Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 4:46 pm

Home » আঞ্চলিক » ডিটেনচন কেম্পত আৱদ্ধ কৰা অন্নবালা ৰায় অৱশেষত কোকৰাঝাৰ কাৰাগাৰ পৰা মুক্ত

ডিটেনচন কেম্পত আৱদ্ধ কৰা অন্নবালা ৰায় অৱশেষত কোকৰাঝাৰ কাৰাগাৰ পৰা মুক্ত

অন্নবালাৰ ঘটনাই শেষ ঘটনা হঁওক : আক্ৰাছুৰ সঁকিয়নি

কোকৰাঝাৰ : চিৰাং জিলাৰ পুৱ এংকৰবাৰী নিৱাসী অন্নবালা ৰায়ক বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষিত কৰাৰ পিছত আৰু যোৱা ২৩ জুনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰ ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ ১২ দিনৰ অন্তত আজি মুকলি আকাশৰ তললৈ ওলাই আহে। সকলো নথিপত্ৰ থকাৰ পিছতো অন্নবালা ৰায়ক বিদেশী বুলি ঘোষণা কৰা বুলি অভিযোগ তুলি আক্ৰাছুৱে অন্নবালা ৰায়ৰ মুক্তিৰ দাবীত প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। ইয়াৰোপৰি আক্ৰাছুৱে অন্নবালা ৰায়ক জামিনত মোকলাই লোৱাৰ বাবে আদালতত যাৱতীয় নথিপত্ৰ জমা দিয়াত অৱশেষত চিৰাং জিলা বিদেশী ন্যায়াধিকৰণে অন্নবালা ৰায়ৰ জামিন মঞ্জুৰ কৰে আৰু আজি সুদীৰ্ঘ ১২ দিনৰ অন্তত অন্নবালা ৰায় মুকলি আকাশৰ তললৈ ওলাই আহে।
কোকৰাঝাৰ ডিটেনচন কেম্পৰ পৰা অন্নবালা ৰায় ওলাই অহাৰ পিছতে আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনকে ধৰি আক্ৰাছুৰ আন নেতা কৰ্মীয়ে অন্নবালা ৰায়ক বিপুল আদৰণি জনায়।
আনহাতে অন্নবালা ৰায় জামিনত মুক্তি পোৱাৰ পিছতে আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে এয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি কৰা এক গভীৰ ষড়যন্ত্ৰ বুলি উল্লেখ কৰি পুনৰাই এনে ঘটনা সংঘটিত হলে আক্ৰাছু হাত সাৱটি বহি নাথাকে বুলি উল্লেখ কৰি গোকুল বৰ্মনে বিদেশী সজোৱাৰ নামত খিলঞ্জীয়াৰ ওপৰত এনে নিৰ্যাতন বন্ধ কৰিবলৈও চৰকাৰক সকিয়াই দিয়ে।
ইপিনে আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ বৰ্মনে কমতাপুৰৰ কোনো স্থায়ী বাসিন্দা বিদেশী হ’বই নোৱাৰে বুলি উল্লেখ কৰি এয়া ৰাজনৈতিক চক্ৰান্ত বুলি মন্তব্যৰে হিতেশ্বৰ বৰ্মনে কোচ ৰাজবংশী জনগোষ্ঠীক গিনিপিগ সজোৱাৰ প্ৰচেষ্টা বাদ দিবলৈ সকিয়নি দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যাতে ভৱিষ্যতে এনে কাৰ্য নকৰে তাৰ প্ৰতিও সচেতন হবলৈ আহ্বান জনায়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি