Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 12:27 pm

Home » আঞ্চলিক » চিৰাঙত আই নদীৰ তাণ্ডৱ : গৰাহখহনীয়াত নিশ্চিহ্ন হোৱাৰ উপক্ৰম কেবাখনো গাঁও

চিৰাঙত আই নদীৰ তাণ্ডৱ : গৰাহখহনীয়াত নিশ্চিহ্ন হোৱাৰ উপক্ৰম কেবাখনো গাঁও


চিৰাং ব্যুৰ’ : চিৰাং জিলাৰ আই নদীৰ ভয়াবহ গৰাখহনীয়াৰ কবলত কেবাখনো গাঁও। জিলাখনৰ বিজনী ৰাজহ চক্ৰৰ অধীনত থকা চৌৰাবাৰী গাঁওখন আই নদীৰ বুকুত নিশ্চিহ্ন প্ৰায়। লগতে চিদলি ৰাজহ চক্ৰৰ অধীনস্থ ওদালগুৰি, দাউখানগৰ, সন্যাসিবাৰী, ছোটো আমগুৰী, লেদুপাৰা আদি কেবাখনো গাঁৱত আই নদীৰ ভয়াবহ গৰাখহনীয়া অব্যাহত।
চিৰাং জিলাৰ এই গাঁও কেইখনৰ লোকে অভিযোগ কৰে যে— বিজনী আৰু চিদলী ৰাজহ চক্ৰৰ সীমামুৰীয়া এই কেইখন গাঁও একেদৰেই বঙাইগাঁও আৰু বিজনী বিধানসভা সমষ্টিৰ সীমামুৰীয়া। সেয়ে ঠেলাঠেলিৰ মাজত পৰি গাঁও কেইখনত আই নদীৰ এই ভয়াবহ গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈকে গ্ৰহন কৰা নাই। আই নদীৰ গৰাখহনীয়াত ইতিমধ্যে গাঁওখনৰ মাদুলিপাৰা প্ৰাথমিক বিদ্যালয় আৰু ওদালগুৰী এম ই মাদ্ৰাছা নদীত জাহ যোৱাৰ উপক্ৰম হৈছে। অঞ্চলটোৰ ৰক্ষাৰ বাবে দিয়া মথাউৰিটো ইতিমধ্যেই আই নদীৰ বুকুত জাহ যোৱাৰ লগতে ছৌৰাবাৰী গাঁও, ছোটো আমগুৰী আৰু সন্যাসীবাৰী গাঁও নদীৰ বুকুত নিশ্চিহ্ন প্ৰায়।
ইয়াৰ পিচতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহন নকৰাত যোৱা কেইদিনত খহনীয়াৰ কবলত পৰা গাঁওকেইখনৰ লোকে পুৰ্ব্বেও বহু যোগাযোগ কৰি সুফল পোৱা নাছিল যদিও আজি বড়োবজাৰ উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা দুজনে অঞ্চলটো পৰিদৰ্শন কৰাৰ পিচতে বিজনী জিলা বিপিএফ দলৰ সম্পাদক তথা সুবাইঝাৰ, টি চি এল চিৰ সভাপতি প্ৰভাত বসুমতাৰী আৰু মালিপাৰা ভি চি ডি চিৰ সভাপতি অজয় মুচাহাৰীয়ে বিয়লিৰ ভাগত অঞ্চলটো পৰিদৰ্শন কৰি অঞ্চলটোৰ গঁঞাৰ সৈতে এক গাঁওসভাত মিলিত হয়।
মাদুলিপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নজৰুল ইচলামৰ সভাপতিত্বত অনুষ্ঠিত এই বিশেষ গাঁওসভাত অঞ্চলটো আই নদীৰ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰাৰ বাবে বিশেষ অনুদানৰ দাবী জনাই প্ৰস্তাৱ গ্ৰহন কৰে। জৰুৰীকালীনভাৱে বিটিচিৰ পৰা আৰ্থিক অনুদানৰ বাবে দাবীয়ো জনায় এই বিশেষ গাঁওসভাত।
লক্ষনীয় হব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ফনীভূষণ চৌধুৰী আৰু বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে তৎকালীনভাৱে অঞ্চলটো ৰক্ষাৰ বাবে কি ব্যৱস্থা গ্ৰহঁ কৰে সেয়াহে। সভাত দুটাকৈ লোকসভা সমষ্টিৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰনীয়া আৰু বৰপেটা লোকসভা সমষ্ঠীৰ সাংসদ চিৰাজুদ্দিন আজমলৰ বিষয়েও আলোচনা হয়। কোনো এজন সাংসদে এই অঞ্চলৰ বিষয়ে কোনো এটা অনুদান নিদিয়া তথা আই নদীৰ ভয়াবহ গৰাখহনীয়া ৰোধ তথা অন্যান্য কোনো বিষয়ত গুৰুত্ব প্ৰদান নকৰাত ক্ষোভ প্ৰকাশ কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি