গুৱাহাটী : বক্র পথেৰে চাকৰি সংগ্রহ কৰাৰ অভিযোগত আজি ৬জনকৈ কৃষি উন্নয়ন বিষয়াক দিছপুৰ থানাত জেৰা কৰিলে মহানগৰ আৰক্ষীয়ে৷ আজি জেৰাৰ সন্মুখীন হোৱা বিষয়াসকল হ’ল ক্রমে ধৃতিৰঞ্জন ৰয়, জয়ন্তজিৎ দাস, অল্পনা দেউৰী, ছেইণ্টজনী ঝাহৰি, জ্যোতিবন দত্ত আৰু ৰুখেশ্বৰ তিমুং৷
জেৰাৰ বাবে তলব কৰা অন্য দুজন বিষয়া ক্রমে মৌচুমী শইকীয়া আৰু বিদ্যুৎ কুমাৰ দাস উপস্থিত নহ’ল৷ উল্লেখযোগ্য যে মুঠ ২৭জন প্রার্থীৰ ক্ষেত্রত জালিয়াতি পোহৰলৈ আনিছিল তদন্তকাৰী আৰক্ষীয়ে৷ ইয়াৰে ৯জন প্রার্থীৰ নিযুক্তি হোৱা নাছিল৷
বাকী ১৮জনৰ ভিতৰত ১৪ জুলাইত ১০জনক জেৰাৰ বাবে তলব কৰিছিল আৰু আজি ৮জনক তলব কৰিছিল৷ ১৪ জুলাইত জেৰাৰ বাবে তলব কৰাসকলৰ ভিতৰত উক্ত দিনা ৮জন দিছপুৰ থানাত হাজিৰ হৈছিল৷ সেইদিনা জেৰাৰ সন্মুখীন হোৱাসকল আছিল ক্রমে মৃগেন হালৈ, কল্যাণ শর্মা, জয়ন্ত চাবুকধৰা, সংঘমিত্রা শ্যাম, মাফিদা বেগম শইকীয়া, প্রিয়ংকা বৰা, শ্বহিদুল আজিজ হক আৰু দীপাংকৰ বাৰিক৷
১৪ জুলাইত প্রথম পর্যায়ত ৮জনক জেৰা কৰাৰ পাছত আজি ৬জনক জেৰা কৰে৷ আৰক্ষীৰ তলব পোৱা মুঠ ৪জন বিষয়া এতিয়ালৈ হাজিৰ হোৱা নাই৷ আৰক্ষীৰ নির্দেশ পায়ো উপস্থিত নোহোৱা বিষয়াকেইজন গ্রেপ্তাৰ হোৱাতো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷
উল্লেখযোগ্য যে আজি দিনৰ ১১ বজাৰ ভিতৰত ৮জন বিষয়াক দিছপুৰ থানাত হাজিৰ হ’বলৈ নির্দেশ দিছিল যদিও নির্দিষ্ট সময়ৰ ভিতৰত মাত্র ধৃতিৰঞ্জন ৰয় নামৰ বিষয়াজন উপস্থিত হৈছিল৷ বাকী ৫জন পলমকৈ উপস্থিত হয়৷ জ্যেতিবন দত্ত নামৰ বিষয়াজন বহু পলমকৈ উপস্থিত হয়৷ আজি উপস্থিত হোৱা আটাইকেইজন বিষয়াকে পৃথকে পৃথকে মহানগৰ আৰক্ষীয়ে জেৰা কৰে৷ অৱশ্যে এই মুহূর্তলৈ কোনো বিষয়াক গ্রেপ্তাৰ কৰা নাই৷
পৰৱর্তী সময়ত অধিক জেৰাৰ বাবে আটাইকেইজন বিষয়াক পুনৰ তলব কৰিব বুলি তদন্তকাৰী আৰক্ষীয়ে জানিবলৈ দিছে৷ কাৰণ যিকেইজন বিষয়াক তলব কৰিছিল, সেই বিষয়াকেইজনৰ পৰীক্ষাৰ বহীত বিসংগতি ধৰা পৰিছিল৷ ফৰেনছিক পৰীক্ষাত ধৰা পৰিছিল সেই বিসংগতি৷ অৱশ্যে বিসংগতি সন্দর্ভত জেৰাৰ সন্মুখীন হোৱা বিষয়াকেইজনে সংবাদ মাধ্যমৰ আগত জালিয়াতিৰ কোনো কথা স্বীকাৰ কৰা নাই৷
বিপৰীতে তদন্তকাৰী আৰক্ষীৰ সন্মুখত কি স্বীকাৰোক্তি দিছে সেই তথ্য পোহৰলৈ অহা নাই৷ গুৰুত্বপূর্ণ কথা যে বক্র পথেৰে নিযুক্তিৰ বাবে কৃষি উন্নয়ন বিষয়াসকলক বাছনি কৰা দুর্নীতিৰ মূল কাণ্ডাৰী অসম লোকসেৱা আয়োগৰ তদানীন্তত অধ্যক্ষ ৰাকেশ পাল আৰু সদস্য বসন্ত কুমাৰ দলে সম্প্রতি গুৱাহাটী কেন্দ্রীয় কাৰাগাৰৰ কাৰাবন্দী৷ দুয়োজনৰ বিৰুদ্ধে অসমৰ বিশেষ আদালতত ইতিমধ্যে ভঙাগড় থানাৰ আৰক্ষীয়ে চার্জশ্বিট দাখিল কৰিছে৷
যাৰ পৰিপ্রেক্ষিতত কৃষি উন্নয়ন বিষয়া বাছনিত অভিযুক্ত হোৱাত পাল আৰু দলেই জামিন লাভ কৰাত ব্যর্থ হৈছে৷ কম দিনৰ ভিতৰত আৰক্ষীয়ে লাভ কৰা তথ্য-প্রমাণৰ ভিত্তিত কেইবাজনো বিষয়াক গ্রেপ্তাৰ কৰিব বুলি সদৰী কৰিছে৷ অৱশ্যে তাৰ লগে লগে চার্জশ্বিট দাখিলৰ ব্যৱস্থাও গ্রহণ কৰিছে৷ তদন্তকাৰী আৰক্ষীৰ এক সূত্রই জানিব দিয়া অনুসৰি ৩১ জুলাইৰ ভিতৰতে কেইবাজনো বিষয়াৰ বিৰুদ্ধে অসমৰ বিশেষ আদালতত চার্জশ্বিট দাখিল কৰিব৷ চার্জশ্বিট দাখিলৰ লগে লগে অভিযুক্ত বিষয়াক গ্রেপ্তাৰ কৰিব বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷