

শিক্ষক হৈ শিক্ষকক অপমানঃ ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ৰ স্মৰণিকা ‘এনজাৰী’ত ওলাল বৃহত ফাঁট | Rajdhani ME School
গুৱাহাটীঃ হাতীগাঁও-দিছপুৰৰ এক বৃহত্তৰ অঞ্চলটোক শিক্ষাৰ পোহৰে উজলাই তোলা ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়খনে সগৌৰৱে অতিক্ৰম কৰিলে ৫০টি বৰ্ষ। এক মহা আয়োজনৰ মাজেৰে যোৱা ৬ আৰু ৭ ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে বিদ্যালয়খনে উদযাপন কৰে গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ। সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিয়ালে ‘এনাজৰী’ শীৰ্ষক স্মৰণিকা। কিন্তু এই এনাজৰীত ওলাল বৃহত ফাট। পাচগৰাকী সদস্যৰে গঠিত স্মৰণিকা উপ-সমিতিখনৰ হৈ মাধুৰীমা গোস্বামীৰ দ্বাৰা সম্পাদিত স্মৰণিকা এনাজৰীত চূড়ান্তভাৱে অপমান কৰা হল কেইবাগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান আৰু সহকাৰী শিক্ষক-শিক্ষয়িত্ৰীক। ৰংচঙীয়া কলেবৰৰ ১০৮ পৃষ্ঠাৰ সুবিশাল স্মৰণিকাখনত প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ফটো সম্বলিত এখন পৃষ্ঠা প্ৰকাশ কৰিছে যদিও স্মৰণিকাখনৰ কতো প্ৰকাশ নাপালে আন কেইবাগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান আৰু সহকাৰী শিক্ষক-শিক্ষয়িত্ৰীৰ ফটো তথা নাম। সোণালী জয়ন্তী