কোকৰাঝাৰ : কোকৰাঝাৰত জন্ম পালে আকৌ এটা নতুন সংগঠন। নাম ” ইনাইটেড য়ুথছ ডেমক্ৰেটিক ফেডাৰেশ্যন চমুকৈ ইউ ৱাই ডি এফ। আজি কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত সংবাদ মেলৰ জৰিয়তে এই কথা জনালে ন-সংগঠনৰ অধ্যক্ষ গৰ্জন মোছাহাৰীয়ে । তেওঁ সংবাদ মেলৰ জৰিয়তে সদৰী কৰা মতে উত্তৰ – পুৱৰ শিক্ষিত যুৱক – যুৱতী সকলৰ নিবনুৱা সমস্যা সমাধান কৰাটোৱে হ’ব সংগঠনৰ মূল লক্ষ্য। তাৰোপৰি শিক্ষিত যুৱক – যুৱতী সকলৰ বিভিন্ন দিশত দেখা দিয়া সমস্যাবোৰক সমাধান কৰা বাবে চৰকাৰৰ দৃষ্টিগোচৰ কৰিব। শিক্ষিত যুৱক-যুৱতী সকলৰ বাবে যুৱ পেঞ্চন দিয়াৰ ব্যবস্থা কৰাৰো অসম চৰকাৰলৈ হেঁচা প্ৰয়োগ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। সংগঠন জন্ম দিয়াটো যিমানেই সহজ সিমানেই সংগঠনক জীয়াই ৰখাটো কঠিন। অথচ এই নৱগঠিত সংগঠনে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধান কৰা ক্ষেত্ৰত কিমান সফল হয় সেয়া হ’ব লক্ষ্যনীয়।