি তথা বিশিষ্ট সাংবাদিক নৱগঠিত অসম জাতীয় পৰিষদ দলৰ আহ্বায়ক জগদীশ ভূঞাৰ ভাতৃ পৰাগ ভূঞাৰ এক অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু হৈছে।ঘটনা বিৱৰণীৰ অনুসৰি বুধবাৰে সন্ধিয়া তিনিচুকীয়া জিলাৰ বিশিষ্ট সাংবাদিক গৰাকীক নিজ বাসগৃহৰ সন্মুখতে এখন অচিনাক্ত বাহনে মহতিয়াই থৈ যোৱাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইয়াৰ পিছতে সাংবাদিক গৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত আদিত্য নাৰ্ছিংহোমত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে গুৰুতৰভাৱে আগাতপ্ৰাপ্ত সাংবাদিক গৰাকীৰ মৃত্যু হয়।সাংবাদিক পৰাগ ভূঞাৰ মৃ্ত্যুত কাকপথাৰ অঞ্চলত শোকৰ ছাঁ পৰিছে। নীতিনিষ্ঠ সাংবাদিক গৰাকীয়ে সাংবাদিকতাৰ জীৱনত দুৰ্নীতিৰ বিৰুদ্ধে বিভিন্ন বাতৰি পৰিৱেশন কৰি দুষ্ট চক্ৰৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল বুলি জানিব পৰা গৈছে।স্থানীয় লোকৰ লগতে সাংবাদিকসকলে সাংবাদিক গৰাকীক পৰিকল্পিতভাৱে দুৰ্ঘটা সংঘটিত কৰি হত্যা কৰা বুলি দাবী

Read More »

চলিত মাহৰ ২২ নৱেম্বৰত পুনৰ অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ SI পৰীক্ষা

গুৱাহাটী: অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা হ’ব।ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ দিন ঘোষণা কৰিছে। চলিত মাহৰ ২২ নৱেম্বৰত অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষা।প্ৰাৰ্থীসকলে চলিত মাহৰ ১৬ তাৰিখৰ পৰা এই লিখিত পৰীক্ষাৰ প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব পাৰিব বুলি জনাইছে ব’ৰ্ডে।ব’ৰ্ডৰ ৱেটাইটত slprbassam.in. পৰা পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ প্ৰৱেশ পত্ৰ ডাউনল’ড কৰিব লাগিব। চলিত মাহৰ ২২ নৱেম্বৰ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব লগীয়া অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ এই পৰীক্ষা দুপৰীয়া ১২.০০ টা বজাৰপৰা বিয়লি ২.০০ বজালৈ অনুষ্ঠিত হ’ব।পৰীক্ষাৰ্থীসকলক পৰীক্ষা কেন্দ্ৰত আঢ়ৈ ঘণ্টাৰ আগতে উপস্থিত হ’বলৈ নিৰ্দেশ দিছে ব’ৰ্ডে। কোভিড প্ৰট’কল মানি চলিবগীয়া হোৱাৰ বাবেই পুৱা ৯.৩০ বজাত পৰীক্ষাৰ্থীসকলক পৰীক্ষা কেন্দ্ৰত

Read More »

আইনৰ আওতালৈ আহিব অনলাইন নিউজ প’ৰ্টেল আৰু মনোৰঞ্জনধৰ্মী প্লেটফৰ্মসমূহ

নতুন দিল্লী : এতিয়াৰে পৰা আইনৰ আওতালৈ আহিব অনলাইন নিউজ প’ৰ্টেল আৰু মনোৰঞ্জনধৰ্মী প্লেটফৰ্মসমূহ। কেন্দ্ৰীয় চৰকাৰে নতুন আইন প্ৰণয়নৰ জৰিয়তে এই প’ৰ্টেল তথা ৱেব প্লেটফৰ্মসমূহ নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰিছে। চৰকাৰে অনলাইন নিউজ প’ৰ্টেল আৰু ডিজিটেল কণ্টেণ্ট প্ৰদানকাৰীক তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত আনিবলৈ এক নিৰ্দেশ জাৰি কৰিছে। ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰদ্বাৰা স্বাক্ষৰিত অধিসূচনা সোমবাৰে জাৰি কৰা হৈছিল। বৰ্তমানলৈকে ডিজিটেল কণ্টেণ্ট নিয়ন্ত্ৰণ কৰা কোনো আইন বা নিয়ন্ত্ৰণ সংস্থা ভাৰতত নাই। প্ৰেছ কাউন্সিল অব ইণ্ডিয়াই ছপা মাধ্যমক নিয়ন্ত্ৰণ কৰে, নিউজ ব্ৰডকাষ্টাৰ এছ’চিয়েচনে (এনবিএ) নিউজ চেনেলসমূহ নিৰীক্ষণ কৰে, ভাৰতৰ বিজ্ঞাপন মানক কাউন্সিলে বিজ্ঞাপন আৰু কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ ব’ৰ্ডে (চিবিএফচি) চিনেমাসমূহৰ নিৰীক্ষণ কৰে। কিন্তু ডিজিটেল কণ্টেণ্ট বা সমল নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা এতিয়ালৈকে লোৱা হোৱা

Read More »