Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 5:46 pm

Home » আঞ্চলিক » কাজিৰঙা জাতীয় অর্কিড আৰু জৈৱ-বৈচিত্র্য উদ্যানলৈ অসম চৰকাৰৰ উচ্ছেদৰ জাননী

কাজিৰঙা জাতীয় অর্কিড আৰু জৈৱ-বৈচিত্র্য উদ্যানলৈ অসম চৰকাৰৰ উচ্ছেদৰ জাননী


“এয়া মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ চূড়ান্ত ৰাজনৈতিক প্রতিশােধ পৰায়নতা” : কৃষক মুক্তি সংগ্রাম সমিতি

গুৱাহাটী : অসমৰ পর্যটন ক্ষেত্ৰৰ নৱতম সংযােজন আৰু অর্কিড তথা অন্য জৈৱ-বৈচিত্র্য সংৰক্ষণেৰে সমগ্ৰ ভাৰতবৰ্ষৰ বাবে গৌৰৱত পৰিণত হােৱা কাজিৰঙা জাতীয় অর্কিড আৰু জৈৱ-বৈচিত্র্য উদ্যানলৈ অসম চৰকাৰে উচ্ছেদৰ জাননী প্রেৰণ কৰিছে। কৃষক মুক্তি সংগ্রাম সমিতিৰ উদ্যোগত নির্মিত আৰু অসম চৰকাৰৰ সমবায় বিভাগত পঞ্জীয়নকৃত এই প্রখ্যাত অৰ্কিড উদ্যানখনৰ সৰ্বমুঠ ৬ বিঘা ১ কঠা ১২ লােচা মাটিৰ ওপৰত এই উচ্ছেদৰ জাননী জাৰি কৰা হৈছে। বােকাখাত ৰাজহ চক্ৰৰ চক্ৰ বিষয়াইনং. বি.কে.চি.৪১/২০১৩/১০৯৩ স্মাৰকযােগে কাজিৰঙা জাতীয় অর্কিড আৰু জৈৱবৈচিত্র্য উদ্যানৰ সৰ্বমুঠ ২৮ বিঘা মাটিৰ ৬ বিঘা ১ কঠা ১২ লােচাৰ মাটি পট্টা নাই অর্থাৎ বেদখল কৰি আছে বুলি জাননী পােৱাৰ ৭ দিনৰ ভিতৰত বেদখলমুক্ত কৰিবলৈ আৰু অন্যথা চৰকাৰে উচ্ছেদ চলাব বুলি জাননী জাৰি কৰা হৈছে। চক্র বিষয়াৰ উচ্ছেদৰ এইজাননীখন যােৱা ৫ জুলাই তাৰিখে প্রকাশ হৈছিল যদিও অর্কিড উদ্যান কর্তৃপক্ষক ৭ জুলাই তাৰিখেহে জাননীখন দিয়া হৈছে। ফলত কার্যতঃ অর্কিড উদ্যানক মাত্র ৫ দিনৰ সময় দি উচ্ছেদ কৰিব খােজা হৈছে। জাননীখনত কোৱা হৈছে যে যােৱা ৮ জুন তাৰিখৰ গােলাঘাট জিলাৰ উপায়ুক্তৰ চিঠি নং জি.আৰ.এচ. ৪৩/২০১৬/৮১ নির্দেশৰ ভিত্তিত ৰাজহ চক্ৰ বিষয়াই এই উচ্ছেদৰ জাননী জাৰি কৰিছে। মাত্র ৫ দিনৰ সময়সীমা দি নির্দেশ দিয়া জাননীখনৰ ফলত কাজিৰঙা জাতীয় অর্কিড আৰু জৈৱ-বৈচিত্র্য উদ্যানৰ কেইবাটাও আপুৰুগীয়া সম্পদ ধ্বংস হ’ব। এই ৬ বিঘা ১ কঠা ১২ লােচা মাটিত অসমৰ গােখা জনগােষ্ঠীৰ এটা অত্যন্ত চহকী সংগ্রহালয় আছে।
তাৰােপৰি এই মাটিখিনিত অসমৰ ১০১ টা শাকৰ এখন বাগিচা, ৫০তকৈ অধিক প্রজাতি থকা ঢেকীয়াৰ এটি গ্রীণ হাউচ, উত্তৰ-পূৰ্বাঞ্চলৰ ৫৪ বিধ বাঁহৰ এখন মনােমােহা বাগিচা আৰু নাওখেল প্রদর্শন কৰা এটি পুখুৰীত উচ্ছেদ কৰা হ’ব। “কলাশ্রী বিনােদ খনাল গােখা সাংস্কৃতিক সংগ্রহালয়ত ভাৰতবৰ্ষৰ গােখাসকলৰ ২৬০০ বিভিন্ন আপুৰুগীয়া সামগ্রী সংগ্রহকৰা হৈছে। গােখাসকলৰ বাদ্যযন্ত্র, গােখাসকলৰ গাে পালনৰ লগত আৰু গাখীৰ, দৈ, মাখন আদি তৈয়াৰৰ লগত জড়িত প্ৰতিটো সামগ্রী, সাজ-পােচাকৰ পৰা গাের্খা জনজীৱনত ব্যৱহাৰ কৰা প্রতিটো সামগ্রী ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে। এই সাংস্কৃতিক সংগ্রহালয়টো কেৱল গােখা জনগােষ্ঠী বা অসমৰে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ সাংস্কৃতিক জীৱনৰে অতি মূল্যবান সম্পদৰ সংগ্ৰহালয় ৰূপে বিবেচিত হৈ আহিছে। সংগ্রহালয় গৃহটি বাঁহ আৰু কাঠেৰে নির্মিত হলেও ইয়াৰ সামগ্ৰীসমূহআৰু ইয়াৰ সংৰক্ষণ আন্তজার্তিক পর্যায়ৰ বুলি সকলাে পর্যটকে স্বীকাৰ কৰে।
এই সংগ্রহালয়টোৰ কাষতে আছে অসমৰ ১০১ টা শাকৰ এখন সৰু বাগিচা। অসমীয়া মানুহে ব’হাগ বিহুৰ প্রথম দিনটোত যিসমূহ শাক একেলগে ৰান্ধি খালে সমগ্র বছৰটোৰ বাবে সুস্থ শৰীৰ আৰু মঙ্গলেৰে থাকিব পাৰে বুলি বিশ্বাস কৰে সেই আটাইবােৰ শাক পর্যটকসকলক চিনাকি কৰি দিবলৈকে এই ১০১ টা শাকৰ বাগিচাখন তৈয়াৰ কৰা হৈছিল।
অসমৰ পাহাৰ ভৈয়ামত পােৱা ৫০টাতকৈ অধিক ঢেকীয়া প্রজাতি সংৰক্ষণেৰে কাজিৰঙা জাতীয় অর্কিড আৰু জৈৱ-বৈচিত্র্য উদ্যানত এটি গ্রীণ হাউচ তৈয়াৰ কৰা হৈছে। কাৰ্বি আংলং, উত্তৰ কাছাৰৰ পাহাৰ আৰু অসমৰ বিভিন্ন অঞ্চলৰ পৰা সংগৃহীত বিভিন্ন প্রজাতিৰ আৰু বিভিন্ন ৰঙী এই ঢেকীয়াৰ সংগ্ৰহ উদ্যানখনৰ এটি আকর্ষণীয় কেন্দ্র। তাকো অসম চৰকাৰে উচ্ছেদ কৰাৰ ভাবুকি দিছে। তাৰােপৰি গােখা সংগ্রহালয়টো থকা এলেকাটোত অসমৰ কেইবাবিধাে মূল্যবান গছৰ প্ৰজাতি সংৰক্ষণ কৰা হৈছে। হেৰাই যাবলৈ ধৰা বনপিঠাৰ গছ, চিয়া নাহৰৰ গছ, অসমৰ জাতীয় উদ্ভিদ সােলােং আদিকে ধৰি প্রায় ২০টামান প্রজাতিৰ অত্যন্ত গুৰুত্বপূৰ্ণ গছ-গছনি তাত আছে। চৰকাৰী উচ্ছেদৰ বলি হ’লে সেইবােৰাে হেৰাই যাব আৰু পৰ্যটকক দেখুওৱাটো সম্ভৱ নহ’ব।
আনহাতে উচ্ছেদৰ জাননী জাৰি কৰা ৬ বিঘা ১ কঠা ১২ লােচা মাটিৰ ভিতৰত এখন মনােমােহা বাঁহৰ বাগিচা সােমাই আছে। এই বাগিচাখন এতিয়ালৈকে উদ্বোধন কৰা হােৱা নাই আৰু পৰ্যটকৰ কাৰণে মুকলিও কৰা হােৱা নাছিল। এই বাঁহৰ বাগিচাখনত ক’লা বাঁহৰ পৰা লতা বগাই যােৱা বাঁহলৈকে চুলি বেতৰ পৰা হাতী বেতলৈকে সংৰক্ষণ কৰা হৈছে। বাগিচাখনত উত্তৰ-পূৰ্বাঞ্চলৰ ৫৪ বিধ বাঁহৰ প্রজাতি আৰু ১৬ বিধমান বেতৰ প্রজাতি সংৰক্ষণ কৰা হৈছে। এই উচ্ছেদৰ জাননীয়ে এটা পুখুৰীকো সামৰি লৈছে। সেই পুখুৰীটোত এফালেদি পর্যটকৰ বাবে নাওখেলাৰ ব্যৱস্থা কৰা হৈছে আনফালেদি অসমৰ থলুৱা মাছ পােহা হৈছে। হেৰাই যাবলৈ ধৰা কেইবাটাও মাছৰ প্ৰজাতি পুখুৰীটোত মেলি দিয়া হৈছিল। এতিয়া এই সমস্ত সম্পদবােৰকেই এই উচ্ছেদৰ জাননীয়ে সামৰি লােৱাৰ ফলত অতি কষ্ঠৰে সংগৃহীত আৰু অতি হেপাহেৰে প্রতিপালিত অসমৰ অনেক সম্পদৰ ওপৰত চৰকাৰীৰ হাতুৰীৰ কোব আৰু বােলডজাৰৰ আক্রমণ নামি পৰাটো নিশ্চিত হৈ পৰিছে।
আজি দিনৰ ১১ বজাত উদ্যানখনৰ অধ্যক্ষ অখিল গগৈ আৰু সদস্য সচিব ৰতন দাৱে এক সংবাদমেল আয়ােজন কৰি চৰকাৰী উচ্ছেদৰ এইসমস্ত ষড়যন্ত্র ফাদিল কৰে। অধ্যক্ষ অখিল গগৈয়ে কয়, “এয়া অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ ৰাজনৈতিক আক্রোশৰ বাহিৰে আন একো নহয়। যিহেতু অর্কিড উদ্যানখন কৃষক মুক্তি সংগ্রাম সমিতিৰ উদ্যোগত নির্মাণ হৈছে আৰু ইয়াৰ লগত অখিল গগৈ জড়িত সেইবাবে বিজেপি চৰকাৰে এনে ভয়ানক ষড়যন্ত্র লিপ্ত হৈছে। অসম চৰকাৰে। আমাক ব্লেক মেইল কৰিব খুজিছে। আমি বিজেপি চৰকাৰৰ বিৰােধিতা কৰাৰ কাৰণেইআৰুনাগৰিকত্ব সংশােধনী বিধেয়ক, ২০১৬ ৰ বিৰুদ্ধে জনজাগৰণ সৃষ্টি কৰাৰ কাৰণেই আমাৰ ওপৰত প্রতিশােধ ল’ব খােজা হৈছে। কিন্তু এই ৰাজনৈতিক প্রতিশােধপৰায়নতাই অসমীয়া জাতিটোক ক্ষতি কৰিব। কাজিৰঙা জাতীয় অর্কিড আৰু জৈৱ-বৈচিত্র্য উদ্যান অসমীয়া জাতিৰ জাতীয় সম্পদত পৰিণত হ’ল। অখিল গগৈক বিৰােধিতা কৰিবলৈ গৈ এই মহান অনুষ্ঠানটোৰ ওপৰত আক্রমণ নমাই আনিলে জাতিৰ ক্ষতি হ’ব। এই অর্কিড উদ্যান কাজিৰঙা পর্যটন ক্ষেত্ৰৰ অবিচ্ছেদ্য অংগত পৰিণত হ’ল। ইয়াৰ ওপৰত আক্রমণ নমাই অনা মানে পর্যটন ক্ষেত্ৰখনলৈকে আক্রমণ নমাই অনা। কাজিৰঙা অর্কিড উদ্যানস্থিত হালােৱা এনচি গাঁৱৰ বেছিভাগ মাটিয়েই চৰকাৰী মাটি। আমাৰ উদ্যানৰ কাষে-পাঁজৰে চৰকাৰী মাটিত হাজাৰ হাজাৰ বিঘা মাটিত চাহ বাগিচা আছে। গােলাঘাটৰ ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলে নিজেই বােকাখাত নগৰত চৰকাৰী ভূমি বেদখল কৰি আছে। অসমৰ বহু অনুষ্ঠান-প্রতিষ্ঠান চৰকাৰী ভূমিত আছে। সর্বানন্দ সােণােৱালে কেবল অর্কিড পার্কৰ ৬ বিঘা ১ কঠা ১২ লােচা মাটিতহে বেদখল দেখিলে নেকি? অসমৰ ভূমি তেওঁ পুঁজিপতিক দিব পাৰে, হাজাৰ হাজাৰ বিঘা মাটি ৰামদেৱকো দিব পাৰে, কাজিৰঙাৰ স্থানীয় বাসিন্দাই ৫০/৬০ বছৰ দখল কৰি থকা ৬ বিঘা মাটি অর্কিড উদ্যানক দিয়াটোহে কেৱল তেওঁৰ চকুত পৰিল নেকি? ঠিক আছে তেওঁ আমাৰ অর্কিড উদ্যান উচ্ছেদ কৰক, কিন্তু একে সময়তে লাখ লাখ বিঘা বেদখলকৃত মাটি উচ্ছেদ কৰিব পাৰিবনে? আমি চৰকাৰৰ ওচৰত এই ৬ বিঘা ১ কঠা ১২ লােচা মাটিৰ পট্টা দিবলৈ কাহানিবাই আবেদন কৰিছিলাে। চৰকাৰে পট্টা নিদিয়াটো আমাৰ দোষ নেকি? পট্টাৰ বাবে আবেদন কৰা মাটিত কোন ভূমি আইন মতে তেওঁ উচ্ছেদ কৰিব।”
সংবাদমেলত কাজিৰঙা জাতীয় অর্কিড আৰু জৈৱ-বৈচিত্র্য উদ্যান সমবায় সমিতিয়ে আৰু কয় যে ইমান দিনে চৰকাৰে আমাৰ বিৰুদ্ধে শ শ বিঘা মাটি বেদখল কৰাৰ অভিযােগ উত্থাপন কৰিছিল। এতিয়াহে চৰকাৰে গমপালে যে অর্কিড উদ্যানৰ কেৱল ৬ বিঘা ১ কঠা ১২ লােচা মাটিৰহে পট্টা নাই।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি