Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 11:12 am

Home » আঞ্চলিক » কোকৰাঝাৰত ‘কোচৰাজবংশী জনগোষ্ঠীৰ নৃত্য আৰু গীতৰ সাতদিনীয়া কৰ্মশালা’ সম্পন্ন

কোকৰাঝাৰত ‘কোচৰাজবংশী জনগোষ্ঠীৰ নৃত্য আৰু গীতৰ সাতদিনীয়া কৰ্মশালা’ সম্পন্ন


কলা সংস্কৃতি জীয়াই ৰখাৰ মহান স্বাৰ্থত নৱদিগন্ত এন জি ওৰ ব্যতিক্ৰমী পদক্ষেপ
কোকৰাঝাৰ : বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰত কোচৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত কলা সংস্কৃতি উঠি অহা প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ মহান উদ্দেষ্যৰে ‘নৱ দিগন্ত’ নামৰ বেচৰকাৰী সংস্থা এটাৰ উদ্যোগত কোচৰাজবংশী জনগোষ্ঠীৰ লোক নৃত্য আৰু গীতৰ সাতদিনীয়া কৰ্মশালা অনুষ্ঠিত হৈ যায়৷
উল্লেখ্য যে, কোচৰাজবংশী জনগোষ্ঠীৰ জাতীয় ছাত্ৰ সংগঠন আক্ৰাছুৰ চহৰ আঞ্চলিক সমিতিৰ সহযোগত ‘নৱ দিগন্ত’ নামৰ এন জি ওই ভূমিপুত্ৰ কোচৰাজবংশী জনগোষ্ঠীৰ মাজত পৰম্পৰাগত হুদুম, কুশাঁন, গোৱালিনী আৰু কাৰ্তিকা নৃত্যৰ লগতে জনগোষ্ঠীয় লোকগীতসমূহ কালৰ সোঁতত যাতে বিলুপ্ত নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰ চহৰৰ শাখা সাহিত্য সভা ভৱনত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ গ্ৰীষ্মকালীন বন্ধৰ সময়ত এই সাতদিনীয়া কৰ্মশালাৰ আয়োজন কৰে৷
এন জি ওৰ সভানেত্ৰী নিজৰা শৰ্মাই কয়— কোচৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰা কলা-সংস্কৃতিসমূহ বৰ্তমান পশ্চিমীয়া সংস্কৃতিৰ কলা ডাৱৰে ঘেঁৰি ধৰা সময়ত যাতে বিলীন নহয় তাৰ প্ৰতি নৱপ্ৰজন্মৰ মাজত সজাগ আৰু সংৰক্ষন কৰাৰ বাৱে এনেধৰণৰ কৰ্মশালাৰ প্ৰয়োজনীতা আছে৷যাৰবাৱে এনজিওৰ মঞ্চৰ পৰা জাতীয় সংগঠনক সহায় লৈ কোকৰাঝাৰ চহৰত প্ৰথমবাৰৰ বাবে এনে কৰ্মশালাৰ আয়োজন কৰা হৈছে বুলি শৰ্মাই জানিবলৈ দিয়ে৷
একেদৰে কোচৰাজবংশী ভাষা-কলা-সংস্কৃতি জীয়াৰ ৰখাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ জাতীয় সংগঠন কোচ ৰাজবংশী সাংস্কৃতিক সন্থাৰ সভাপতি বুদ্দেশ্বৰ ৰায়ে সাংবাদিকৰ আগত কয়, কোকৰাঝাৰত এইবাৰ গ্ৰীষ্মকালীন গৰম বন্ধত কোচৰাজবংশী জনগোষ্ঠীৰ কলা সংস্কৃতি নৃত্য গীতসমূহ উঠি অহা প্ৰজন্মৰ মাজত জাগৰণ আৰু বৰ্তাই ৰখাৰ স্বাৰ্থতে জতীয় ছাত্ৰ সংগঠন হিচাপে এক চিন্তা-চৰ্চা কৰিহে ‘নৱ দিগন্ত’ এনজিওৰ সহায় লৈ এই সাতদিনীয়া কৰ্মশালাখন অনুষ্ঠিত কৰা হৈছিল৷
সাতদিনীয়া কৰ্মশালাত কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী অঞ্চল ভোটগাও, চন্দ্ৰপাৰা, কালীপূখৰী, ছৰাইখোলা, ছালাকাটি, জয়পুৰ আৰু ডিমলগাঁৱৰ পৰা এশগৰাকী কনমাণিৰ পৰা প্ৰাপ্তবয়স্ক ল’ৰা ছোৱালীয়ে অংশ লয়৷ এই সাতদিনীয়া কৰ্মশালাৰ আজিৰ সমাপ্ত সভাত কোচ-ৰাজবংশী গীত-সুৰৰ লহৰ আৰু চন্দে চন্দে গ্ৰীষ্মকালীন স্কুলীয়া বন্ধত নাচিলে এজাক কনমাণি শিশু ছাত্ৰ-ছাত্ৰীয়ে৷ কৰ্মশালাৰ অন্তিম দিনত শতাধিক প্ৰতিযোগীসকলৰ মাজত প্ৰশংসনীয় পত্ৰ ও বিতৰণ কৰা হয়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি