Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 11:40 am

Home » আঞ্চলিক » মাৰাত্মক নিপা ভাইৰাছৰ সন্ধান অসমত : ইণ্ডিয়ান জার্নাল অৱ মেডিকেল ৰিছাৰ্চত ভয়াৱহ তথ্য

মাৰাত্মক নিপা ভাইৰাছৰ সন্ধান অসমত : ইণ্ডিয়ান জার্নাল অৱ মেডিকেল ৰিছাৰ্চত ভয়াৱহ তথ্য


গুৱাহাটী ব্যুৰ’ : অসমত প্রাণঘাতী নিপা ভাইৰাছৰ ‘প্রাকৃতিক ভঁৰাল’ৰ সন্ধান লাভ কৰিছে বিজ্ঞানীসকলে। নিপা ভাইৰাছে অলপতে কেৰালাত কমেও ১৭জন লােক প্রাণ কাঢ়ি নিয়া বাতৰিৰ আতংক মাৰ নৌযাওঁতেই ইণ্ডিয়ান জার্নাল অব মেডিকেল ৰিছাৰ্চৰ সদ্যপ্রকাশিত সংস্কৰণত এই বিস্ফোৰক বাতৰি পৰিৱেশন কৰা হৈছে।
জার্নালখনত কোৱা হৈছে যে অসমৰ ধুবুৰী জিলাত নিপা ভাইৰাছ বহন কৰা একাধিক ফলাহাৰী বাদুলীৰ (টেৰপাছ জাইগেণ্টিয়াছ) মাৰাত্মক নিপা ভাইৰাছৰ ‘প্রাকৃতিক ভঁৰাল’ অসমৰ ধুবুৰী বুলি সন্ধান লাভ কৰিছে পুনেস্থিত নেচনেল ইনষ্টিটিউট অৱ ভাইৰল’জীৰ বিজ্ঞানীসকলে। লক্ষণীয়ভাৱে দেশৰ ভিতৰত নিপা ভাইৰাছৰ ‘প্রাকৃতিক ভঁৰালৰ এয়াই হৈছে প্রথম আৱিষ্কাৰ।
প্রতিবেদনত উল্লেখ কৰা মতে অসম আৰু পশ্চিমবংগৰ বন বিভাগৰ অনুমতি মর্মে অলপতে বিজ্ঞানীসকলে অসমৰ ধুবুৰী, পশ্চিমবংগৰ কোচবিহাৰ আৰু জলপাইগুৰিৰ বিভিন্ন অঞ্চলৰ পৰা মুঠ ১০৭টা ফলাহাৰী বাদুলী সংগ্রহ কৰি লৈ গৈছিল। ধুবুৰীৰ পৰা ৬০টা, কোচবিহাৰৰ পৰা ৩৯টা আৰু জলপাইগুৰিৰ পৰা সংগৃহীত ৮টা বাদুলীৰ ভিতৰত ৯টা বাদুলীৰ শৰীৰত নিপা ভাইৰাছৰ নমুনা লাভ কৰিছে নেচনেল ইনষ্টিটিউট অৰ্ব ভাইৰলজীৰ বিজ্ঞানীসকল।
মন কৰিবলগীয়া যে কেৰালাত সংহাৰী ৰূপ লােৱা নিপা ভাইৰাছৰ বাতৰি দেশজুৰি চাঞ্চল্য সৃষ্টি কৰাৰ বিপৰীতে ভাৰত-বাংলাদেশ সীমান্তৱর্তী। এলেকাত ২০০১ চনৰ পৰা পৰা ২০১৩ চনলৈকে মুঠ ১৮বাৰ নিপা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰিছিল। সেয়েহে যােৱা কেইবাবছৰ ধৰি বিজ্ঞানীসকলে বাংলাদেশ সীমান্তৱৰ্তী অসম-পশ্চিমবংগৰ বিভিন্ন ঠাইৰ পৰা ফলাহাৰী। বাদুলীৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলাই আছিল। পিছে এই প্রথমবাৰৰ বাবে বিজ্ঞানীসকলে ফলাহাৰী বাদুলীৰ শৰীৰত নিপা ভাইৰাছৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে নিপা ভাইৰাছ ফলাহাৰী বাদুলীয়ে খােৱা ফলৰ পৰাই বিয়পে। অতি উদ্বেগজনক বিষয়টো হৈছে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চৰ মাহেকীয়া আলােচনী ইণ্ডিয়ান জার্নাল অৱ মেডিকেলত প্রকাশিত প্রতিবেদন অনুসৰি বিজ্ঞানীসকলে ধৰি লৈ যােৱা বাদুলীবােৰ কোনাে বনাঞ্চলৰ পৰা সংগ্ৰহ কৰা নাছিল। সংগ্রহ কৰিছিল জনবহুল এলেকাৰ পৰাই। সেয়েহে যিকোনাে মুহর্তত নিপা ভাইৰাছ মানৱ শৰীৰলৈ বিয়পিব পাৰে বুলি বিজ্ঞানীসকলে আশংকা ব্যক্ত কৰিছে।
পিছে স্বস্তিৰ বিষয়টো হৈছে সাধাৰণতে নিপা ভাইৰাছ পােনে পােনে বাদুলীৰ শৰীৰৰ পৰা মানৱ শৰীৰলৈ বিয়পিব নােৱাৰে। বাদুলীয়ে খােৱা ফল কিম্বা ফলত লগা বাদুলীৰ লেলাউটি কিবা কাৰণত যদি মানৱ শৰীৰত প্ৰৱেশ কৰে, তেনেহ’লেই সংশ্লিষ্ট ব্যক্তিয়ে নিপা ভাইৰাছত আক্রান্ত হ’ব পাৰে।
তদুপৰি অসমত সন্ধান লাভ কৰা নিপা ভাইৰাছ বহনকাৰী ফলাহাৰী বাদুলীক লৈ গভীৰ উদ্বিগ্নতা ব্যক্ত কৰিছে নেচনেল ইনষ্টিটিউট অৱ ভাইল’জীৰ বিজ্ঞানীসকলে। উল্লেখ্য যে নিপা ভাইৰাছ ক’ৰ পৰা বিয়পে ইমান দিন ভাৰতৰ বিজ্ঞানীসকলে উমান পােৱা নাছিল। কেৰালাৰ কোড়িকড আৰু মালাপ্পৰামত নিপা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ পিছতেই বিজ্ঞানীসকলে প্রথমবাৰৰ বাবে ভাৰতত বাদুলীৰ পৰা নিপা ভাইৰাছ বিয়পে বুলি স্থিৰ সিদ্ধান্তত উপনীত হৈছে।
প্ৰসংগক্রমে উল্লেখ কৰিব পাৰি যে ইয়াৰ পূর্বে ২০০৯ চনত মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগৰ পৰা সংগৃহীত ১৪০টা ফুলাহাৰী বাদুলীৰ ভিতৰত মাত্র এটা বাদুলীৰ শৰীৰতেই নিপা ভাইৰাছৰ সন্ধান লাভ কৰিছিল। সেয়েহে বাংলাদেশ সীমান্তৱৰ্তী অসম-পশ্চিমবংগত সন্ধান পােৱা ফলাহাৰী বাদুলীৰ ব্যাপক উপস্থিতিক বিজ্ঞানীসকলে নিপা ভাইৰাছৰ ভৰাল বুলি চিহ্নিত কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি