বৰপেটা : বৰপেটা জিলাৰ হাউলী চহৰত দেহ ব্যৱসায়ীৰ ঘাটি উচ্ছেদ৷ এগৰাকী অধিবক্তাৰ ভাড়াঘৰত দীৰ্ঘদিন চলি আহিছিল দেহ ব্যৱসায়৷ অঞ্চলটোৰ পৰিবেশ বিনষ্ট হৈ পৰাত অৱশেষত স্থানীয় ৰাইজে চলালে অভিযান ৷ স্থানীয় ৰাইজে তিনি যুৱতীসহ এজন যুৱকক আটক কৰি গতালে হাউলী আৰক্ষীক৷ বৰপেটা জিলাৰ হাউলীৰ ১ নং ৱাৰ্ডৰ অধীনৰ জলজলিৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ভাড়াঘৰ এটাত বহু দিন ধৰি উক্ত তিনি গৰাকী যুৱতীয়ে চলাই আছিল দেহ ব্যবসায়৷ স্থানীয় ৰাইজে ভাড়াঘৰটোৰ মালিক তথা পেছাত অধিবক্তাজনক বাৰম্বাৰ এইক্ষেত্রত সকিয়াই অহা স্বত্বেও ৰাইজৰ অভিযোগক কোনো গুৰুত্ব নিদিয়াত স্থানীয় ৰাইজ এই অপকৰ্মৰ বিৰুদ্ধে ওলাই আহে৷ ৰাইজে অভিযান চলাই যোৱা নিশা এজন যুৱকৰ সৈতে তিনিগৰাকী যুৱতীক অসংযত অৱস্থাত হাতে লোটে ধৰি আৰক্ষীক চমজাই দিয়ে। যুৱতী তিনিগৰাকীৰ ঘৰ বৰপেটা জিলাৰ কয়াকুচি, কলগাছিয়া আৰু পাকাবেতবাৰী গাঁৱত বুলি জানিব পৰা গৈছে। ইপিনে আটক হোৱা যুৱকজন হ’ল বৰপেটাৰ পালহাজী গাঁৱৰ ছাদ্দাম হুছেইন। স্থানীয় ৰাইজৰ হকে আনোৱাৰা খাতুন নামৰ এগৰাকী মহিলাই যুৱতী তিনিগৰাকী আৰু যুৱকজনৰ লগতে ভাড়াঘৰটোৰ গৃহস্থ অধিবক্তাজনৰ বিৰুদ্ধে ইতিমধ্যে হাউলী থানাত এজাহাৰ দাখিলৰ পিচতেই আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷