Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 1:04 pm

Home » ক্ৰীড়া » সপােন হৈ ৰ’ল যাদুকৰ মেছিৰ বিশ্বকাপ জয়

সপােন হৈ ৰ’ল যাদুকৰ মেছিৰ বিশ্বকাপ জয়


অলটাইম ক্লাছিক আর্জেন্টিনা বিধ্বস্ত-কোৱাৰ্টাৰত ফ্রান্স
কাজান : বিশ্বজয়ৰ গৌৰৱময় ইতিহাস সাক্ষী হােৱাৰ পৰা যেন বঞ্চিত হৈ ৰ’ল ফুটবলৰ ৰাজপুত্র লিঅ’নেল মেছি। চাৰি বছৰ পূর্বে ব্রাজিল বিশ্বজয়ৰ দুৱৰালিত উপনীত হৈও জার্মানীৰ বিৰুদ্ধে ব্যর্থ হােৱাৰ পিছত শনিবাৰে ৰাছিয়াত মেছিৰ বিশ্বকাপৰ সপােন পুনৰ চুৰমাৰ হয়। ফুটবল মহাৰণৰ প্ৰথমখন নকআউট ৰাউণ্ডৰ মেচত ১৯৯৮ৰ চেম্পিয়ন ফ্রান্সে আর্জেন্টিনাক ৪-৩ গ’লত বিধ্বস্ত কৰাৰ লগে লগেই আধুনিক ফুটবলৰ অন্যতম শ্রেষ্ঠ স্ট্রাইকাৰগৰাকীৰ স্বপ্নভংগ ঘটে। সকলাে প্রত্যাহান ওফৰাই আর্জেন্টিনাক মেছিয়ে বিশ্বকাপৰ মঞ্চত উজলাই তুলিব বুলি লক্ষ লক্ষ অনুৰাগী আশাত বন্দী হৈছিল যদিও কাজানত তেওঁৰ সন্মুখত শনিবাৰে বাধাৰ প্রাচীৰ হৈ পৰে ফৰাচী যােদ্ধাসকল। গ্রিজমেন, পাভার্ড, এমবাপ্পি আদিৰ দৰে যােদ্ধাসকল যেন মেছিৰ সপােন থানবান কৰিবলৈয়ে খেলপথাৰত নামিছিল। ফুটবল মহানায়কে ভৰিৰে বল স্পর্শ কৰাৰ পূৰ্বৰে পৰা প্রাণঘাতী আক্রমণেৰে তেওঁলােকে আর্জেন্টিনাৰ শিবিৰ কঁপাই তােলে।
 বিশ্বৰ কোটি কোটি মেছিপ্ৰেমীৰ জল্পনাকল্পনাত আউল লগাই ১৩ মিনিটতে ফ্রান্সে প্রথমটো অগ্রগতি লাভ কৰিবলৈ সক্ষম হয়। পেনাল্টীৰ জৰিয়তে গ্রিজমেনে গ’লটো কৰাৰ পিছতে আর্জেন্টিনাই প্রত্যাক্ৰমণ আৰম্ভ কৰে। অৱশেষত ৪১ মিনিটত এঞ্জেল ডি মাৰিয়াই গলবক্সৰ বাহিৰৰ পৰা লােৱা এটি দুর্দান্ত শটে দলটোৰ প্ৰত্যাৱর্তন নিশ্চিত কৰিবলৈ সক্ষম হয়। প্রথমার্ধ ১-১ গ’লত সমাপ্ত হােৱা মেচখনৰ ৪৮ মিনিটত মেছি বাহিনীয়ে বহু প্রত্যাশিত অগ্রগতি অর্জন কৰে। চুপাৰষ্টাৰ মেছিৰ পৰা লাভ কৰা এটি দর্শনীয় স্পট গললৈ কার্যকৰী কৰি মাৰ্কাডােৱে আর্জেন্টিনাৰ শিবিৰলৈ উৎসাহ কঢ়িয়াই আনে। কিন্তু দুবাৰৰ চেম্পিয়ন দক্ষিণ আমেৰিকান দলটোৰ এই উৎসাহ অধিক সময় বর্তি নাথাকিল। ৫৭ মিনিটত বেঞ্জামিন পাভার্ডৰ এটি তীব্র গতিৰ গ’লৰ সহায়ত ফ্রান্সে মেচত সমতা স্থাপন কৰে। ইয়াৰ লগে লগে অধিক ৰােমাঞ্চকৰ হৈ উঠা মেচখনত নায়কৰ ৰূপত আৱিৰ্ভাৱ ঘটে ফ্ৰান্সৰ ১৯ বর্ষীয় ফৰৱার্ড কিলিয়ান এমবাপ্পিৰ। মাত্র চাৰি মিনিটৰ ভিতৰতে আর্জেন্টিনাৰ শিবিৰত দুটাকৈ মােক্ষম আঘাত হানি উদীয়মান তাৰকাগৰাকীয়ে ফ্রান্সক স্মৰণীয় বিজয়ৰ দিশে আগুৱাই নিয়ে। ৬৪ আৰু ৬৮ মিনিটত কৰা গ’ল দুটাৰ সহায়ত এমবাপ্পি নিশাটোৰ ভিতৰতে ৰাছিয়া বিশ্বকাপৰ নতুন নায়কত পৰিণত হয়। ফ্রান্সৰ উপর্যুপৰি আক্ৰমণত দিশহাৰা হােৱা আর্জেন্টিনাই ষ্টপেজ টাইমত এটা গল পৰিশােধ কৰিবলৈ সক্ষম হয় যদিও দলক পৰাজয়ৰ পৰা উদ্ধাৰৰ বাবে এয়া পর্যাপ্ত নাছিল আগুৱেৰােই দর্শনীয় হেডেৰে আর্জেন্টিনাৰ হৈ তৃতীয়টো গল কৰে। উল্লেখ্য যে ১৯৭৮ আৰু ১৯৮৬ৰ বিশ্ব চেম্পিয়ন আর্জেন্টিনাই চলিত ৰাছিয়া বিশ্বকাপৰ আৰম্ভণিৰে পৰা প্রত্যাশিত প্রদর্শন আগবঢ়োৱাত ব্যৰ্থ হৈছিল। গ্রুপৰ প্ৰথমখন মেচত নৱাগত দল আইচলেণ্ডৰ সৈতে ১-১ গ’লত ড্র খেলাৰ পিছত মেছিৰ আর্জেন্টিনা ক্ৰৱেছিয়াৰ হাতত ৩-০ গ’লত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছিল।
 ইয়াৰ পিছতে দলটোৰ বিশ্বকাপ অভিযান অন্ত পৰাৰ আশংকা ঘনীভূত হৈছিল যদিও গ্রুপৰ অন্তিমখন মেচত আফ্রিকাৰ যুঁজাৰু দল নাইজেৰিয়াক ২-১ গ’লত হৰুৱাই অন্তিম মুহুর্তত নকআউটত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল। নাইজেৰিয়াৰ বিৰুদ্ধে এটি চমৎকাৰ গ’ল কৰি ফুটবলৰ ৰাজপুত্র মেছিয়ে অনুৰাগীৰ মনত নতুন আশা-উদ্দীপনাৰ সঞ্চাৰ কৰিছিল যদিও আজি আর্জেন্টিনাৰ বিদায়ত এই সমস্ত আশা আৰু সপােন ধূলিসাৎ হয়। মন কৰিবলগীয়া যে ৰাছিয়ালৈ অহাৰ পূর্বেই মেছিয়ে ইংগিত দিছিল যে এইখন তেওঁৰ অন্তিমখন বিশ্বকাপ। অৱশ্যে বিশ্বকাপৰ সপােন পুৰণ নােহােৱাকৈ কেৰিয়াৰ সামৰা মেছিয়ে বিশ্বৰ একমাত্র মহাতাৰকা নহয়। ইয়াৰ পুর্বে জোহান ক্রুৱেফ, মিছেল প্লেটিনী আৰু জিক’ৰ দৰে কিংবদন্তি ফুটবলাৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলত অনেক কৃতিত্ব অর্জন কৰিছিল যদিও এবাৰাে বিশ্বকাপৰ গৌৰৱময় ইতিহাস সাক্ষী হ’ব নােৱাৰিলে। অৱশ্যে কিংবদন্তি ফুটবলাৰ পেলে আৰু মাৰাডােনাই কেৰিয়াৰ সামৰাৰ পুর্বে বিশ্বকাপ জয়ৰ সােৱাদ লাভ কৰিছিল। ব্রাজিলৰ মহানায়ক পেলেই তিনিবাৰ আৰু আর্জেন্টিনাৰ কিংবদন্তি মাৰাডােনাই এবাৰ বিশ্বকাপত চুম্বন দিবলৈ সক্ষম হৈছিল।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি