Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 5:59 pm

Home » আঞ্চলিক » অস্তিত্বৰ সংকটত অসমীয়া ভাষা : বৃদ্ধি পালে বাংলা আৰু হিন্দীভাষীলোকৰ সংখ্যা

অস্তিত্বৰ সংকটত অসমীয়া ভাষা : বৃদ্ধি পালে বাংলা আৰু হিন্দীভাষীলোকৰ সংখ্যা


গুৱাহাটী : অসমতে অসমীয়া ভগনীয়া হোৱাৰ দিশে গতি কৰিছে৷ অসমীয়া ভাষাৰ অস্তিত্বৰ প্রতি সংকট নামি আহিছে৷ অসমীয়া জাতি, ভাষা, কলা, সংস্ৃকতিৰ প্রতি নামি অহা এই ভাবুকি স্পষ্ট হৈ পৰিছে শেহতীয়াকৈ প্রকাশিত ভাষা ভিত্তিক লোকপিয়লৰ তথ্যত৷ কেন্দ্রীয় চৰকাৰে প্রকাশ কৰা এই লোকপিয়লত যিদৰে অসমীয়া, বড়ো, ৰাভা আদি ভাষী লোকৰ বৃদ্ধিৰ দ্রুত গতিত হ্রাস পোৱা দেখা গৈছে, ঠিক সেই দৰে আকৌ বাংলা, হিন্দী আদি ভাষী লোকৰ হাৰ বৃদ্ধি পোৱা দেখা গৈছে, যিটো অসমৰ দৰে এখন ৰাজ্যৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ বাবে আটাইতকৈ ডাৰ সংকট হিচাপে থিয় দিছে৷ পৰিসংখ্যা অনুসৰি ১৯৯১ চনৰ লোকপিয়লত অসমত অসমীয়াভাষী লোকৰ সংখ্যা আছিল ৫৭.৮১ শতাংশ৷
পিছে ২০০১ চনৰ লোকপিয়লত এই সংখ্যা অভাৱনীয়ভাৱে হ্রাস পাই ৪৮.৮০ শতাংশ হোৱাৰ পাছত ২০১১ চনৰ লোকপিয়লত এই সংখ্যা আৰু অধিক হ্রাস পাই হ’লগৈ ৪৮.৩৮ শতাংশ৷ যি তথ্যই প্রতিজন অসমীয়াৰে চকু কপালত তুলিছে৷ একেদৰে অসমীয়াভাষীৰ দৰেই হ্রাস পাইছে বড়োভাষী লোকৰ সংখ্যাও৷ ১৯৯১ চনৰ লোকপিয়লত অসমত বড়োভাষী লোক আছিল ৫.২৮ শতাংশ৷ পিছে ২০০১ চনত অসমত বড়োভাষী লোকৰ হ’লগৈ ৪.৮৬ শতাংশ, কিন্তু ২০১১ চনৰ লোকপিয়লত এই সংখ্যা আৰু হ্রাস পাই হ’লগৈ ৪.৫৩ শতাংশ৷
ইফালে অসমীয়া, বড়োভাষীৰ সংখ্যা হ্রাস পোৱাৰ বিপৰীতে হিন্দী আৰু বাংলাভাষী লোকৰ সংখ্যা কিদৰে বৃদ্ধি পাইছে সেয়াও মন কৰিব লগীয়া৷ তথ্য মতে, ১৯৯১ চনৰ লোকপিয়লত অসমত বাংলাভাষী লোকৰ সংখ্যা আছিল ২১.৬৭ শতাংশ৷ ২০০১ চনত এই সংখ্যা বৃদ্ধি পাই হ’লগৈ ২৭.৫৪ শতাংশ৷ এটা দশকৰ পাছত এই সংখ্যা আৰু অধিক বৃদ্ধি পাই ২০১১ চনত হ’লগৈ ২৮.৯২ শতাংশ৷ একেদৰে ২০০১ চনৰ লোকপিয়লত ৰাজ্যখনত হিন্দীভাষী লোকৰ সংখ্যা ৫.৮৯ শতাংশ আছিল যদিও ২০১১ চনত এই সংখ্যা বৃদ্ধি পাই হৈছেগৈ ৬.৭৩ শতাংশ৷ ইয়াৰ পৰাই এটা কথা স্পষ্ট হৈ পৰিছে যে ৰাজ্যখনত দ্রুত গতিত বাংলা আৰু হিন্দীভাষী লোকৰ সংখ্যা বৃদ্ধি পাইছে৷
ইফালে ৰাজ্যৰ খিলঞ্জীয়া লোক হিচাপে পৰিচিত ৰাভা লোকৰ সংখ্যাও ক্রমাৎ হ্রাস পোৱা দেখা গৈছে৷ ১৯৯১ চনত ৰাভাভাষী লোকৰ সংখ্যা আছিল ১,৩৯,৫৬৫জন৷ ২০০১ চনত এই সংখ্যা বৃদ্ধি পাই ১৬৪৭৭০জন হয় যদিও আশ্চর্যজনকভাৱে ২০১১ চনত এই সংখ্যা হ্রাস পাই হৈছেগৈ ১,৩৯,৯৮৬জন৷ আনহাতে লোকপিয়লৰ তথ্যত দেখা গৈছে যে, ১৯৭১ চনত লোকপিয়ল অনুসৰি সমগ্র দেশৰ জনসংখ্যাৰ ভিতৰত অসমীয়াভাষী লোকৰ সংখ্যা আছিল ১.৬৩ শতাংশ৷
২০০১ চনৰ এই পৰিসংখ্যা আছিল ১.২৮ শতাংশ৷ পিছে ২০১১ চনত এই সংখ্যা হ্রাস পাই হৈছেগৈ ১.২৬ শতাংশ৷ অর্থাৎ সামগ্রিকভাৱে দেশৰ জনসংখ্যাৰ তুলনাত অসমীয়াভাষী লোকৰ সংখ্যা দ্রুত হাৰত হ্রাস পাইছে৷ সর্বভাৰতীয় স্তৰত অসমীয়াভাষী লোকৰ সংখ্যা হ্রাস পোৱাৰ এই তথ্য সকলোৰে বাবে উদ্বেগজনক হৈ পৰিছে৷ মন কৰিব লগীয়া কথা যে, অসমীয়া ভাষা, কলা-সংস্ৃকতি ৰক্ষাৰ বাবে দীর্ঘদিন ধৰি অসমৰ খিলঞ্জীয়া জনগণে আন্দোলন কৰি আহিছে৷ সেই সময়তে লোকপিয়লৰ এই তথ্যই সকলোকে ভবাই তুলিছে৷
অসমীয়া ভাষালৈ যে আজি সংকট নামি আহিছে, সেয়া লোকপিয়লৰ তথ্যই স্পষ্ট কৰি দিছে৷ অসমীয়াভাষীৰ ক্ষেত্রতেই এনে সমস্যা আহি পৰিছে, তেনে পৰিস্থিতিত সৰু সৰু জাতি-জনগোষ্ঠীসমূহৰ অৱস্থা কি হ’ব সেয়া সহজতে অনুমেয়৷ তথ্য অনুসৰি ডিমাচা, কার্বি, দেউৰী, মিচিং আদি ভাষী লোকৰ সংখ্যা পূর্বতকৈ কিছু বৃদ্ধি পাইছে যদিও বাংলা, হিন্দীভাষী বৃদ্ধিৰ তুলনাত এই ভাষাসমূহৰ বৃদ্ধিৰ হাৰ পুতৌজনক৷ এনে পৰিস্থিতিত অচিৰেই অসমীয়াভাষী লোকসকল অসমতে যে অস্তিত্বৰ সংকটত পৰিব সেয়া নিশ্চিত৷
ইফালে এনে পৰিস্থিতিৰ মাজতেই চৰকাৰে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰিব খুজিছে৷ উক্ত বিধেয়কখন গৃহীত হ’লে ৰাজ্যত বাংলাভাষী লোকৰ সংখ্যা আৰু বহু বৃদ্ধি পাব৷ যাৰ বাবে অধিক সংকটৰ গৰাহত পৰিব অসমীয়া ৰাইজ৷ ইতিমধ্যে অসমৰ ৰাইজে অনাগত দিনত আহিব পৰা এই সংকটৰ কথা অনুধাৱন কৰিয়েই ৰাজ্যজুৰি বিধেয়কখনৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছে৷ পিছে এই আন্দোলনে অসমবাসীক ৰক্ষা কৰিব নে নকৰে সেয়া সময়েহে ক’ব৷ পিছে যি গতিত অসমীয়াভাষী লোকৰ সংখ্যা হ্রাস পাইছে সেয়া প্রতিজন সচেতন অসমীয়াৰ বাবেই আজি এক গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে৷
উল্লেখ্য যে হিন্দু বাংলাদেশী (বাঙালী) আগমনৰ পূর্বে বহিৰাগত হিন্দীভাষী আৰু বাংলাভাষীৰ সংখ্যা বৃদ্ধি হোৱাত অসমতে অসমীয়াভাষীয়ে পৰিচয় হেৰুওৱাৰ দিশে অগ্রসৰ হৈছে৷ ২০১১-ৰ ভাষাভিত্তিক পিয়লৰ তথ্য ৰাজহুৱা হোৱাৰ পাছত দেখা গৈছে, অসমীয়াভাষীৰ লগতে বড়ো, ৰাভা আদি ভাষা কোৱা খিলঞ্জীয়া লোকৰ সংখ্যা হ্রাস হৈছে৷ ইয়াৰ বিপৰীতে বাংলাভাষী আৰু হিন্দীভাষী লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ ২০০১ চনৰ (৪৮.৮০ শতাংশ) তুলনাত ২০১১ চনত (৪৮.৩৮ শতাংশ) অসমীয়াভাষী লোকৰ সংখ্যা সামান্য পৰিমাণে অর্থাৎ দঃ৪২ শতাংশ হ্রাস পাইছে৷ ইয়াৰ বিপৰীতে ২০০১-ৰ (২৭.৫৪ শতাংশ) তুলনাত ২০১১-ত (২৯.৯১ শতাংশ) অর্থাৎ ২.৩৭ শতাংশ বাংলাভাষী লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ তেনেদৰে হিন্দীভাষী ২০০১-ৰ (৫.৮৯ শতাংশ) তুলনাত ২০১১-ত (৬.৭৩ শতাংশ) অর্থাৎ দঃ৮৪ শতাংশ বৃদ্ধি পাইছে৷ ২০০১-ৰ পৰা ২০১১-ৰ ভিতৰত এটা দশকত অসমীয়াভাষী হ্রাসৰ পৰিমাণ দেখাত অতি সামান্য অর্থাৎ মাত্র দঃ৪২ শতাংশ৷ কিন্তু অসমীয়াভাষী বা অসমীয়া ভাষাটোৰ প্রতি যে প্রচণ্ড ভাবুকি নামি আহিছে আৰু ভাষাটো যে লোপ পোৱাৰ দিশলৈ গতি কৰিছে সেই কথা স্পষ্ট হ’ব ১৯৭২ চনৰ পৰা ২০১১লৈ অর্থাৎ চাৰিটা দশকত হোৱা ভাষা ভিত্তিত পিয়লৰ বিশ্লেষণৰ পৰা৷
১৯৭১ চনৰ ভাষা ভিত্তিত হোৱা পিয়লত অসমীয়াভাষী লোকৰ সংখ্যা আছিল ৪৯,০৪,৯১৭জন, অর্থাৎ শতকৰা হাৰ আছিল ৬০.৮৯ শতাংশ৷ ২০১১ চনত অসমীয়াভাষীৰ সংখ্যা ১,৫০,৯৫,৭৯৭জন আৰু শতকৰা হাৰ ৪৮.৩৮ শতাংশ৷ অর্থাৎ ১৯৭১ চনৰ পৰা ২০১১ চনলৈ চাৰিটা দশকত অসমীয়াভাষী লোক হ্রাস হোৱাৰ হাৰ ১২.৫১ শতাংশ৷ চাৰিটা দশকৰ ভাষাভিত্তিক পিয়লত প্রতিটোতে অসমীয়াভাষী লোকৰ সংখ্যা হ্রাস হৈছে৷ ১৯৭১-ত অসমীয়াভাষী আছিল ৬০.৮৯ শতাংশ, ১৯৯১-ত ৫৭.৮১ শতাংশ, ২০০১-ত ৪৮.৮০ শতাংশ আৰু ২০১১-ত ৪৮.৩৮ শতাংশ৷ চাৰিটা দশকৰ পিয়লৰ পৰা এই কথাই স্পষ্ট হৈছে যে অসমত অসমীয়াভাষীৰ ভৱিষ্যৎ অন্ধকাৰ৷
কাৰণ অসমত অসমীয়াভাষীৰ সংখ্যা কমিছে অথচ বাংলাভাষী আৰু হিন্দীভাষী লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ ১৯৭১ চনৰ পৰা ২০১১ চনৰ ভাষা ভিত্তিত হোৱা চাৰিটা পিয়লৰ তথ্য মতে, অসমীয়াভাষী ১২.৫১ শতাংশ হ্রাস হোৱাৰ বিপৰীতে এই সময়ছোৱাত বাংলাভাষী বৃদ্ধি হৈছে ১০.২১ শতাংশ আৰু হিন্দীভাষী ১.৩১ শতাংশ৷ প্রতিটো পিয়লতে অসমীয়াভাষী হ্রাস হোৱাৰ বিপৰীতে বাংলাভাষী বৃদ্ধি হৈছে৷ ১৯৭১-ত বাংলাভাষীৰ হাৰ আছিল ১৯.৭০ শতাংশ, ১৯৯১-ত ২১.৬৭ শতাংশ, ২০০১-ত ২৭.৫৪ শতাংশ আৰু ২০১১-ত ২৯.৯১ শতাংশলৈ বৃদ্ধি হয়৷ তেনেদৰে ১৯৭১ চনত অসমত হিন্দীভাষী আছিল ৫.৪২ শতাংশৰ পৰা ২০১১-ত বৃদ্ধি হৈছে ৬.৭৩ শতাংশলৈ৷ অসমত ১৯৭১-ৰ পৰা ২০১১লৈ হোৱা চাৰিটা ভাষা ভিত্তিত পিয়লৰ পৰা এই কথা নিশ্চিত যে অসমীয়া ভাষা বা অসমীয়াভাষী চৰম সংকটত৷
অনুপ্রৱেশৰ ফলত জনগাঁথনি সলনি হোৱাত ৰাজনৈতিক অধিকাৰ খিলঞ্জীয়াই হেৰুওৱাৰ উপক্রম হোৱাৰ সমানে অসমীয়া ভাষা-সংস্কৃতিও যে অস্তিত্বহীন হোৱাৰ দিশত গতি কৰিছে, সেই কথা চাৰিটা পিয়লৰ পৰিসংখ্যাই প্রমাণ কৰিছে৷ অসমীয়াই ভাষা-সংস্কৃতি হেৰুওৱাৰ দিশত গতি কৰাৰ সময়ত হিন্দু বাংলাদেশীক (বাঙালী) নাগৰিকত্ব দি অসমীয়াভাষীক আৰু সংকটৰ মাজলৈ ঠেলি দিয়াৰ বাবে চলোৱা প্রচেষ্টা যে এশ শতাংশ সত্য, সেই কথা পিয়লৰ তথ্যই উদঙাই দিছে৷ কাৰণ হিন্দু বাংলাদেশী (বাঙালী) অসমত সংস্থাপিত হ’লে তেওঁলোকৰ মাতৃভাষা অসমীয়া হ’ব নে বাঙালী হ’ব ? হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানে পৰৱর্তী পিয়লত কোনটো ভাষা কোৱা লোকৰ সংখ্যাৰ হাৰ বৃদ্ধি কৰিব? বাঙালী নে অসমীয়া? ১৯৭১২০১১লৈ কোনটো ভাষা কোৱা লোকৰ হাৰ হ্রাস-বৃদ্ধি হৈছে, তাৰ বিশ্লেষণতে আছে এইবোৰ প্রশ্নৰ উত্তৰ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি