Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 1:08 pm

Home » আঞ্চলিক » বানপীড়িতৰ হাহাকাৰ : অসমকে ধৰি ১৯ খন ৰাজ্যত ধাৰাসাৰ বৰষুণ হ’ব

বানপীড়িতৰ হাহাকাৰ : অসমকে ধৰি ১৯ খন ৰাজ্যত ধাৰাসাৰ বৰষুণ হ’ব

গুৱাহাটী : দেশৰ সকলো অঞ্চলক বাৰিষাই সামৰি লোৱা বুলি আজি বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰে৷ বতৰ বিজ্ঞান বিভাগৰ মতে সমগ্র দেশত প্রায় এপষেকৰ আগতেই বাৰিষা আৰম্ভ হয়৷ উল্লেখযোগ্য যে সাধাৰণতে ১৬ জুলাইৰ পৰাহে সমগ্র দেশত বাৰিষা আৰম্ভ হয়৷ বতৰ বিজ্ঞান বিভাগে লগতে এই বুলিও সতর্কবাণী শুনাইছে যে অহা দুদিনত দেশৰ প্রায় ১৯খন ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷
বতৰ বিজ্ঞান বিভাগৰ মতে অহা দুদিনত অসমৰ উপৰি অৰুণাচল প্রদেশ, মেঘালয়, ছিকিম, পশ্চিম বংগকে ধৰি কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণ হ’ব৷ আনহাতে ২ আৰু ৩ জুলাইতো অসম, অৰুণাচল প্রদেশ আৰু মেঘালয়কে ধৰি কেইবাখনো ৰাজ্যত প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি লগতে কোৱা হৈছে৷ আনহাতে ৪ আৰু ৫ জুলাইত সমগ্র উত্তৰ-পূর্বাঞ্চলতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি সতর্কবাণীটোত কোৱা হৈছে৷
ইপিনে লখিমপুৰ জিলাৰ নাওবৈছা বিধানসভা সমষ্টিৰ অন্তর্গত দলহাট অঞ্চলত আজিও অব্যাহত আছে বানৰ বিভীষিকাময় পৰিস্থিতি৷ কালি হঠাতে শিঙৰা নদীৰ সংহাৰী বানে দলহাট তিনিআলিৰ সমীপত দলহাট-ফুলবাৰী সংযোগী গড়কাপ্টানী পথটো প্রায় ১০০ মিটাৰ বিচিছন্ন কৰি নিয়াৰ পাছত নাওবৈছাত কালিৰে পৰা বান পৰিস্থিতি জটিল অৱস্থাত আছে৷ ছিগা অংশৰে সোমোৱা পানীয়ে দলহাট তিনিআলিৰ সমীপত ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰেৰে আজিও বাগৰি থকাত ১৫নং ৰাষ্ট্রীয় ঘাইপথৰে যাতায়াত ব্যাহত হৈ আছে৷
উল্লেখযোগ্য যে আকস্মিকভাৱে হোৱা বানত অঞ্চলটোৰ বহু পৰিয়ালে নিজৰ ঘৰৰ বয়-বস্তু উদ্ধাৰ কৰাতো ব্যর্থ হয়৷ সম্প্রতি জিলা প্রশাসনে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে তৎপৰতা অব্যাহত ৰাখিছে যদিও প্রয়োজনীয় খাদ্য সামগ্রীৰ অভাৱত বন্যার্তই হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে৷ সাম্প্রতিক বান পৰিস্থিতি সন্দর্ভত ৰাইজৰ অভিযোগ– লখিমপুৰ জিলা প্রশাসনৰ অদূৰদর্শিতা তথা সংশ্লিষ্ট বিভাগৰ দায়িত্বহীন কার্যৰ বাবেই ২০১৩ চনতো বর্তমান নদীয়ে বিচিছন্ন কৰা অংশত পথটো বিচিছন্ন কৰিছিল৷
সেই সময়ৰ পৰাই পথছোৱাৰ উন্নয়নৰ নামত লাখ লাখ টকা অপচয় কৰা হৈছে যদিও সমস্যাৰ স্থায়ী সমাধান নহ’ল৷ আনহাতে, শিঙৰা নদীৰ দলঙৰ নামনি আৰু উজনিৰ বাওঁ দিশত মথাউৰি আছে যদিও সোঁহাতৰ দলহাট বজাৰ পথৰ প্রায় ৩ কিল’মিটাৰ অংশত মথাউৰি নির্মাণৰ ব্যৱস্থা আজি বহু দিনধৰি নহ’ল৷ ইপিনে গড়কাপ্টানী পথটোৰ নদীৰ দিশত নাওবৈছা উন্নয়ন খণ্ডই কোনোৰকম এটা দেৱাল বান্ধ দি বান প্রতিৰোধৰ ব্যৱস্থা কৰি আহিছিল৷
কিন্তু কালি হঠাতে শিঙৰা নদীৰ ধল এই প্রতিৰোধ ব্যৱস্থাই ৰাখিব নোৱাৰিলে৷ নদীখনে পুৱাৰ ভাগতে উল্লিখিত অংশত বিচিছন্ন কৰাৰ পৰিণতিত দলহাট তিনিআলিৰ সমীপৰ স্বপন বিশ্বাস, বিশ্বজিৎ সৰকাৰ, খগেন সৰকাৰ, ঠাকুৰ দাস, টুনটুন গগৈৰ ব্যাৱসায়িক প্রতিষ্ঠান নদীৰ কোবাল সোঁতে নিমিষতে ক্ষতিগ্রস্ত কৰিলে৷ আনহাতে অঞ্চলটোৰ ৩০নং এফ চি গ্রাণ্ট এলেকাত প্রায় ১ কিল’মিটাৰ অংশৰে পানী বাগৰাত পথৰ কাষত বসবাস কৰা অর্ধ শতাধিক পৰিয়ালৰ ঘৰৰ ক্ষতিসাধন হয়৷ সম্প্রতি বাঢ়নী পানী নাওবৈছা দলহাটৰ এক বিস্তীর্ণ অঞ্চললৈ সম্প্রসাৰিত হৈ অঞ্চলটোৰ বিভিন্ন পথ বুৰাই পেলাইছে৷ অঞ্চলটোৰ অর্ধ শতাধিক গাঁৱৰ শ শ পৰিয়ালে এতিয়া প্রবল বানৰ পৰিপ্রেক্ষিতত ঘৰচীয়া জীৱ- জন্তুৰ লগত ওখ ঠাইত আশ্রয় গ্রহণ কৰি হাহাকাৰ কৰিব লগীয়া হৈছে৷
প্রশাসনৰ বান সাহায্য : জিলাখনৰ শিঙৰা নদীৰ বানৰ কবলত অর্ধ শতাধিক গাঁৱৰ ৰাইজ পৰিছে বুলি বেচৰকাৰী সূত্রত প্রকাশ পালেও জিলা প্রশাসনৰ তথ্য মতে নাওবৈছা বিধানসভা সমষ্টিত ১৪খন গাঁও বানৰ কবলত পৰি ক্ষতিগ্রস্ত হৈছে আৰু ১৫ হাজাৰ ৬০০ লোক ক্ষতিগ্রস্ত হৈছে৷ সেইদৰে কৃষিভূমি ক্ষতিগ্রস্ত হৈছে ৬০.৩০ হেক্টৰ৷ পশুধনৰ ক্ষতি হৈছে ডাঙৰ ২৬৩০টা, সৰু ১৪২৮টা৷ আনহাতে, কুকুৰা ক্ষতিগ্রস্ত হৈছে ৪,২৩৩টা৷ প্রশাসনে সাহায্য বিতৰণৰ বাবে ৬টা কেন্দ্র মুকলি কৰিছে৷ ইতিমধ্যে প্রশাসনে ১২৩.৭২ কুইণ্টল চাউল, ২৩.৬১ কুইণ্টল দাইল, ৭.০৮ কুইণ্টল নিমখ, ৮০০০ পেকেট বিস্কুট, ১০ কুইণ্টল চিৰা, ৫ কুইণ্টল গুৰ, ৮০০০ লিটাৰ পানী, ১০০ পেকেট শিশু খাদ্য, ৫০খন টার্পলিন, ২৪ পেকেট মম বিতৰণ কৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি