Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 11:37 am

গুৱাহাটী

ৰাষ্ট্ৰবাদী যুৱ কৃষক সংগঠনৰ উদ্যোগত ‘অন্নপূৰ্ণা জনতা সেৱা অভিযান’

শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ গুৱাহাটী : বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ উপৰি শেহতীয়াকৈ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোণা মহামাৰীৰ সময়ছোৱাত সমগ্ৰ দেশতে দৰিদ্ৰ লোকসকলৰ মাজত ৰাষ্ট্ৰবাদী যুৱ কৃষক সংগঠনে সহায়ৰ হাত আগবঢ়াই আহিছে৷ ইয়াৰ বাবে সংগঠনটোৰ মুখ্য সংৰক্ষক বসুন্ধৰা ৰাজেৰ প্ৰেৰণা আৰু ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল দ্বিবেদীৰ নিৰ্দেশত ‘অন্নপূৰ্ণা জনতা সেৱা অভিযান’ শীৰ্ষক এক আঁচনি হাতত লৈছে৷  এই আঁচনিৰ অংশস্বৰূপে আজি গুৱাহাটী মহানগৰীৰ খাৰগুলী অঞ্চলৰ লুইতপাৰ, অমিঅ’ নগৰ আদি ঠাইৰ শতাধিক দৰিদ্ৰ লোকৰ মাজত খাদ্য আৰু অত্যাৱশ্যকীয় কিছু সা-সামগ্ৰী বিতৰণ কৰা হয়৷ সংগঠনটোৰ হৈ ৰাষ্ট্ৰীয় সম্পাদক তথা উত্তৰ-পূৰ্বাঞ্চলৰ তত্বাৱধায়ক দেৱব্ৰত চৌধুৰী, উত্তৰ পূৰ্বাঞ্চলৰ সম্পাদক নাথুনি দাস, অসম প্ৰদেশ যুৱ মৰ্চাৰ সভাপতি মনোজ কুমাৰ শৰ্মাই সম্পূৰ্ণ ক’ভিড বিধি মানি চলি তথা সামাজিক

Read More »

গুৱাহাটীত ভোকাতুৰক অন্ন দান, অসহায়ক বস্ত্ৰ দান

প্ৰেৰণাৰ আলোচনী “নিয়ৰৰ ফুল”ৰ উদ্যোগত আৰু “সাহিত্যৰ সুবাস” আলোচনীৰ সহযোগত “ভোকাতুৰক অন্ন দান, অসহায়ক বস্ত্ৰ দান, তেওঁলোকেহে পাৰে যাৰ মানসিকতা মহান” অনুষ্ঠান গুৱাহাটী : প্ৰেৰণাৰ আলোচনী “নিয়ৰৰ ফুল”ৰ উদ্যোগত আৰু “সাহিত্যৰ সুবাস” আলোচনীৰ সহযোগত “ভোকাতুৰক অন্ন দান, অসহায়ক বস্ত্ৰ দান, তেওঁলোকেহে পাৰে যাৰ মানসিকতা মহান” অনুষ্ঠানটো বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায়৷ প্ৰেৰণাৰ আলোচনী “নিয়ৰৰ ‌ফুল”ৰ সম্পাদক বিজু ফুকন কলিতা আৰু সভাপতি জুৰিমণিৰ পৰিচালনাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত শুক্ৰেশ্বৰ মন্দিৰ,পাণবজাৰ, ফাঁচি বজাৰৰ আশে-পাশে ঠাইসমূহত প্ৰায় শতাধিক পথপথৰ অসহায়সকলক বস্ত্ৰ আৰু খাদ্য বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানটোত সহায় আৰু সহযোগিতা আগবঢ়াই গুৱাহাটী নিবাসী সমাজসেৱীকা পূজা ভৰালী আৰু ৰঞ্জন মুদৈয়ে। ‌উল্লেখযোগ্য যে উক্ত অনুষ্ঠানটো দৰং, মঙ্গলদৈ, ছিপাঝাৰৰ লগতে গুৱাহাটী মহানগৰীত প্ৰতিমাহে অনুষ্ঠিত হৈ আহিছে।

Read More »

প্ৰাৰ্থীত্বৰ তালিকা প্ৰকাশ পোৱাৰ পিছতে AJPত খহনীয়া!

প্ৰাৰ্থীত্বৰ প্ৰথম তালিকা প্ৰকাশৰ পাছতেই অসম জাতীয় পৰিষদত আৰম্ভ হৈছে খহনীয়া! দলীয় টিকটৰ পৰা বঞ্চিত হৈ দলৰ ৰাজ্যিক যুটীয়া সম্পাদক আৰু প্ৰতিষ্ঠাপক আহ্বায়ক সুবীৰ মেছে দিছে দলত্যাগৰ হুংকাৰ। ধনৰ লেনদেনৰ মাজেৰে টিকট প্ৰদান কৰাৰো বিস্ফোৰক অভিযোগ আনিছে সুবীৰ মেছে। শুকুৰবাৰে সন্ধিয়া আঞ্চলিক দলটোৱে ৰাজ্যৰ ১৮টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিছতে দলটোৰ একাংশ টিকট বঞ্চিত প্ৰাৰ্থীয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। নাজিৰাত দলীয় টিকটৰ পৰা বঞ্চিত হ’ল দলৰ ৰাজ্যিক যুটীয়া সম্পাদক আৰু প্ৰতিষ্ঠাপক আহ্বায়ক সুবীৰ মেছ। নাজিৰাত দলটোৰ সাংগঠনিক ভেটি মজবুত কৰাত আগভাগ লৈছিল সুবীৰ মেছে। আনকি পৰৱৰ্তী সময়ত তৃণমূল কংগ্ৰেছৰ ৰিবুলয়া গগৈক দলত যোগদান কৰাইছিল সুবীৰ মেছে। কিন্তু অৱশেষত মেছক বঞ্চিত কৰি ৰিবুলয়া গগৈক নাজিৰাত

Read More »

প্ৰথম পৰ্যায়ত AJPয়ে ৩৫খন আৰু ৰাইজৰ দলে ১২খন আসনত থিয় কৰাব প্ৰাৰ্থী

গুৱাহাটী : আজি ঘোষণা হ’ব জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসম জাতীয় পৰিষদে ৩৫ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বিপৰীতে ৰাইজৰ দলে প্ৰতিদ্বন্দিতা আগবঢ়াব ১২ খন আসনত।  আজি সন্ধিয়া দুয়োটা দলে যৌথ সংবাদমেল সম্বোধন কৰি ঘোষণা কৰিব প্ৰাৰ্থী তালিকা।ইফালে কেইবাটাও সমষ্টিক লৈ বিপাঙত পৰিছে দুয়োটা দল। দুয়োটা দলেই বিচাৰিছে মাহমৰা, মৰাণ, বিহপুৰীয়া আৰু ৰহা সমষ্টি। বিহপুৰীয়া সমষ্টি অসম জাতীয় পৰিষদক কোনো কাৰণতে এৰি দিয়া নহ’ব বুলি স্পষ্টকৈ জনাইছে ৰাইজৰ দলে। আসন ভাগ বটোৱাৰাকলৈ ঘনে ঘনে বৈঠকত বহিছে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ। আনহাতে আজিৰ দিনটোতে বিজেপিয়েও প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে। কিন্তু কংগ্ৰেছ মহাজোঁটে কাইলৈহে ঘোষণা কৰিব প্ৰাৰ্থী তালিকা।

Read More »

অসম জাতীয় পৰিষদৰ সংবাদমেল : ৰাজহুৱা কৰিলে দলৰ প্ৰতীক

· অসম জাতীয় পৰিষদৰ সংবাদমেল· সংবাদমেল সম্বোধন কৰিলে লুৰিণজ্যোতি গগৈ· অসম জাতীয় পৰিষদ এটি পঞ্জীয়নভূক্ত ৰাজনৈতিক দল· সংবাদমেলত পঞ্জীয়ন নম্বৰ ঘোষণা গগৈৰ· দলৰ প্ৰতীক আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰিলে গগৈয়ে· অসম জাতীয় পৰিষদৰ প্ৰতীক ‘জাহাজ’

Read More »

আকৌ হ’ব নেকি লকডাউন? কি ক’লে হিমন্ত বিশ্ব শৰ্মাই?

গুৱাহাটী : অসমত শেহতীয়াকৈ কোৰোণাৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি পোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হোজাইত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় – ‘‘কোৰোণাৰ সংক্ৰমণ হোৱাৰ খবৰ অলপ বেছিকৈ ওলাইছে। যোৱাকালি ১৪জন আৰু পৰহি ৭জন আক্ৰান্ত হৈছে, গতিকে চিন্তাৰ কাৰণ নাই। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিদিনে ৩৫০০ আক্ৰান্ত হোৱাৰ সময়ত আমি লকডাউন দিয়া নাই।১৪ আৰু ৭জন আক্ৰান্ত হ’লে কি লকডাউন হ’ব। নতুন কোভিড প্ৰটকলৰ একো প্ৰয়োজন নাই। সামাজিক ব্যৱধান আৰু মাস্ক পৰিধান কৰিবলৈ ৰাইজলৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ। ৰাইজক আতংকিত নহ’বলৈও আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে। কিবা প্ৰয়োজন থাকিলে জনাম বুলিও ক’লে হিমন্ত বিশ্বই।

Read More »

এন এ ৰুবুল মিৰ্জাৰ কাব্য সংকলন‘যেন এক কাৰ্যক্ৰমণিকাৰ তমসা ৰাতি’ উন্মোচন

গুৱাহাটী : উদীয়মান কবি, সংগ্ৰামী যুৱক তথা সমাজ-সেৱক এন এ ৰুবুল মিৰ্জাৰ কাব্য সংকলন ‘যেন এক কাৰ্যক্ৰমণিকাৰ তমসা ৰাতি’ আজি উন্মোচন কৰা হয়৷ অসম সাহিত্য সভা ভৱনত আয়োজন কৰা সংবাদ প্ৰহৰীৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানত বিশিষ্ট অতিথি তথা উন্মোচক হিচাপে অংশগ্ৰহণ কৰি কাব্য সংকলনটি উন্মোচন কৰে কবি কমল কুমাৰ মেধিয়ে৷ মেধিয়ে নিজৰ উন্মোচনী ভাষণত কবিগৰাকীৰ সংগ্ৰামী আৰু সমাজ-সেৱাৰ চেতনাক প্ৰশংসা কৰাৰ লগতে আগলৈ কবিগৰাকীয়ে নিজৰ কলমক আৰু অধিক শক্তিশালী ৰূপত জগাই তুলিব পাৰিব আশা প্ৰকাশ কৰে৷ ইপিনে ছেভ পাব্লিচাৰ্ছৰ দ্বাৰা প্ৰকাশিত এই কাব্যগ্ৰন্থটি বিক্ৰী কৰি পোৱা ধনখিনিৰে দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্কুলীয়া সামগ্ৰী যোগান ধৰিব বুলি উল্লেখ কৰি কবি এন এ ৰুবুল মিৰ্জাই নিজৰ সমাজ সেৱাৰ প্ৰতি থকা দায়ৱদ্ধতা আৰু উদৰতা পুনৰ

Read More »

সংবাদ প্ৰহৰীৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

গণতন্ত্ৰৰ মৃত্যু হৈছে, ধৰ্ম নিৰপেক্ষতা ধ্বংস হৈছে ঃ অজিত কুমাৰ ভূঞা সাংবাদিক ভাস্কৰজ্যোতি বৰাক ‘সংবাদ প্ৰহৰী বঁটা-২০২১’ প্ৰদান গুৱাহাটী : দেশত ক্ৰমাৎ বৃদ্ধি পোৱা অৰাজকতাই প্ৰমাণ কৰে যে সম্প্ৰতি দেশত গণতন্ত্ৰৰ মৃত্যু হৈছে আৰু একেদৰে ধৰ্ম নিৰপেক্ষতাও ধ্বংস হৈছে৷ সংবিধানৰ নামত শপত গ্ৰহণ কৰা জনপ্ৰতিনিধিসকলেই সংবিধানক অপমান কৰিবলৈ কুণ্ঠাবোধ কৰা নাই৷ এই ক্ষেত্ৰত অৱশ্যে একাংশ সংবাদ প্ৰতিষ্ঠান আৰু সাংবাদিকেও হাত উজান দি আহিছে৷ সেইবুলি সকলো সংবাদ প্ৰতিষ্ঠান বা সাংবাদিকক দোষাৰূপ কৰা নাই৷ যাৰ বাবে এতিয়া সাধাৰণ ৰাইজেও বিষয়বোৰ ভালদৰে বিচাৰ-বিবেচনা নকৰাকৈয়ে সংবাদ প্ৰতিষ্ঠান আৰু সাংবাদিকক গালি পাৰিবলৈ আৰম্ভ কৰিছে৷ এই মন্তব্য– ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ৷  ৱেব প’ৰ্টেল সংবাদ প্ৰহৰীৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সংবাদ মাধ্যম

Read More »

সাংবাদিকৰ নিৰাপত্তা আৰু সংবাদ প্ৰতিষ্ঠানৰ বিভিন্ন সমস্যা সমাধানৰ দাবী

মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ সাংবাদিক সুৰক্ষা আৰু ক্ষুদ্র-মজলীয়া বাতৰি কাকত সন্থাৰ গুৱাহাটী : ৰাজ্যৰ সাংবাদিকসকলৰ সুৰক্ষা আৰু ক্ষুদ্ৰ-মজলীয়া সংবাদ প্ৰতিষ্ঠানৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি সদৌ অসম সাংবাদিক সুৰক্ষা আৰু ক্ষুদ্র-মজলীয়া বাতৰি কাকত সন্থা’ই মুখ্যমন্ত্ৰীলৈ ১৬ দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰে৷ সন্থাৰ সভাপতি অৰুণ ভাগবতী আৰু সাধাৰণ সম্পাদক আকবৰ মজুমদাৰৰ নেতৃত্বত এটা সজাতি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত গৈ এই পত্ৰ প্ৰদান কৰাৰ লগতে আগন্তক বিধানসভা নিৰ্বাচনৰ পূৰ্বেই সন্থাৰ এই দাবীসমুহ সমাধান কৰিবলৈ দাবী জনায়৷  উল্লেখ্য যে স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি সাংবাদিক আৰু সংবাদ প্রতিষ্ঠানসমূহক সকলো প্ৰকাৰৰ সুৰক্ষা প্রদান কৰা, অসমৰ বিভিন্ন প্রান্তৰপৰা প্রকাশ পাই থকা ক্ষুদ্র-মজলীয়া বাতৰি কাকত আৰু আলোচনীৰ পঞ্জীয়নৰ বাবে জনসংযোগ বিভাগত পৰি থকা আৱেদনসমূহ অতি শীঘ্ৰে

Read More »

আত্মজাহৰ হুংকাৰ : নিযুক্তিৰ পৰা বঞ্চিত ভেঞ্চাৰ শিক্ষকৰ উচুপনি

২০২১ৰ বিধান নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত চমক সৃষ্টি কৰি যোৱা ৫ ফেব্ৰুৱাৰীত প্ৰায় ত্ৰিছ হাজাৰ শিক্ষকক নিযুক্তি প্ৰদান কৰে ৰাজ্য চৰকাৰে৷ কিন্তু Enrollment তথা ছাত্ৰ-ছাত্ৰীৰ অনুপাত আৰু ডায়েছ কোডৰ বাবে এই নিযুক্তিৰ পৰা বঞ্চিত হৈছে ৰাজ্যৰ ভালে সংখ্যক শিক্ষক-শিক্ষয়িত্ৰী৷ বিশেষকৈ Enrollmentৰ ভিত্তিত নিযুক্তিৰ পৰা বঞ্চিত ভেঞ্চাৰ শিক্ষকসকলে সোমবাৰে দিছপুৰ লাষ্টগেটত সন্ধিয়ালৈকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ নিযুক্তিৰ পৰা বঞ্চিত এইসকল শিক্ষক-শিক্ষয়িত্ৰীয়ে অতি শীঘ্ৰে Enrollmentৰ সমস্যা সমাধান কৰি তেওঁলোকক নিযুক্তি দিবলৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায়৷ অন্যথা আত্মজাহৰ হুংকাৰ প্ৰদান কৰিবলৈ বাধ্য হব বুলি উচুপি উঠে একাংশ শিক্ষকে৷

Read More »