Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 10:46 am

Home » আঞ্চলিক » মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ


মৰিগাঁও : মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত মানৱ অধিকাৰ সুৰক্ষা ও সজাগতা পৰিষদৰ উদ্যোগত মৰিগাঁও জিলা সমিতিৰ সহযোগত অসম ৰাজ্যিক পৰিষদৰ সভাপতি মঃ নুৰ ইছলাম আৰু নগাঁও কাগজ কল কৰ্মচাৰী সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য কাতচিং বৰদলৈয়ে যৌথভাৱে ৪ টা দাবীৰ পূৰনৰ দাবীত আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে। মঃ নুৰ ইচলামে সংবাদ মাধ্যমক জানিব দিয়া মতে ‘অনশন কাৰ্যসূচী চলি থকা অৱস্থাত বৰচকাবাহা পানী যোগান আঁচনি নিৰ্মাণ কৰা ঠিকাদাৰ আৰু অভিযন্তাক কৰায়ত্ব কৰা’,অসমৰ প্ৰত্যেকটো পানী যোগান আঁচনিক বিশেষ তদন্তকাৰী কমিটি গঠন কৰি সেই কমিটি দ্বাৰা তদন্তকৰী দুৰ্নীতিকাৰী ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে আইনি ব্যৱস্থা লোৱা’, নগাঁও আৰু কাছাৰ কাগজকল পুনৰ সজীৱ কৰাৰ লগতে কাগজ কলৰ সমূহ কৰ্মচাৰীক সম্পূৰ্ন দৰমহা দিয়াৰ লগতে ১৮ মাহ দৰমহা নোপোৱাৰ ফলত যি ক্ষতিসাধন হ’ল তাৰ সম্পূৰ্ন ক্ষতিপূৰণ আদায় দিয়া আৰু লগতে তেওঁলোকৰ ভৱিষ্যতৰ নিৰাপত্তা প্ৰদান কৰা’, আৰু অসমৰ প্ৰত্যেকটো বিভাগত খালি থকা পদবোৰত নতুন মকৰল দি সম্পূৰ্ন কৰাকে, লৈ উক্ত ৪ টা দাবীত গ্ৰহণ কৰি থকা আমৰণ অনশন কাৰ্যসূচীত বৰ্তমানলৈ জিলা প্ৰশাসনৰ কোনো এজন বিষয়া উপস্থিত নথকাত গণতান্ত্ৰিক আন্দোলনক প্ৰশাসনে সন্মান কৰিব নেজানে বুলি অভিযোগ উত্থাপন কৰিছে।আৰু বৰ্তমান সময়ত নিৰাপত্তাৰ দিশটোক লৈ শংকাত থকাৰ কথা কৈ তেওঁ কয় যে কোনো লোকে হয়টো তেখেতক হত্যা কৰাৰ চেষ্টা কৰিব পাৰে তেনে স্থলত কিবা অঘটন ঘটিলে দায়ী হব প্ৰশাসন ।
আনহাতে যোৱা ২৫|০৪|২০১৭ তাৰিখে মৰিগাঁও জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ একে বিষয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল যদিও কোনোধৰণৰ সহাঁৰি নোপোৱাত তাৰ প্ৰতিবাদত আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰি পুণৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ ৪ টা দাবীৰে সন্নিবিষ্ট এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিম বুলি জনাইছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি