ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতা, ঘোষণা কৰিলে লুৰিণজ্যোতি গগৈয়ে
চূড়ান্ত হ’ল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতা, ঘোষণা কৰিলে লুৰিণজ্যোতি গগৈয়ে গুৱাহাটী :বৃহস্পতিবাৰে জি এম চি এইচত অখিল গগৈক সাক্ষাত্ কৰি জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে চূড়ান্ত কৰিলে মিত্ৰতা। অৱশেষত চূড়ান্ত হ’ল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মাজত প্ৰাক নিৰ্বাচনী মিত্ৰতা। বৃহস্পতিবাৰে জি এম চি এইচত অখিল গগৈক সাক্ষাত্ কৰি জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে চূড়ান্ত কৰিলে মিত্ৰতা। আগন্তুক দুই এদিনৰ ভিতৰতে দুয়োটা দলৰ মিত্ৰতাৰ সন্দৰ্ভত আনুষ্ঠানিক ভাবে জনোৱা হ’ব বুলি জনাই লুৰিণজ্যোতি গগৈয়ে। বৃহস্পতিবাৰে অখিল গগৈৰ সাক্ষাত্ কৰিবলৈ গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ত উপস্থিত হয় অসম জাতীয় পৰিষদৰ দুয়োগৰাকী শীৰ্ষস্থানীয় নেতা ক্ৰমে লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই। দুয়োগৰাকী নেতাই অখিল গগৈৰ স্বাস্থ্যৰ বুজ লোৱৰ লগতে ৰাজ্যত শেহতীয়া নিৰ্বাচনী