ৱেব সংবাদ : চীনৰ অগ্ৰণী শিক্ষানুষ্ঠানত মুৰব্বীৰ আসন শুৱনি কৰিছে এজন অসমীয়াই। তেজপুৰৰ সু–সন্তান তথা সুখ্যাত অধ্যাপক দীপক জৈনক শেহতীয়াকৈ চীনৰ চাংহাইৰ চীন ইউৰোপ ইণ্টাৰনেচনেল বিজনেছ স্কুলৰ মুৰব্বীৰ আসনত অধিষ্ঠিত কৰা হৈছে। ৬১ বছৰীয়া জৈনে শিক্ষা প্ৰতিষ্ঠানখনৰ ইউৰোপিয়ান প্ৰেছিডেণ্টৰ আসন শুৱনি কৰিব। জৈনক পেড্ৰ’ নুৱেনৰ স্থলাভিষিক্ত কৰা হৈছে। জৈন পূৰ্বে বিশ্বৰ আন দুখন আগশাৰীৰ বিজনেছ স্কুলৰ ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সম্প্ৰতি আমেৰিকাৰ চিকাগোত বসবাস কৰা জৈনে প্ৰতি মাহতে ১০–১৫ দিনকৈ চাংহাইত থাকি শিক্ষানুষ্ঠানখনত কাম কৰি আছে।