Weather Data Source: wetter Bangalore 14 tage

July 4, 2025 9:04 am

Home » আঞ্চলিক » ডিমা হাছাওৰ মাহুত সােপাধৰাৰ আতংক : তিনি সাধুক গণপ্ৰহাৰ

ডিমা হাছাওৰ মাহুত সােপাধৰাৰ আতংক : তিনি সাধুক গণপ্ৰহাৰ


গুৱাহাটী : কার্বি আংলঙৰ ডকমকাত সংঘটিত ভয়াবহ ঘটনাৰ পাছতাে ৰাজ্যত নির্মল হােৱা নাই সােপাধৰাৰ আতংক। আৰক্ষীপ্রশাসনৰ দুৰ্বলতাৰ সুযােগ লৈ দুষ্কৃতিকাৰীয়ে ছ’চিয়েল মিডিয়াযােগে সােপাধৰাৰ আতংক অব্যাহত ৰাখিবলৈ সক্ষম হােৱাৰ ফলতে বৃহস্পতিবাৰে পুনৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হ’ল ডিমা হাছাওৰ মাহুৰ ৰেল ষ্টেচনৰ সমীপত। সােপাধৰাৰ সন্দেহত তিনিজন সাধুক গণপ্রহাৰ কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে।
ঘটনাৰ বিৱৰণী অনুসৰি, সাধুৰ বেশত অহা তিনিজন লােকে ইউ পি-১৬ বি-৭৫৮২ নম্বৰৰ মাৰুতি কাৰ এখনেৰে পুৱাৰে পৰা অঞ্চলটোত ঘূৰি ফুৰা স্থানীয় ৰাইজৰ চকুত পৰে। লগে লগে স্থানীয় লােকসকলৰ মাজত দীঘল চুলি-ডাঢ়ি থকা সাধুকেইজন সােপাধৰা বুলি সন্দেহ সৃষ্টি হয়। ইয়াৰ পাছতে সমগ্ৰ অঞ্চলটোতে সােপাধৰাৰ আতংক নিমিষতে বিয়পি পৰে। পৰৱৰ্তী সময়ত স্থানীয় লােকসকলে মহুৰ ৰেল ষ্টেচনৰ সমীপত সাধুকেইজনক আগচি ধৰি প্ৰহাৰ কৰে। শতাধিক লােকে সাধুকেইজনৰ বাহনখন ক্ষতি কৰাৰ লগতে তেওঁলােকক প্রাণে মাৰিবলৈও চেষ্টা চলায়।
অৱশ্যে ঘটনাটো সংঘটিত হােৱাৰ লগে লগে এই সন্দৰ্ভত অৱগত হয় ৰেল ষ্টেচনত কৰ্মৰত সেনাবাহিনীৰ জোৱানসকল। ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ উত্তেজিত জনতাৰ কবলৰ পৰা সাধু তিনিজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় সেনা জোৱানসকলে। পৰৱৰ্তী সময়ত তিনিওজন সাধুকে মাহুৰস্থিত সেনা শিবিৰলৈ আনি সেনাবাহিনীয়ে জেৰা চলায়। কি উদ্দেশ্যে আৰু ক’ৰ পৰা আহি উক্ত অঞ্চলটোত তেওঁলােক উপস্থিত হৈছিল, সেই সন্দৰ্ভত সাধুকেইজনক সেনাই সােধা-পােছা কৰে।
প্ৰসংগক্রমে উল্লেখ কৰিব পাৰি যে ডকমকাত অভিজিৎ নাথ আৰু নীলােৎপল দাসক সােপাধৰা সন্দেহত স্থানীয় একাংশ লােকে প্ৰহাৰ কৰি হত্যা কৰা ঘটনাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ আতংকময় পৰিৱেশ সৃষ্টি হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াযােগে আতংক বিয়পােৱা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে যদিও এতিয়াও ৰাজ্যৰ প্রান্তে প্রান্তে অব্যাহত আছে আতংকময় পৰিৱেশ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি