Weather Data Source: wetter Bangalore 14 tage

July 4, 2025 12:56 am

Home » আঞ্চলিক » পৰিৱৰ্তনকামী চৰকাৰৰ আন এক উপহাৰ : বন্ধ হ’ল নগাঁও-কাছাৰ কাগজ কল, ১৬০০ কর্মচাৰীৰ পৰিয়াললৈ অমানিশা

পৰিৱৰ্তনকামী চৰকাৰৰ আন এক উপহাৰ : বন্ধ হ’ল নগাঁও-কাছাৰ কাগজ কল, ১৬০০ কর্মচাৰীৰ পৰিয়াললৈ অমানিশা


গুৱাহাটী : আশংকা কৰাৰ দৰেই চিৰদিনৰ বাবে বন্ধ হ’ল ৰাজ্যৰ নগাঁও আৰু কাছাৰ কাগজ কল। ভৱিষ্যৎ অন্ধকাৰচ্ছন্ন হ’ল কাগজ কল দুটাৰ সৈতে ওতপ্রােতভাৱে জড়িত প্রায় ১,৬০০জন কর্মী আৰু তেওঁলােকৰ পৰিয়ালৰ। একেদৰে প্ৰকট হ’ল কাগজ কল দুটাক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মিথ্যাচাৰৰ ৰাজনীতি। কাৰণ চলিত বছৰৰ ৯ ডিচেম্বৰত আনুষ্ঠানিকভাৱে দেউলীয়া ঘােষণা কৰা হ’ব যােৱা প্রায় দুই বছৰ ধৰি বন্ধ হৈ থকা হিন্দুস্তান পেপাৰ কৰ্প’ৰেচন লিমিটেডৰ অধীনস্থ নগাঁও আৰু কাছাৰ কাগজ কল।
শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে এক ৰাজহুৱা জাননীযােগে কাগজ কল দুটাৰ সৈতে জড়িত সকলাে পক্ষৰ দৃষ্টি আকর্ষণ কৰি এই কথা ৰাজহুৱা কৰিছে। এই সন্দৰ্ভত ইনছলভেন্সী এণ্ড বেংৰাপ্টছি ব’র্ড অৱ ইণ্ডিয়াই ইতিমধ্যে নেচনেল কোম্পানী ল ট্রিবিউনেলৰ পৰা নগাঁও আৰু কাছাৰ কাগজ কল দুটা দেউলীয়া ঘােষণা কৰাৰ বাবে জাননী লাভ কৰিছে। সেইমর্মে ইতিমধ্যে হিন্দুস্তান পেপাৰ কৰ্প’ৰেচনৰ সঞ্চালক মণ্ডলীৰ সকলাে ক্ষমতা কর্তন কৰা হৈছে। পিছে কাগজ কল দুটাৰ কৰ্মচাৰীসকলে বকেয়া দৰমহা, ভৱিষ্যনিধি আদি লাভ কৰিব নে নাই সেয়া লৈ এতিয়া প্রশ্ন উত্থাপিত হৈছে।
ৰাজহুৱা বিজ্ঞপ্তিখনত কোৱা হৈছে যে কাগজ কল দুটাৰ সৈতে জড়িত সকলােপক্ষৰ প্ৰাপ্য দাবী কিম্বা অন্যান্য বিষয়সমূহ লিখিত আকাৰত ১০ জুলাইৰ ভিতৰত জমা দিব লাগিব। ইয়াৰ বাবে কেন্দ্ৰৰ তৰফৰ পৰা কুলদীপ বার্মা নামৰ এজন ‘ইন্টাৰিম ৰিজ’লিউছন প্রফেচনেলক নিযুক্তি প্রদান কৰা হৈছে। অহা ৯ ডিচেম্বৰত কাগজ কল দুটা দেউলীয়া ঘােষণা কৰালৈকে কুলদীপ বার্মাই সংশ্লিষ্ট সকলাে পক্ষৰ সৈতে সমন্বয় ৰক্ষা কৰি চলিব।
মন কৰিবলগীয়া যে যােৱা বিধানসভা নির্বাচনৰ পূর্বে ২০১৬ চনৰ মাৰ্চ মাহত কাছাৰ কাগজ কলৰ সন্মুখত আৰু এপ্রিল মাহত ৰহাত অনুষ্ঠিত হােৱা নির্বাচনী জনসভাত কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে নির্বাচনী প্রতিশ্রুতি প্ৰদান কৰিছিল। পাছত ৰাজ্যৰ মুখ্যমন্ত্রীকে ধৰি উদ্যোগমন্ত্রী চন্দ্রমােহন পাটোৱাৰীয়ে একাধিক বাৰ কেন্দ্রীয় গধুৰ উদ্যোগ মন্ত্রী অনন্ত গীতে আৰু তেওঁৰ সহযােগী মন্ত্রী বাবুল সুপ্রিয়ৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্যৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰা হ’ব বুলি প্রতিশ্রুতি প্রদান কৰিছিল। আনকি মন্ত্রী অনন্ত গীতেই চলিত বছৰত এখন সংবাদ মেলত নগাঁও আৰু কাছাৰ কাগজ কল দুটা ব্যক্তিগতকৰণ কৰি হ’লেও পুনৰুজ্জীৱিত কৰা হ’ব বুলি প্ৰকাশ কৰিছিল। কেন্দ্রীয় ড’নাৰ মন্ত্রী জিতেন্দ্র সিঙে ও অনুৰূপ প্রতিশ্রুতি প্রদান কৰা পৰিলক্ষিত হৈছিল। পিছে সকলাে প্রতিশ্রুতি মুখতেই সীমাবদ্ধ থাকিল আৰু কাগজ কল দুটাক দেউলীয়া ঘােষণা কৰাৰ আনুষ্ঠানিক প্রক্রিয়া আৰম্ভ হ’ল।
লক্ষণীয়ভাৱে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদী নেতৃত্বাধীন কেবিনেট কমিটীত একাধিকবাৰ টোকাও প্রেৰণ কৰিছিল কেন্দ্ৰৰ গধুৰ উদ্যোগ বিভাগে। কিন্তু ৰাজনৈতিক সদিচ্ছাৰ অভাৱত ইতিহাসৰ পৃষ্ঠাত গুচি গ’ল ৰাজ্যৰ দুটাকৈ উল্লেখযােগ্য উদ্যোগ। আনকি মিথ্যাচাৰিতাৰ সীমা চেৰাই ৰাজ্যৰ উদ্যোগ মন্ত্রী চন্দ্রমােহন পাটোৱাৰীয়ে চলিত বছৰত কাগজ কল দুটাৰ বাবে কেন্দ্রীয় চৰকাৰে ১,৮০০ কোটি টকাৰ এটা বিশেষ পেকেজো সাজু কৰা বুলি প্ৰচাৰ চলাইছিল।
মন কৰিবলগীয়া যে কাগজ কল দুটাৰ সৈতে প্রত্যক্ষভাৱে প্রায় ১,৬০০জন কর্মী জড়িত আছিল যদিও পৰােক্ষভাৱে কোঁচামাল বাঁহৰ যােগান আদিকে ধৰি সংশ্লিষ্ট কামৰ অঞ্চলসমূহৰ প্রায় দুই লক্ষ পৰিয়াল জড়িত হৈ আছিল।
ইফালে, ৰাজ্যৰ উদ্যোগ মন্ত্রী চন্দ্রমােহন পাটোৱাৰীয়ে কাগজ কল দুটা দেউলীয়া ঘােষণা কৰি বন্ধ কৰিবলৈ ওলােৱা সিদ্ধান্ত দুর্ভাগ্যজনক বুলি অভিহিত কৰে। এইচপিচিএলৰ কাগজ কল দুটা ভাল কাগজ কল বুলি উল্লেখ কৰি তেওঁ কয় যে চাৰি দিন আগলৈকে কাগজ কল দুটা পুনৰ উৎপাদনক্ষম কৰাৰ চিন্তা-চৰ্চা চলি আছিল।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি