বৰপেটাৰোড : বৰপেটা আৰু বাক্সা জিলাক সামৰি গঠিত হােৱা প্রগতিশীল সাংবাদিক সংস্থা ‘মানাহপৰীয়া প্ৰেছ গীল্ড’ৰ উদ্যোগত অহা ২৫ জুলাইত গ্রীষ্মত কবিতাৰ আমেজ’ শীর্ষক বহুভাষিক কবি সন্মিলনৰ আয়ােজন কৰা হৈছে। উত্তৰ বৰপেটাৰােডস্থিত গ্ল’বেল ইনষ্টিটিউট অফ আর্টচ এণ্ড ছায়েন্সৰ প্রেক্ষাগৃহত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া উক্ত কবি সন্মিলনত সঞ্চালনা কৰিব উদীয়মান কবি আজাদ হুছেইন শ্বৰিফে। উক্ত অনুষ্ঠানত উদ্যোক্তসকলৰ হৈ গীল্ডৰ সভাপতি হায়াত আলীয়ে ন-পুৰণি কবি, স্কুল-কলেজৰ ছাত্র-ছাত্রীকে আদি কৰি সকলাে শ্ৰেণীৰ কবিতাপ্রেমী লােকৰ উপস্থিতি আন্তৰিকাতৰে কামনা কৰিছে।