Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 7:56 pm

Home » আঞ্চলিক » সাত বছৰে আধৰুৱা ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ, চৌদিশে কদৰ্যময় পৰিৱেশ

সাত বছৰে আধৰুৱা ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ, চৌদিশে কদৰ্যময় পৰিৱেশ


গুৱাহাটী : অসমবাসীৰ হিয়াৰ আমঠু, বিশ্ববৰেণ্য শিল্পী, দাদা চাহেব ফাল্কে বঁটা বিজয়ী, অসমৰত্ন ড° ভূপেন হাজৰিকাৰ জালুকবাৰীস্থিত সমাধিক্ষেত্ৰৰ নিৰ্মাণ আজি পর্যন্ত সম্পূর্ণ নােহাৱাত স্বাভাৱিকতে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে ২০১১ বৰ্ষত নির্মাণ আৰম্ভ কৰাৰ পিছত তদানীন্তন কংগ্ৰেছ চৰকাৰে তিনি বছৰৰ ভিতৰত আটকধুনীয়াকৈ সমাধিক্ষেত্ৰটোৰ নিৰ্মাণ কৰিব বুলি ৰাজহুৱাভাৱে ঘােষণা কৰিছিল। কিন্তু আজি সাত বছৰ পিছতাে সম্পূর্ণ হৈ উঠা নাই সমাধিক্ষেত্ৰৰ নির্মাণ। সমাধিক্ষেত্ৰৰ মূল গম্বুজৰ ভিতৰত যাযাবৰী শিল্পীগৰাকীৰ অমূল্য সৃষ্টিৰাজি দৃশ্য-শ্রাব্য মাধ্যমেৰে ফুটাই তােলাৰ বাবে এটি মিউজিয়াম আৰু সংগ্ৰহালয়ৰ কাম আজি পর্যন্ত সমাপ্ত কৰিব পৰা নাই ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে। ইয়াৰ মাজতে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাইজৰ পৰা বাঃ বাঃ লােৱাৰ উদ্দেশ্যে ২০১৫ বৰ্ষৰ ৫ নৱেম্বৰত অসম্পূর্ণ অৱস্থাতে সমাধিক্ষেত্ৰটো ৰাইজৰ দর্শনার্থে মুকলি কৰিছিল। মুকলি কৰাৰ পিছত সমাধিক্ষেত্ৰটোৰ তদাৰক আৰু চোৱাচিতা কোনে কৰিব তাৰ কোনাে সুনির্দিষ্ট নীতি নির্ধাৰণ নকৰাত বিগত সময়ছােৱাত দুবৃৰ্তই বহু ক্ষতিসাধন কৰে সমাধিক্ষেত্ৰৰ। সমাধিক্ষেত্ৰৰ বাহিৰত থকা ড° ভূপেন হাজৰিকাৰ হস্তাক্ষৰ দুৰ্বৃত্তই উঠাই পেলােৱাৰ লগতে ভিতৰৰ ফুলৰ টাব, পানীৰ টেপ আদি ভাঙি লণ্ডভণ্ড কৰাৰ দৰে অনাকাংক্ষিত ঘটনাও সংঘটিত হৈছে। চিলিণ্ডাৰৰ অভাৱত প্ৰায়েই অক্ষয় বন্তি নুমাই থকাৰ লগতে বিদ্যুতৰ অভাৱত সমাধিৰ পৰা অহা প্ৰৱহমান জলাধাৰৰ স্রোত স্তব্ধ হৈ থাকে। শেহতীয়াকৈ তদাৰকৰ অভাৱত সমাধিক্ষেত্ৰৰ চৌদিশে সৃষ্টি হৈছে এক কদর্যময় পৰিৱেশ। দীর্ঘদিন চাফ-চিকুণ নকৰাৰ ফলত সমাধিৰ চৌদিশে জাবৰ-আৱৰ্জনাৰে ভৰি পৰিছে। জানিব পৰা মতে, চৰকাৰে সমাধিক্ষেত্ৰটো চাফ-চিকুণ কৰি ৰখাৰ বাবে জনৈক ধীৰেন কলিতা নামৰ এগৰাকী ঠিকাদাৰক বছৰি চৈধ্য লাখ টকাকৈ আদায় দি আহিছে। ইয়াৰ পিছতাে সমাধিক্ষেত্ৰৰ চৌদিশে জাবৰ-আৱৰ্জনাই ভৰি পৰা ঘটনাই ৰাজ্য চৰকাৰৰ বছৰি চৈধ্য লাখ টকা অবাবত ব্যয় হৈ থকাটোকে সুচাইছে। সমাধিক্ষেত্ৰৰ লগত জড়িত একাংশ লােকে জানিবলৈ দিয়া মতে পুৱা আৰু বিয়লি মাত্ৰ এবাৰকৈ সমাধিক্ষেত্ৰৰ ভিতৰত ঝাড়ু দিয়াৰ বাহিৰে বাহিৰফালে কেতিয়াও পৰিষ্কাৰ কৰা দেখা নাই। তেনে ক্ষেত্ৰত কিহৰ বাৰে বছৰি চৈধ্য লাখকৈ টকা তদাৰকৰ বাবে আদায় দিয়া হয় সেয়া এক নুবুজা সাঁথৰ। এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি