Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 6:26 pm

Home » আঞ্চলিক » বিস্তৃত কাৰ্যক্ৰমণিকাৰে মৰিগাঁৱত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় অধিবেশন : ব্যাপক প্ৰস্তুতি

বিস্তৃত কাৰ্যক্ৰমণিকাৰে মৰিগাঁৱত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় অধিবেশন : ব্যাপক প্ৰস্তুতি

মৰিগাঁও : অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় অধিবেশন খনি অহা ৬ জুলাইৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে মৰিগাঁও জিলা উদৰি-বাখৰবড়ি সতী ৰাধিকা আই ক্ষেত্ৰত অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় অধিবেশনখনি সফল কৰাৰ বাবে আদৰণি সমিতিয়ে ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।
আদৰণি সমিতিৰ হৈ সভাপতি মহেশ্বৰ দাস আৰু সম্পাদক অঞ্জন দাসে জনায় যে ৬ জুলাইৰ পুৱা ১০ বজাত মুখ্য তোৰণ উদ্বোধন কৰিব মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে, দিনৰ ১২ বজাত গ্ৰন্থমেলা উদ্বোধন কৰিব জিলা উপায়ুক্ত হেমেন দাসে, বিয়লি ৩ বজাত প্ৰতিনিধি সভা উদ্বোধন কৰিব জিলা সাহিত্য সভাৰ সভাপতি বুবুমনি গোস্বামীয়ে, সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন, ৯ বজাত কাৰ্যনিৰ্বাহক সভা।
অধিবেশনৰ দ্বিতীয় দিন অৰ্থাৎ ৭ জুলাইত পতাকা উত্তোলন কৰিব কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাসে, পুৱা ৮ বজাত জাতীয় শ্বহীদ তৰ্পণ কৰিব জিলা আছুৰ সভাপতি হিমাংশু মহন্তই, বিয়লি ৪ বজাত আকস্মিক বক্তৃতা প্ৰতিযোগিতা উদ্বোধন কৰিব তিৱা স্বায়ত্ব পৰিষদৰ সদস্য বোলোৰাম বৰদলৈয়ে, সন্ধিয়া ৫.৩০ বজাত বন্তি প্ৰজ্বলন কৰিব অভ্যৰ্থনা সমিতিৰ সভাপতি মহেশ্বৰ দাসে, ৬.১৫ বজাত প্ৰতিনিধি সভা, নিশা সাংস্কৃতিক অনুষ্ঠান।
অধিবেশনৰ সামৰণিৰ দিনা অৰ্থাৎ ৮ জুলাইত পুৱা ৯ বজাত শোভাযাত্ৰা মুকলি কৰিব জ্যোতি প্ৰসাদ দাসে, ১২ বজাত মুকলি সভা, কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাসৰ সভাপতিত্বত মুখ্য অতিথিৰ আসন অলংকৃত কৰিব বড়োলেণ্ড শ্বায়ত্ব পৰিষদৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। এই অনুষ্ঠানতে অভ্যৰ্থনা সমিতিয়ে প্ৰকাশ কৰিবলগীয়া স্মৃতিগ্ৰন্থ উন্মোচন কৰিব তিৱা সাহিত্য সভাৰ সম্পাদক ড° বিদুৎ সেনাপতিয়ে।
অনুষ্ঠানত মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ, সংযুক্ত মুক্তি বাহিনী, অসমৰ সম্পাদক অনুপ চেতিয়াসহ ভালেসংখ্যক বিশিষ্ট লোকে উপস্থিত থাকিব। সন্ধিয়া গণশিল্পী সূৰ্য্য দাসক বিশেষভাবে সম্বৰ্দ্ধনা জনোৱাৰ লগতে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান হব। কেন্দ্ৰীয় অধিবেশনৰ সমূহ কাৰ্যসূচী সফল কৰি তুলাৰ বাবে আদৰণি সমিতিৰ লগতে উদৰি-বাখৰবড়ি গাঁৱৰ ৰাইজে সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি