Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 12:32 pm

Home » আঞ্চলিক » সপ্তম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰি ধৰ্ষঁণ: পিতৃৰ চিপ লৈ আত্মহত্যা

সপ্তম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰি ধৰ্ষঁণ: পিতৃৰ চিপ লৈ আত্মহত্যা


কোকৰাঝাৰ : কোকৰাঝাৰ-ধুবুৰী জিলাৰ সীমান্তৱৰ্তী তথা বিলাসীপাৰা সদৰ চহৰৰ সমীপৱৰ্তী মালগাঁও বগুলাউৰাত সামাজিক মুখলজ্জাৰ ভয়ত এগৰাকী ধৰ্ষিতাৰ পিতৃয়ে চিপ লৈ আত্মহত্যা কৰাৰ দৰে এক লোমহৰ্ষক কাণ্ড সংঘটিত হয়৷ আজিজুল হক নামৰ এক লম্পট যুৱকে সপ্তম শ্ৰেণীৰ ছাত্ৰী এগৰাকীক ধৰ্ষণ কৰাৰ বাবেই লাজে অপমানে জৰ্জৰিত হৈ বৃহস্পতিবাৰে আত্মহত্যাৰ পথ বাচি ললে ধৰ্ষিতা ছাত্ৰীগৰাকীৰ পিতৃয়ে। কন্যা ধৰ্ষিতা হোৱাৰ বাবেই পিতৃয়ে চিপ লৈ আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
ঘটনাৰ বিৱৰণী মতে আজিজুল হক নামৰ এগৰাকী লম্পট যুৱকে বুধবাৰে বিয়লিৰ ভাগত সপ্তম শ্ৰেণীৰ ছাত্ৰী এগৰাকীক অপহৰণ কৰে। লম্পট যুৱকজনে ছাত্ৰীগৰাকীক অপহৰণ কৰি প্ৰথমে পাহাৰীয়া অঞ্চল কৈমাৰীলৈ নিয়ে আৰু ধৰ্ষণ কৰে। তাৰ পিছত লম্পট যুৱকগৰাকীয়ে ছাত্ৰীগৰাকীক বিলাসীপাৰাৰ হাজাৰীপাৰা অঞ্চললৈ নি ধৰ্ষণ কৰে আৰু নিশা দৈব্যক্ৰমে দূৰ্ভগীয়া তথা ধৰ্ষিতা ছাত্ৰীগৰাকীয়ে লম্পট যুৱকজনৰ কবলৰ পৰা মুক্ত হৈ স্বগৃহত উপস্থিত হয় আৰু সমগ্ৰ ঘটনা পৰিয়ালক অৱগত কৰে। কন্যাৰ এনে দুৰৱস্থা আৰু দুঃসংবাদত পৰিয়ালৰ সদস্যসকল মৰ্মাহত হৈ ধৰ্ষিতাৰ পিতৃয়ে লাজ অপমান সহ্য কৰিব নোৱাৰি আজি ওচৰৰে টিলা এটাৰ গছ এডালত চিপ লৈ আত্মহত্যা কৰে।
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ পৰিণতিতে সামাজিক মুখলজ্জাৰ ভয়ত পিতৃয়ে কৰা আত্মহত্যা আৰু ধৰ্ষণ ঘটনাৰ উচিত তদন্তৰ দাবী কৰি বিভিন্ন দল-সংগঠনে দোষীক কঠোৰতম শাস্তি প্ৰদানৰ পোষকতা কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি