Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 6:41 pm

Home » আঞ্চলিক » জাননী নিদিয়াকৈ নীপকোৱে খুলিলে পানী, ধনশিৰি মহকুমাৰ ১৫খনৰো অধিক গাঁও জলমগ্ন

জাননী নিদিয়াকৈ নীপকোৱে খুলিলে পানী, ধনশিৰি মহকুমাৰ ১৫খনৰো অধিক গাঁও জলমগ্ন


 ধনশিৰিঃ নগালেণ্ডত কিছুদিনৰ পৰা অবিৰত বৰষুণৰ বাবে দৈয়াং নদীৰ জলপৃষ্ঠ ক্ষিপ্রগতিত বৃদ্ধি পাইছিল৷ জানিব পৰা মতে দৈয়াং নদীৰ জলপৃষ্ঠ স্পিলিং লেভেল ৩২৪ মিটাৰৰ পৰা ৩২৪.২৫ লৈ বৃদ্ধি পোৱাৰ বাবে দৈয়াং জলবিদ্যুত্‍ প্রকল্পৰ পৰা অতিৰিক্ত পানী জাননী নিদিয়াকৈ শনিবাৰে নিশা এৰি দিয়ে নীপকোৱে৷ নগালেণ্ডৰ দৈয়াং জলবিদ্যুত্‍ প্রকল্পৰ চাৰিখনকৈ গে’ট খুলি দিয়াৰ বাবে ব্যাপক তথা ক্ষিপ্র গতিত দৈয়াং নদীৰ পানী বৃদ্ধি পায়৷ নগালেণ্ডৰ পৰা নামি অহা দৈয়াং নদীয়ে প্রথমেই গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ নদী কাষৰীয়া গাঁওসমূহত বিভীষিকাৰ সৃষ্টি কৰে৷ এফালৰ পৰা ঘৰ-বাৰী, গৰু-ছাগলী, হাঁহ-কুকুৰা আদি ফেনেফোটোকাৰে বাঢ়ি অহা পানীয়ে গ্রাস কৰি যায়৷ তাত্ক্ষণিকভাৱে অহা বাঢ়নী পানীয়ে সৰুপথাৰ আৰক্ষী থানাৰ অন্তর্গত বৰবালি অঞ্চলত সর্বাধিক ক্ষতি কৰে৷ গাঁওখনৰ বাসিন্দাসকলক প্রশাসনৰ ফালৰ পৰা কোনো জাননী নিদিয়াত লোকসকলে ঘৰত থকা অৱস্থাত হঠাত্‍ বৃদ্ধি পোৱা পানীয়ে ঘৰ-বাৰী বুৰাই পেলায়৷ যাৰ বাবে বহু লোকে ওখ ঠাই বিচাৰি আশ্রয় ল’বলগীয়া হয়৷ প্রশাসনৰ ফালৰ পৰা দেওবাৰে দুপৰীয়া পর্যন্ত জলবন্দী হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে কোনো ব্যৱস্থা নকৰাত নদী ঘাটত থকা টুলুঙা নাৱেৰে বহুতৰ প্রাণৰক্ষা কৰে৷ বৰবালি গাঁৱৰ লগতে দৈয়াং নদীৰ বাঢ়নী পানীয়ে গেলাবিল, বৰডুবি, বেবেজিয়া, ১নং সোণালী পথাৰ, দীঘল গাঞ্জা, পদুম পুখুৰী, গেলাবিল, বিলগাঁও, তেলিশালটুপ পদুম পথাৰ আদি কৰি প্রায় ১৫খন গাঁৱত হাহাকাৰ সৃষ্টি কৰে নীপকোৱে এৰি দিয়া বাঢ়নী পানীয়ে৷ ইফালে, ধনশিৰি মহকুমা প্রশাসনৰ ফালৰপৰা ৰাজহ চক্র বিষয়া জাভেদ আৰমানে বৰবালি অঞ্চলত উপস্থিত হৈ জলবন্দী হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে এছ ডি আৰ এফৰ সহায় বিচাৰে৷ সেই অনুসৰি দুপৰীয়া সময়ত এছ ডি আৰ এফৰ দলে জলবন্দী হৈ থকা লোকসকলৰ লগতে পশুধন আৰু বহু নিত্যপ্রয়োজনীয় সা-সামগ্রী উদ্ধাৰ কৰে৷ এই গাঁওসমূহৰ উপৰি ধনশিৰি মহকুমাৰ উৰিয়ামঘাট সীমান্ততো দৈয়াং নদীৰ বাঢ়নী পানীয়ে বিস্তৰ ক্ষতি কৰে বুলি জানিব পৰা গৈছে৷ ন-পানী, মধুপুৰ, শিলনীজান, দয়ালপুৰ আদি অঞ্চলত কিছু পৰিমাণে ক্ষতি কৰাৰ বাতৰি পোৱা গৈছে৷ মুঠৰ ওপৰত নগালেণ্ডৰ উষা জিলাত থকা দৈয়াং জলবিদ্যুত্‍ প্রকল্পৰ অতিৰিক্ত পানী খুলি দিলে বিস্তৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়। 
ধনশিৰি মহকুমাৰ দৈয়াং নদীৰ কাষৰীয়া  নীপকোৰ জলবিদ্যুত্‍ প্রকল্পৰ অতিৰিক্ত পানী হঠাতে শনিবাৰে  নিশা এৰি দিয়াৰ ফলত মেৰাপানী অঞ্চলত বানে তাণ্ডৱ সৃষ্টি কৰে৷ এই বানৰ ফলত দৈয়াং নদীৰ জলস্তৰ গেলাবিল অঞ্চলত প্রতিঘণ্টাত ১০-১৫ চেণ্টিমিটাৰকৈ বৃদ্ধি হৈ বাতৰি লিখা সময়লৈকে প্রায ৩মিটাৰ পর্যন্ত পানীস্তৰ বৃদ্ধি পোৱা বুলি কেন্দ্রীয় জল আয়োগৰ কর্মচাৰীয়ে সাংবাদিকক জানিবলৈ দিয়ে৷ এনেদৰে ফেনে ফোটোকাৰে দৈয়াং নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত মেৰাপানী অঞ্চলৰ সৰুপানী, পদুমপথাৰ, গৰৈবিল, শুকানবিল, ৩নং সোণালী পথাৰ, ৪নং সোণালীপথাৰ, বেনেদিক পথাৰ, দৈয়াংপাৰ, চিতলমাৰি, মুছৰভংগা, কাছমাৰী ইটানগৰ, ৰূপজ্যোতি গাঁও, ধৰমপুৰ, সাতজাপনীকে আদি কৰি দহখনকৈ অধিক গাঁও বানত বুৰ গৈছে৷ ইফালে ধনশিৰি মহকুমাৰ বৰবিল, বিলগাঁও, দীঘলগাঞ্জা, তেলীশালটোপ, বৰডুবিৰ লগতে বৰবালি টোপ আদি অঞ্চলতো বানে বিভীষিকা সৃষ্টি কৰিছে৷ বিশেষকৈ বৰবালিটোপত থকা প্রায় ৩০টা পৰিয়াল হঠাতে অহা বানত যোৱা নিশাৰ পৰা আবদ্ধ হৈ পৰে৷ স্থানীয় লোকসকলে শিশু আৰু মহিলাসকলক টুলুঙা নাৱেৰে নিৰাপদ স্থানলৈ উদ্ধাৰ কৰি নিয়ে যদিও প্রায় ৩০জনকৈ লোক নিশাৰ পৰা আবদ্ধ হৈ পৰে৷  বানাক্রান্ত অঞ্চলত কিছু পলমকৈ হ’লেও গোলাঘাট জিলাৰ প্রশাসনৰ লোক উপস্থিত হোৱাৰ লগতে এছ ডি আৰ এফ বাহিনী উপস্থিত হৈ আবদ্ধ লোকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ অনাকাংক্ষিত বানৰ ফলত অঞ্চলটোৰ বহু কৃষকৰ খেতি-পথাৰ, ৰবি শস্যৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে বহু পোহনীয়া জীৱ-জন্তুৰ মৃত্যু হোৱাৰ উপৰি গৰু-ছাগলী, হাঁহ-কুকুৰা, গাহৰি আৰু ঘোঁৰা পর্যন্ত বানে উটুৱাই নিয়ে৷ উল্লেখযোগ্য যে বানাক্রান্ত লোকসকলক কোনোধৰণৰ সাহায্য প্রদান নকৰাৰ লগতে কোনো আগতীয়া তথা সতর্কতামূলক জাননী নিদিয়াকৈ পানী এৰি দিয়াৰ ফলত অত্যধিক পৰিমাণে ক্ষয়-ক্ষতি হোৱাৰ বাবে নীপকোৰ পৰা ক্ষতিপূৰণৰ দাবী তুলিছে ভুক্তভোগী ৰাইজে৷ প্রণিধানযোগ্য যে নীপকোৱে দৈয়াং জলবিদ্যুত্‍ প্রকল্পৰ অতিৰিক্ত পানী যদি বন্ধ নকৰে অঞ্চলটোত বান পৰিস্থিতি অধিক শোচনীয় হোৱাৰ আশংকাই বিৰাজ কৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি