About Us

সত্য আৰু ন্যায়ৰ সপক্ষে কেৱল অসমীয়া ভাষাত প্ৰতিটো সংবাদ, সবাতোকৈ আগত পাঠক সমাজৰ আগত দাঙি ধৰাৰ উদ্দেশ্য আগত ৰাখি Save Media Solution (A Unit of SAVE)ৰ দ্বাৰা পৰিচালিত প্ৰথমটো ৱেবমিডিয়া হৈছে ‘সংবাদ প্ৰহৰী’৷ ২০১৫ চনৰ ৭ ফেব্ৰুৱাৰীত বৰপেটা আৰু গুৱাহাটীৰ পৰা ‘সংবাদ প্ৰহৰী’ নামেৰে এখন সাপ্তাহিক কাকত হিচাপে জন্ম লাভ কৰে৷ কাকতখেন পাঠক সমাজৰ ব্যাপক সমাদৰ লাভ কৰা ফলশ্ৰুতিত ধাৰাবাহিকভাৱে সম্পূৰ্ণ এটা বছৰ সাপ্তাহিক হিচাপে চলাই থকা হয়৷ কিন্ত বৰ্তমানৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগত ইণ্টাৰনেট জগতত অসমীয়া ভাষাৰ প্ৰচলন তেনেই কম৷ সেয়ে ইণ্টাৰনেট জগতত অসমীয়া ভাষা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো যাতে প্ৰতিযোগিতা চলাব পাৰে আৰু পাঠক সমাজেও যাতে অতি সহজে কেৱল অসমীয়া ভাষাত দ্ৰুত গতিত প্ৰতিটো সংবাদ সত্যনিষ্ঠভাৱে লাভ কৰিব পাৰে, তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিয়েই সম্পূৰ্ণ ব্যতিক্ৰমী চিন্তা-ধাৰাৰে সাপ্তাহিক ‘সংবাদ প্ৰহৰী’ কাকতখনক ৱেবমিডিয়ালৈ ৰূপান্তৰ কৰা হয়৷ ‘সংবাদ প্ৰহৰী’ ভাৰতীয় সাংবিধানিক বিধি অনুসৰি PIB (Press Information Bureau), RNI (Register of Newspapers for India), ISSN (International Standard Serial Number)ৰ পৰা অনুমতিপ্ৰাপ্ত৷
‘সংবাদ প্ৰহৰী’ৰ এই ৱেবমিডিয়াত অসমৰ প্ৰতিটো চুক-কোণৰ বা-বাতৰিৰ সমান্তৰালকৈ দেশ-বিদেশ, ক্ৰীড়া, মনোৰঞ্জন, ব্যৱসায়-বাণিজ্য, নিয়োগ সংবাদ, বিজ্ঞান-প্ৰযুক্তিৰ সংবাদৰ লগতে বিভিন্ন বিষয়ৰ ওপৰত লিখা প্ৰৱন্ধৰ বাবে ‘সম্পাদকীয়’, সংবাদ প্ৰহৰীৰ স্বীকৃতিপ্ৰাপ্ত সংবাদদাতাৰ বাহিৰে ইচ্ছ্যুক ব্যক্তিয়ে প্ৰেৰণ কৰা সংবাদ সমূহক লৈ ‘ৰাইজৰ সংবাদ’, ‘সাহিত্য’ পৃষ্ঠাৰ বাবে গল্প, চুটি গল্প, উপন্যাস, কৌতুকৰ উপৰি ‘বিশেষ পৃষ্ঠা’ত স্বাস্থ্য, নাৰী, স্বাৱলম্বন, মুক্তকণ্ঠ, সাক্ষাৎকাৰ, ব্যক্তি-ব্যক্তিত্ব, আন আন পৃষ্ঠাত প্ৰকৃতি, নিয়োগ সংবাদ, শিক্ষা-শিক্ষানুষ্ঠান, ধৰ্ণ-দৰ্শন, আমাৰ গাঁও-আমাৰ নগৰ ইত্যাদি পৃষ্ঠাত বিভিন্ন ধৰণৰ লিখনি, ভিডিঅ’, ফটো আদি পাঠক সমাজৰ বাবে আগবঢ়োৱাৰ প্ৰচেষ্টা চলোৱা হৈছে৷ তদুপৰি ৱেবছাইটৰ যোগেদি প্ৰচাৰ কৰিব পৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিবলগীয়া Tenderৰকে ধৰি বিভিন্ন ধৰণৰ বিজ্ঞাপন আদি প্ৰচাৰ কৰাৰ বাবেও বিশেষ ব্যৱস্থা কৰা হৈছে৷ ভিডিঅ’ সংবাদৰ প্ৰতিও গুৰুত্ব আৰোপ কৰি প্ৰতিদিনেই ‘দিনটোৰ সংবাদ’ হিচাপে বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ আৰু বিভিন্ন সময়ত বিভিন্ন ব্যক্তিৰ সৈতে কৰা সাক্ষাৎকাৰ অনুষ্ঠানসমূহো ভিডিঅ’যোগে প্ৰচাৰ কৰা হয়৷
‘সংবাদ প্ৰহৰী’ৰ এই ৱেবমিডিয়াত প্ৰকাশ পোৱা প্ৰতিটো সংবাদ তথা লিখনি, ভিডিঅ’ আদি ছ’ছিয়েল মিডিয়া Facebook, Twitter, Google Plus, Linkedin, YouTube তো একে সময়তে প্ৰচাৰ কৰা হয়৷ একেদৰে Google Play Store আৰু App Store ত ‘সংবাদ প্ৰহৰী’ৰ Mobile Application উপলব্ধ৷ সম্প্ৰতি ‘সংবাদ প্ৰহৰী’ ইণ্টাৰনেট জগতত ৱেবমিডিয়া হিচাপে কাম কৰি যোৱাৰ লগতে বিভিন্ন বৈদ্যুতিন আৰু ছপা মাধ্যমৰ সংবাদ গোষ্ঠীৰ বাবে ‘নিইজ এজেন্সী’ আৰু ‘ফটো এজেন্সী’ হিচাপে কাম কৰি আছে৷
News Alert

PMO INDIA
A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh
Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.