Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 10:05 am

Home » আঞ্চলিক » চূড়ান্ত অভিযোগনামা দাখিলৰ প্রস্তুতি আৰক্ষীৰ

চূড়ান্ত অভিযোগনামা দাখিলৰ প্রস্তুতি আৰক্ষীৰ


গুৱাহাটী : অসম লোকসেৱা আয়োগৰ সর্ববৃহৎ কেলেংকাৰিৰ তদন্ত চমু চাপিছে৷ এমাহ বা ডেৰ মাহৰ ভিতৰত ডিব্রুগড়ৰ আৰক্ষীয়ে তদন্তৰ অন্ত পেলাব৷ কেৱল আদালতৰ মজিয়াত চলি থাকিব বিচাৰ প্রক্রিয়া৷ ইতিমধ্যে চাকৰিৰ পৰা বর্খাস্ত হোৱা ঘোচখোৰ ৰাজপত্রিত বিষয়াসকলৰ এতিয়া কেৱল আইনী যুঁজ চলাই যোৱাৰ বাহিৰে কোনো বিকল্প পথ নাথাকিব৷
ডিব্রুগড়ৰ আৰক্ষীয়ে সদৰী কৰা অনুসৰি এসপ্তাহৰ ভিতৰত ফৰেনছিক পৰীক্ষাৰ সকলো প্রতিবেদন আৰক্ষীয়ে লাভ কৰিব আৰু এমাহ বা ডেৰমাহৰ ভিতৰত তদন্ত সম্পূর্ণ হ’ব৷ আৰক্ষীয়ে আশা কৰা অনুসৰি বিয়াগোম কেলেংকাৰিটোৰ তদন্তৰ চূড়ান্ত অভিযোগনামা ১৫ আগষ্টৰ ভিতৰত দাখিল কৰিব৷ বিশেষ ন্যায়াধীশৰ আদালতত চূড়ান্ত অভিযোগনামা দাখিল কৰাৰ পাছত কাৰাৰুদ্ধ হৈ থকা ৰাজপত্রিত বিষয়াসকলৰ ভৱিষ্যৎ ন্যায় ব্যৱস্থাৰ ওপৰত নির্ভৰ কৰিব৷
সম্প্রতি চৰকাৰে ভালেকেইজন বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰাই নহয়, বর্খাস্তও কৰিছে৷ গতিকে এইসকল বিষয়াই আইনী যুঁজত ভৱিষ্যতলৈ চাকৰি ঘূৰাই পাব বুলি আশা কৰিব নোৱাৰি৷ এই কাৰণেই চাকৰি ঘূৰাই পোৱাৰ সম্ভাৱনা নাই কিয়নো গ্রেপ্তাৰ হোৱাৰ দিনটোৰ পৰা আজি পর্যন্ত কোনো এজন বিষয়াই জামিন পাবলৈ সক্ষম হোৱা নাই৷
ডিব্রুগড়ৰ আৰক্ষীয়ে চলাই নিয়া গোচৰত মুখ্য অভিযুক্ত ৰাকেশ পালে উচচতম ন্যায়ালয়ৰ পৰা জামিন পাবলৈ সক্ষম হৈছিল যদিও ধনৰ বিনিময়ত ৰাজপত্রিত বিষয়াৰ চাকৰি ক্রয় কৰা কোনো এজন বিষয়াই আজি পর্যন্ত জামিন নাপালে৷ আদালতত চৰকাৰী পক্ষৰ যুক্তি আৰু ডিব্রুগড়ৰ আৰক্ষীয়ে সময়ে সময়ে তদন্তৰ অগ্রগতিৰ প্রতিবেদন দাখিল কৰি অহাৰ পৰিপ্রেক্ষিতত আদালতে কোনো এজন অভিযুক্ত বিষয়াকে জামিন দিয়া নাই৷
সেয়ে আৰক্ষীৰ তদন্ত শেষ হোৱাৰ পাছত আদালতৰ বিচাৰতো বিষয়াসকল শাস্তিৰ সন্মুখীন হোৱাটো প্রায় নিশ্চিত৷ উল্লেখযোগ্য যে ডিব্রুগড়ৰ আৰক্ষীয়ে ২০১৬ চনৰ ২৭ অক্টোবৰত অসম লোকসেৱা আয়োগৰ দুর্নীতি ফাদিল কৰিছিল৷ আয়োগৰ পৰীক্ষাত বাছনি কৰাৰ নামত এগৰাকী দন্ত চিকিৎসকৰ পৰা ১০ লাখ টকা দাবী কৰি ধৰা পৰিছিল নৱকান্ত পাতিৰ নামৰ এজন চৰকাৰী অভিযন্তা৷
ডিব্রুগড়ৰ আৰক্ষীয়ে নৱকান্ত পাতিৰক জেৰা কৰাৰ লগে লগে অসম লোকসেৱা আয়োগৰ বিয়াগোম কেলেংকাৰি পোহৰলৈ আহিছিল আৰু ইজনৰ পাছত সিজনকৈ নৱ-নিযুক্ত ৰাজপত্রিত বিষয়াসকলক গ্রেপ্তাৰ কৰা হৈছিল৷ এমাহৰ ভিতৰতে গ্রেপ্তাৰ হৈছিল ১১জন ব্যক্তি৷ সেই বছৰৰ ৪ নৱেম্বৰত গ্রেপ্তাৰ হৈছিল ৰাকেশ পাল৷ পৰৱর্তী সময়ত আয়োগৰ সদস্য ছামেদুৰ ৰহমান, বসন্ত কুমাৰ দলেৰ লগতে ৩৫জন বিষয়া গ্রেপ্তাৰ হৈছিল৷
এতিয়া এসপ্তাহৰ ভিতৰত ফৰেনছিকৰ সকলো প্রতিবেদন পোৱাৰ পাছত আৰু কেইজনমান বিষয়া গ্রেপ্তাৰৰ সম্ভাৱনাৰ কথা ডিব্রুগড়ৰ আৰক্ষীয়ে সদৰী কৰিছে৷ উল্লেখ কৰা উচিত হ’ব যে ডিব্রুগড়ৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ পূর্বে কংগ্রেছ চৰকাৰৰ কার্যকালত আৰক্ষীৰ তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাৰ তদানীন্তন অধীক্ষক মুকুল শইকীয়াই ২০১৩ চনতেই ৰাকেশ পালৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল৷ কিন্তু তেতিয়াৰ চৰকাৰে তদন্তত বিধি-পথালি দি মুকুল শইকীয়াক বদলি কৰিছিল৷
আনকি এজন অৱসৰপ্রাপ্ত ন্যায়াধীশৰ দ্বাৰা ৰাকেশ পালৰ বিৰুদ্ধে তদন্ত কৰিবলৈ গুৱাহাটী উচচ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নির্দেশ দিয়াৰ পাছতো তেতিয়াৰ চৰকাৰে সেই নির্দেশ কার্যকৰী কৰা নাছিল৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি