Weather Data Source: wetter Bangalore 14 tage

July 4, 2025 12:28 am

Home » আঞ্চলিক » এন আৰ চি : চূড়ান্ত খচৰাত ৫.৫১ লাখ লোকৰ নাম বাদ পৰাৰ পূৰ্ণ সম্ভাৱনা

এন আৰ চি : চূড়ান্ত খচৰাত ৫.৫১ লাখ লোকৰ নাম বাদ পৰাৰ পূৰ্ণ সম্ভাৱনা


গুৱাহাটী : ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ (এন আৰ চি) চূড়ান্ত খচৰাত যে লাখ লাখ লোকৰ নাম বাদ পৰিব সেই কথা এন আৰ চি কর্তৃপক্ষই গ্রহণ কৰা কঠোৰ ব্যৱস্থাৰ পৰা স্পষ্ট হৈছে৷ এন আৰ চিত নাম অন্তর্ভুক্তিৰ বাবে ৩.২৯ কোটি আৱেদনকাৰীৰ ভিতৰত কিমানৰ নাম বাদ পৰিব সেই কথা অহা ৩০ জুলাইত ওলাই পৰিব৷ উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত এন আৰ চি কর্তৃপক্ষই কঠোৰ নীতিৰে প্রস্তুত কৰি থকা এন আৰ চিৰ চূড়ান্ত খচৰা প্রকাশৰ পূর্বে প্রায় ৫.৫১ লাখ লোকৰ নাম বাদ পৰাটো নিশ্চিত হৈছে৷ চূড়ান্ত খচৰা প্রকাশৰ পাছত প্রদর্শন কৰা ওজৰ আপত্তি, বিদেশী ৰায়ৰ পাছত হয়তো বর্তমানে বাদ পৰাসকলৰ ভিতৰৰে কাৰোবাৰ নাম অন্তর্ভুক্ত হ’ব পাৰে৷ কিন্তু চূড়ান্ত খচৰাত ৫.৫১ লাখ লোকৰ নাম যে বাদ পৰিব সেই কথা নিশ্চিত হৈছে৷
প্রকাশৰ পূর্বে বৃহৎ সংখ্যক লোকৰ নাম বাদ পৰাটো নিশ্চিত হোৱাত চূড়ান্ত খচৰাত লাখ লাখ লোকৰ নাম বাদ পৰাৰ পূর্বাভাষ স্পষ্ট হৈ পৰিছে৷ আংশিক খচৰাত নাম সোমোৱা ১.৫০ লাখ লোকৰ নাম কর্তন কৰিবলৈ উচচতম ন্যায়ালয়ে এন আৰ চি কর্তৃপক্ষক নির্দেশ দিছে৷ যাৰ ফলত আংশিক খচৰাত নাম সোমাইছিল যদিও উক্ত ১.৫০ লাখ লোকৰ নাম চূড়ান্ত খচৰাত নাথাকিব৷
ইফালে, অন্তর্ভুক্তিৰ বাবে আৱেদন জনালেও সন্দেহযুক্ত ভোটাৰ (ডি), বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰা বাংলাদেশী, বিদেশী ন্যায়াধিকৰণত যাৰ বিৰুদ্ধে গোচৰ চলি আছে আৰু অসম চুক্তিৰ দফা অনুসৰি ১০ বছৰৰ ভোটাধিকাৰৰ পৰা বঞ্চিত হোৱা যিসকলে ফৰেইনাৰ৲ছ ৰিজিঅ’নেল ৰেজিষ্ট্রেশ্যন অফিচত (এফ আৰ আৰ অ’) নাম পঞ্জীয়ন নকৰিলে তেওঁলোকৰ নাম এন আৰ চিত নাথাকিব৷ এন আৰ চি কর্তৃপক্ষই উল্লিখিত নীতিকেইটাৰ ওপৰত এন আৰ চি প্রস্তুত কৰাত চূড়ান্ত খচৰা প্রকাশৰ পূর্ব ৫.৫১ লাখ লোকৰ নাম বাদ পৰাটো নিশ্চিত হ’ল৷ উচ্চতম ন্যায়ালয়ে আংশিক খচৰাত থকা ১.৫০ লাখ লোকৰ নাম কর্তন কৰিবলৈ নির্দেশ দিছে৷ তদুপৰি, অসমত থকা ‘ডি’ ভোটাৰৰ সংখ্যা হ’ল ১.২৫ লাখ, বিদেশী ঘোষিত ৯০ হাজাৰ, বিদেশী ন্যায়াধিকৰণত নিষ্পত্তি নোহোৱাকৈ ১.৭২ লাখজনৰ বিৰুদ্ধে গোচৰ আছে৷
ইফালে, ১৯৬৬-৭১ চনৰ ভিতৰত অসমত প্রৱেশ কৰাসকলে ১০ বছৰ ভোটাধিকাৰৰ পৰা বঞ্চিত হোৱাৰ পাছত তেওঁলোকে এফ আৰ আৰ অ’ত নাম পঞ্জীয়ন কৰিলে নাগৰিকত্ব লাভ কৰে৷ উক্ত সময়ছোৱাত অসমত প্রৱেশ কৰা ২৯ হাজাৰ লোক চিনাক্ত হোৱাত তেওঁলোক ১০ বছৰৰ বাবে ভোটাধিকাৰৰ পৰা বঞ্চিত হৈছিল৷ কিন্তু তেওঁলোকৰ ভিতৰৰে ১৫ হাজাৰে এফ আৰ আৰ অ’ত নাম পঞ্জীয়ন কৰে৷ যাৰ ফলত ১৫ হাজাৰৰ নাম এন আৰ চিত থাকিব৷ এফ আৰ আৰ অ’ত পঞ্জীয়ন নকৰা ১৪ হাজাৰৰ নাম এন আৰ চিত নাথাকে৷ অর্থাৎ এন আৰ চি প্রস্তুতৰ ক্ষেত্রত গ্রহণ কৰা এই নীতিৰ আধাৰত ৫.৫১ লাখৰ নাম চূড়ান্ত খচৰাত নথকাটো নিশ্চিত হৈছে৷ তদুপৰি এন আৰ চিৰ ৰাজ্যিক সমন্বয়কে শেহতীয়াকৈ দিয়া নির্দেশক গুৱাহাটী উচচ ন্যায়ালয়ে বাহাল ৰখাত বিদেশী বুলি যিজন ব্যক্তিক ঘোষণা কৰা হৈছে তেওঁৰে নহয় তেওঁৰ পৰিয়ালৰ সকলো সদস্যৰ নামো এন আৰ চিত নাথাকিব৷
যাৰ ফলত সঠিক সংখ্যা নোলালেও লাখ লাখ লোকৰ নাম যে চূড়ান্ত খচৰাত বাদ পৰিব সেই কথাৰ পূর্বাভাস স্পষ্ট হৈছে৷ ইফালে, চূড়ান্ত খচৰাত প্রকাশৰ পূর্বে কিমান লোকৰ নাম বাদ পৰিব সেই কথা স্পষ্ট হৈছে এন আৰ চি কর্তৃপক্ষই গ্রহণ কৰা নীতিৰ দ্বাৰা৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি