Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 7:55 am

Home » আঞ্চলিক » পিতৃ-মাতৃক প্রতিপালন নকৰিলে দৰমহা কর্তন : কাৰ্যকৰী হ’ব ‘প্রণাম আয়ােগ’

পিতৃ-মাতৃক প্রতিপালন নকৰিলে দৰমহা কর্তন : কাৰ্যকৰী হ’ব ‘প্রণাম আয়ােগ’

গুৱাহাটী : পিতৃ-মাতৃৰ প্ৰতি অৱহেলা কৰা কৰ্মচাৰীৰ দৰমহা কর্তন কৰি সেই দৰমহা প্ৰদান কৰা হ’ব পিতৃ-মাতৃক। চৰকাৰী কৰ্মচাৰীক পুনৰ সকীয়নি প্রদান কৰি শনিবাৰে এই কথা ঘােষণা কৰিলে স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। মন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে ৰাজ্য চৰকাৰে গ্ৰহণ পিতৃ-মাতৃক প্রতিপালন নকৰিলে কৰা প্ৰণাম আইনখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ইতিমধ্যে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেবিনেটত এই উদ্দেশ্যে প্রণাম আয়ােগ গঠনৰ সিদ্ধান্ত লােৱাৰ পাছতে কোনাে পিতৃ-মাতৃয়ে চৰকাৰী চাকৰিয়াল পুত্র অথবা জীয়ৰীৰ অৱহেলাৰ অভিযােগ দিলে আয়ােগে ১০-১৫ শতাংশ দৰমহা কৰ্তন কৰি পিতৃ-মাতৃক প্রদান কৰিব।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নাৰ্ছ আৰু চতুর্থবৰ্গৰ কৰ্মচাৰীক নিযুক্তি-পত্র প্রদান কৰি মন্ত্ৰীগৰাকীয়ে এই কথা ঘােষণা কৰাৰ লগতে ইয়াকো স্পষ্ট কৰি দিয়ে যে প্রণাম আঁচনি গ্রহণ কৰাৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ হ’ব খােজা নাই। কিন্তু শেহতীয়াকৈ শিৱসাগৰৰ ৰজনী খাৰঘৰীয়া দম্পতিৰ আত্মহননৰ ঘটনাক লৈ চৰকাৰ কঠোৰ হ’বলৈ বাধ্য হৈছে। অহা ২ অক্টোবৰৰ পৰা প্ৰণাম আয়ােগৰ কাম-কাজ আৰম্ভ কৰা হ’ব বুলি মন্ত্রীগৰাকীয়ে উল্লেখ কৰে।
সংবাদ মাধ্যমৰ সৈতে হােৱা মুখামুখিত মন্ত্রীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়ৰ সংৰক্ষিত আসনৰ নামভৰ্তিৰ ক্ষেত্ৰত শেহতীয়াকৈ হােৱা খেলিমেলি সন্দৰ্ভতাে মন্তব্য প্রকাশ কৰে। মন্ত্রীগৰাকীয়ে কয় যে সংৰক্ষিত আসনৰ বিপৰীতে নামভৰ্তি কৰিব বিচৰা কোনাে ছাত্র-ছাত্রীৰ প্ৰমাণ-পত্ৰৰ ক্ষেত্ৰত আপত্তি উঠিলে, তাক জিলা উপায়ুক্তৰ জৰিয়তে পৰীক্ষা কৰােৱা হ’ব। জিলা উপায়ুক্তই দিয়া প্রতিবেদন অনুসৰিয়েই স্বাস্থ্য বিভাগে নামভৰ্তিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি