Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 5:59 pm

Home » আঞ্চলিক » পঁয়ালগা উন্নয়ন : তিতাবৰত ১৯ খন গাঁও সংযোগী একমাত্ৰ গড়কাপ্তানী পথৰ কৰুণ ছবি

পঁয়ালগা উন্নয়ন : তিতাবৰত ১৯ খন গাঁও সংযোগী একমাত্ৰ গড়কাপ্তানী পথৰ কৰুণ ছবি

তিতাবৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গৃহসমষ্টি তিতাবৰ ডফলাটিং ডাংধৰা সংযোগী গড়কাপ্তানী বিভাগৰ একমাত্ৰ পথটোৰ অৱস্থা সম্প্ৰতি তথৈবচ। বিগত প্ৰায় ১৭ বছৰে বিভাগীয় মেৰামতি তথা উন্নয়নৰ অভাৱত পথটো এতিয়া মৃতপ্ৰায়। বখলা বখলে এৰাই গৈছে পথটোৰ ব্লেক টপিং।
মুঠ প্ৰায় ১৯ খন বৃহৎ গাঁৱৰ ৰাইজ আৰু একাধিক গুৰু-লঘু যান-বাহন চলাচল কৰা পথটোত এতিয়া সততে প্ৰত্যক্ষ হয় পানীৰ ডোঙা বান্ধি থকা পুখুৰী সদৃশ বৃহৎ বৃহৎ গাত। চাফ চিকুণৰ অভাৱত সুদীৰ্ঘ প্ৰায় ৭ কিলোমিটাৰ দূৰত্বৰ পথটোৰ দুয়োকাষে গজি উঠিছে সততে বাঘ-ঘোঙ থাকিব পৰা ধৰণৰ হাবি জংঘল। কিন্তু এইবোৰলৈ কোনো ভ্ৰূক্ষেপ নাই সংশ্লিষ্ট বিভাগ আৰু জনপ্ৰতিনিধিৰ। ফলত বিধ্বস্ত পথেৰে অঞ্চলটোৰ নাগৰিক, ছাত্ৰ-ছাত্ৰী,যান-বাহন সমূহে নিতৌ দুৰ্বিসহ যাত্ৰা কৰিব লাগে। ডফলাটিং, বিৰিণাশায়েক, মৰিয়াশায়েক, চৈয়দবাৰী, চেঙেলিচুক, গাড়ীকুৰী, ডাংধৰা আদিকৰি প্ৰায় ১৯ খন গাঁৱৰ ৰাইজে ভুগিছে নৰক সদৃশ যন্ত্ৰণা।
অভিযোগ মতে পথটোৰ দায়িত্বত থকা গড়কাপ্তানী বিভাগৰ বিষয়া-ঠিকাদাৰে মিলি পথ উন্নয়নৰ বাবে অনুমোদিত ২২ লক্ষাধিক টকা ইতিপূৰ্বে উদৰস্থ কৰিছে।

ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম অতি শীঘ্ৰে সমাপ্ত কৰাৰ বাবে এন এইচ আই ডি চি এলৰ মহাপ্রবন্ধকক মুখ্যমন্ত্ৰীৰ কঠোৰ নির্দেশ

গুৱাহাটী : বাৰিষাৰ সময়ছােৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে যাতায়তৰ ক্ষেত্ৰত যাতে কোনাে অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবে অতি শীঘ্ৰে যথােচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে আজি ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম পৰিসীমিত (এন এইচ আই ডি চি এল)ৰ মহাপ্রবন্ধক অজিতপাল সিঙ ব্রাক কঠোৰ নির্দেশ দিয়ে।
আজি ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম পৰিসীমিতৰ সৈতে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত মুখ্যমন্ত্রী সােণেৱালে কয় যে ৰাষ্ট্ৰীয় ঘাইপথৰ শােচনীয় অৱস্থাৰ বাবে জনসাধাৰণৰ মাজত যথেষ্ট ক্ষোভৰ সৃষ্টি হৈছে। জনসাধাৰণৰ পুঞ্জীভূত ক্ষোভ নিৰাময়ৰ বাবে এন এইচ আই ডি চি এলে যুদ্ধকালীনভাবে মেৰামতিৰ কাম আৰম্ভ কৰিব লাগিব বুলি দোহাৰি মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত সময়সাপেক্ষ তথা ফলপ্রসু ব্যৱস্থা অতি শীঘে লােৱাৰ বাবে এন এইচ আই ডি চি এলক নির্দেশ দিয়ে।
পথত গাঁতৰ সৃষ্টি হলেই যাতে মেৰামতিৰ কাম কৰিব পাৰে তাৰ বাবে এন এইচ আই ডি চি এলক বিভিন্ন ঠাইত গােট স্থাপন কৰিবলৈও মুখ্যমন্ত্ৰীয়ে কয়। এই গােট সমূহত পথ মেৰামতিৰ বাবে প্রয়ােজনীয় সামগ্রী মজুতৰখাৰ বাবেও মুখ্যমন্ত্ৰীয়ে কয়। পথ নির্মাণ আৰু মেৰামতিৰ ক্ষেত্ৰত আধুনিক প্রযুক্তিবিদ্যা প্রয়ােগৰ ওপৰত গুৰুত্ব আৰােপ কৰি কম্বােডিয়াৰ পথ নির্মাণ প্রযুক্তিৰ কৌশল ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণৰ ক্ষেত্ৰত প্ৰয়ােগ কৰাৰ বাবে সেই দেশখন ভ্রমণ কৰি অভিজ্ঞতা আহৰণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ আগবঢ়ায়।।
বৈঠকত মুখ্যমন্ত্ৰীয়ে এন এইচ আই ডি চি এলৰ শীর্ষ বিষয়াসকলক ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শনৰ বাবেও নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে কাজিৰঙাত অনুষ্ঠিত বৈঠকত কেন্দ্রীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মন্ত্রী নীতিন গড়কাৰীয়ে কঠোৰ নির্দেশ দিয়াৰ পিছতাে এন এইচ আই ডি চি এলে তৎপৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। সেয়েহে প্রধানমন্ত্রী নৰেন্দ্ৰ মােডী আৰু নীতিন গড়কাৰীয়ে ৰাজ্যখনৰ পথ পৰিবহন ব্যৱস্থা শক্তিশালী কৰাৰ বাবে লােৱা পদক্ষেপ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আন্তৰিকতাৰে কাম কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে পথ নির্মাণ আৰু মেৰামতিৰ কামত স্থানীয় ঠিকাদাৰ সকলক সুবিধা প্রদানৰ উপৰি স্থানীয় অভিযন্ত্রাক নিয়ােগ কৰাৰ বাবেও পৰামৰ্শ আগবঢ়ায়।
বৈঠকত এন এইচ আই ডি চি এলৰ মহাপ্রবন্ধক গৰাকীয়ে মুখ্যমন্ত্রীক অৱগত কৰে যে আজি পুৱাৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ কাম আৰম্ভ হৈছে। মুখ্যমন্ত্ৰীয়ে দিয়া নির্দেশ অনুসৰি কাম সম্পূর্ণ কৰাৰ বাবে তেওঁলােকে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও তেওঁ কয়। বৈঠকত বিধায়ক প্রশান্ত ফুকন, বিনােদ হাজৰিকা উপস্থিত থকাৰ উপৰি এন এইচ আই ডি চি এলৰশীর্ষ বিষয়াসকল উপস্থিত আছিল।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি