হোজাই : চালকৰ ভুৱা অনুজ্ঞা-পত্ৰ প্ৰস্তুত কৰা এটা চক্ৰক উত্খাত কৰিবলৈ সক্ষম হৈছে হোজাই আৰক্ষী। ৰাজ্যত সক্ৰিয় এই চক্ৰই বহিঃৰাজ্য নাগালেণ্ডৰ পৰা চালকৰ অনুজ্ঞা-পত্ৰৰ এক ৰমৰমীয়া ব্যৱসায় চলাই আছিল হোজাইত। কিন্তু চক্ৰটোৰ বিৰুদ্ধে আৰক্ষী তত্পৰ হোৱাত জালত পৰিল তিনিজন সদস্য।
নাগালেণ্ডৰ পৰা চালকৰ অনুজ্ঞা-পত্ৰ কম খৰচত যোগান দিয়া এটা চক্ৰই হোজাই জিলাত খোপনি পুতি উক্ত অনুজ্ঞা-পত্ৰ অতি কম খৰচত বনাই যোগান ধৰিছিল চালকসকলক। হোজাই আৰক্ষীয়ে চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাই ভুৱা অনুজ্ঞা-পত্ৰৰ যোগান দিয়া তিনি সদস্য ক্ৰমে উদালিৰ সোমেশ্বৰ নাথ, হোজাই মিলিক বস্তিৰ মতি চৌহান আৰু ধনিৰাম পথাৰৰ চাহেব আলীক কৰায়ত্ত কৰে। ইয়াৰে চাহেব আলী হ’ল ভুৱা অনুজ্ঞা-পত্ৰৰ ব্যৱসায়ৰ মূল ব্যক্তি। চাহেব আলীয়ে কম দামত নাগালেণ্ডৰ ভুৱা অনুজ্ঞা-পত্ৰ হোজাইৰ চালকসকলক যোগান ধৰি আহিছিল। আৰক্ষীৰ জেৰাত চাহেব আলীয়ে এই কথা স্বীকাৰ কৰিছে। ধৃত সদস্য ত্ৰয়ক হোজাই জিলাৰ পৃথক স্থানৰ পৰা টাউন উপ-পৰিদৰ্শক ঋতুপণ গগৈয়ে অভিযান চলাই কৰায়ত্ত কৰে। আৰক্ষীয়ে ধৃত লোক তিনিজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৪২০/৪৬৮/৪৭১ আৰু ৩৪১ ধাৰাৰ অধীনত ৫১০/১৮ নং এক গোচৰ পঞ্জীয়ন কৰি তিনিজনকে হোজাই থানাত জেৰা অব্যাহত ৰাখিছে।