Weather Data Source: wetter Bangalore 14 tage

July 4, 2025 3:31 am

Home » ক্ৰীড়া » ৰাছিয়াত ফুটবল মহাৰণৰ কোৱাৰ্টাৰ ফাইনেল : উৰুগুৱেৰ সন্মুখত ফ্রান্স আৰু ব্রাজিলৰ প্রত্যাহ্বান বেলজিয়াম

ৰাছিয়াত ফুটবল মহাৰণৰ কোৱাৰ্টাৰ ফাইনেল : উৰুগুৱেৰ সন্মুখত ফ্রান্স আৰু ব্রাজিলৰ প্রত্যাহ্বান বেলজিয়াম


কাজান : ফুটবল মহাৰণৰ ৰােমাঞ্চ আৰু উত্তেজনা ক্ৰমাৎ চৰম সীমাত উপনীত হৈছে। আজিৰে পৰা আৰম্ভ হ’ব ফুটবল মহাৰণৰ কোৱাৰ্টাৰ ফাইনেল৷ নিকলী নভগ’ৰডত সন্ধিয়া ৭.৩০ বজাত দুবাৰৰ চেম্পিয়ন উৰুগুৱেই ১৯৯৮তে অন্তিমবাৰৰ বাবে খিতাপৰ সােৱাদ লাভ কৰা ফ্রান্সৰ মুখামুখি হ’ব। প্রি-কোৱাৰ্টাৰ ফাইনেলত লিঅ’নেল মেছিৰ লগতে শক্তিশালী আর্জেন্টিনাৰ স্বপ্ন ভংগ কৰি ফৰাচী অনুৰাগীৰ মনত বিশ্বজয়ৰ নতুন সপােন জগাই তােলা ফ্রান্সৰ তীব্ৰ গতিসম্পন্ন আক্রমণ বিভাগ আৰু ৰাছিয়াত প্ৰতিটো দলৰ সন্মুখত বাধাৰ প্ৰাচীৰ হৈ দেখা দিয়া উৰুগুৱেৰ ৰক্ষণ বিভাগৰ মাজতে ঘাইকৈ আজিৰ মূল যুঁজখন হােৱাৰ পূর্ণ সম্ভাৱনা আছে।
কিয়নাে গ্রুপত অপৰাজেয় হৈ থকা ফ্রান্সে আর্জেন্টিনাৰ দৰে আগশাৰীৰ দলৰ বিৰুদ্ধে চাৰিটাকৈ গ’ল কৰি এটেকিং ফুটবলৰ সুন্দৰ নিদর্শন দাঙি ধৰাৰ বিপৰীতে ১৯৩০ আৰু ১৯৫০ৰ চেম্পিয়ন উৰুগুৱেই ৰাছিয়া বিশ্বকাপত এই পর্যন্ত মাত্র এটা গ’লহে হজম কৰিবলগীয়া হৈছে। চেট্টেল ডিফেণ্ডাৰ জ’ছ গিমেনেজ আৰু ডিয়েগাে গােড়িনৰ ৰক্ষণবেহু ভেদ কৰাটো এতিয়ালৈ সহজসাধ্য হৈ উঠা নাই যদিও গ্রিজমেন, এমবাপে আৰু গিৰাউডৰ দৰে ফৰাচী স্ট্রাইকাৰে আজি এই বাধাৰ প্ৰাচীৰ ভেদ কৰি ফুটবলপ্রেমীক উন্মাদনাৰ নতুন স্বাদ দিলেও আচৰিত হ’ব লগা একো নাথাকিব।
অৱশ্যে বিশ্ব ফুটবলৰ নতুন চাঞ্চল্য এমবাপেক চক্ৰবেহুত বন্দী কৰিবলৈ বিশেষ ৰণকৌশলেৰে খেলপথাৰত নমাৰ ইংগিত দিছে উৰুগুৱেৰ প্রশিক্ষক অস্কাৰ টাবাৰেজে। কিন্তু দক্ষিণ আমেৰিকান দলটোৰ সকলাে জল্পনা-কল্পনাত আউল লগাইছে অভিজ্ঞ তাৰকা এডিছন কাভানীৰ কলাফুলৰ আঘাতে। পর্তুগাল বিৰুদ্ধে অন্তিম ১৬ৰ মেচত সন্মুখীন হােৱা আঘাতৰ পৰা এতিয়াও তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই। বিগত তিনি দিন ধৰি অনুশীলনত নামিব নােৱাৰা কাভানীয়ে আজিৰ কোৱাৰ্টাৰ ফাইনেলত খেলিব নােৱাৰিব বুলি প্ৰশিক্ষক টাবাৰেজে ইতিমধ্যে ইংগিত দিছে। প্রি-কোৱাৰ্টাৰত দুটাকৈ গ’ল কৰি দলৰ বিজয় সুনিশ্চিত কৰা তাৰকাগৰাকীৰ অনুপস্থিতিত শুকুৰবাৰে নিঝনী নভগ’ৰডত ছুৱাৰেজেই উৰুগুৱেৰ আক্ৰমণৰ গুৰি ধৰিব লাগিব।
মন কৰিবলগীয়া যে সুদীর্ঘ ৬৮ বছৰ পূবেই বিশ্বকাপ অন্তিমবাৰৰ বাবে চেম্পিয়ন হােৱা উৰুগুৱেই ২০১০ত ছেমিফাইনেল খেলিবলৈ সক্ষম হৈছিল। পশ্চিম ইউৰােপ আৰু দক্ষিণ আমেৰিকান দেশ দুখনৰ মাজৰ এই মৰণপণ যুঁজৰ ৰােমাঞ্চ আৰু উত্তেজনা শাম কটাৰ পূবেই কাজানত নিশা ১১.৩০ বজাত সমুখসমৰত নামিব ৬বাৰ চেম্পিয়ন হােৱাৰ দুৰ্বাৰ স্বপ্ন বুকুত বান্ধি ৰাছিয়ালৈ অহা ব্রাজিল আৰু আত্মবিশ্বাসত টগবগাই থকা বেলজিয়াম। ব্রাজিলৰ ছুপাৰষ্টাৰ নেইমাৰৰ ওপৰত বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ থাকিব যদিও ইডেন হেজার্ড, ৰােমেলু লুকাকু আৰু কেভিন ডি ব্রুইনীৰ দৰে স্ট্রাইকাৰে যিকোনাে মুহুর্তত বেলজিয়ামৰ ভাগ্য সলনি কৰিব পাৰে।
দেশখনৰ গল্ডেন জেনেৰেচন’ হিচাপে পৰিচিত এই প্রতিভাৱান দলটোৱে এইপর্যন্ত ৰাছিয়াত এখনাে মেচত পৰাজয়ৰ সন্মুখীন নহৈ শক্তিৰ পৰিচয় দিছে। গ্রুপ পর্যায়ত ইংলেণ্ডৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে জয় সাব্যস্ত কৰা বেলজিয়ামে প্রি-কোৱাটাৰত এছিয়ান শক্তি জাপানৰ পৰা তীব্র প্রত্যাহান লাভ কৰে যদিও অন্তিম ক্ষণৰ গ’লেৰে দুর্দান্ত প্রত্যাৱৰ্তন কৰিবলৈ সক্ষম হয়। ৫২ মিনিটলৈ দুগ’লত পিছপৰি থাকিও অৱশেষত নাটকীয়ভাৱে লাভ কৰা জয়ে প্ৰকৃতাৰ্থত দলটোক বিশ্বকাপত নৱজীৱন দিছে।
ব্রাজিল বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলিষ্ট বেলজিয়ামে এই পুনৰ জনমক সাৰথি কৰি আজি ৫বাৰৰ চেম্পিয়ন ব্রাজিল বিজয় স্তব্ধ কৰিবলৈ সংকল্পবদ্ধ। ইয়াৰ বাবে অৱশ্যে ইডেন হেজাৰ্ডৰ দলটোৱে নেইমাৰ, কটিনহাে, উইলিয়ান, থিয়াগাে ছিলভা আদিৰ দৰে মহাৰ্থীক নিয়ন্ত্ৰণত ৰাখিব লাগিব।
ইফালে, মেছি-ৰ’নাল্ডােৰ অনুপস্থিতিত ৰাছিয়া বিশ্বকাপত নায়কৰ পৰা মহানায়ক হােৱাৰ সুবর্ণ সুযােগৰ সদ্ব্যৱহাৰত ব্রাজিলিয়ান তাৰকা নেইমাৰ কিমান দূৰ সফল হয়, সেয়াও লক্ষণীয় হ’ব।
উল্লেখ্য যে উৰুগুৱে, ফ্রান্স, ব্রাজিল আৰু বেলজিয়ামৰ সৈতে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা আন দলকেইটা হ’ল দুইডেন, ইংলেণ্ড, ৰাছিয়া আৰু ক্ৰৱেচিয়া ৭ জুলাইত ছুইডেনে ইংলেণ্ড আৰু ৰাছিয়া ক্ৰৱেচিয়াৰ মুখামুখি হ’ব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি