Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 8:39 am

Home » মনোৰঞ্জন » শৈশৱতে ধেমালিতে’লৈ শ্রেষ্ঠ চলচ্চ‌িরকে ধৰি তিনিটা আন্তঃৰাষ্ট্রীয় বঁটা

শৈশৱতে ধেমালিতে’লৈ শ্রেষ্ঠ চলচ্চ‌িরকে ধৰি তিনিটা আন্তঃৰাষ্ট্রীয় বঁটা


শ্রেষ্ঠ অভিনেত্রী দীপান্বিতা শর্মা, শ্রেষ্ঠ সংগীত অনুৰাগ শইকীয়া
ৱেব সংবাদঃ অসমীয়া চলচিচত্রৰ বাবে সু-খবৰ৷ ইয়াত অনুষ্ঠিত তৃতীয় লাভ আন্তঃৰাষ্ট্রীয় চলচিচত্র মহোৎসৱত অসমীয়া ছবি ‘শৈশৱতে ধেমালিতে’ই (ৰেইনব’ ফিল্ডছ) শনিবাৰে শ্রেষ্ঠ চলচিচত্রকে ধৰি তিনিটা শীর্ষ বঁটা লাভ কৰে৷ শ্রেষ্ঠ চল‌চ্চ‌িত্রৰ বঁটাৰ উপৰি ছবিখনে লাভ কৰে শ্রেষ্ঠ অভিনেত্রী (দীপান্বিতা শর্মা) আৰু শ্রেষ্ঠ সংগীতৰ (অনুৰাগ শইকীয়া) বঁটা৷এই আন্তঃৰাষ্ট্রীয় চলচিচত্র মহোৎসৱত ৩৬খন দেশৰ ১৫০খনৰো অধিক চলচিচত্রই অংশগ্রহণ কৰিছিল৷ বিদ্যুৎ কটকীয়ে পৰিচালনা কৰা ‘শৈশৱতে ধেমালিতে’ত অসমৰ শিশুসকল হিংসাজর্জৰ সময়ত ডাঙৰ-দীঘল হোৱা আৰু তেওঁলোকৰ চৌপাশে নৃশংসতা দেখিবলৈ পোৱাৰ স্পর্শকাতৰ বিষয় দাঙি ধৰা হৈছে৷
বঁটা গ্রহণ কৰি কটকীয়ে কয়, ‘শৈশৱতে ধেমালিতে’ নির্মাণ কৰোঁতে আমি সদায় ভাবিছিলোঁ যে আমি অসমীয়া ভাষাত এখন বিশ্বমানৰ চলচিচত্র নির্মাণ কৰিছোঁ৷ আমাৰ আৱেগে কোনো ভৌগোলিক সীমা নামানে– হাঁহিবলৈ বা কান্দিবলৈ আমাক ভাষা নালাগে৷ আমাৰ বিশ্বাস পুনৰ নিশ্চিত কৰাৰ বাবে লাভ আন্তঃৰাষ্ট্রীয় চলচিচত্র মহোৎসৱক ধন্যবাদ৷’
তাৰ আগতে শনিবাৰে  আমেৰিকাত ‘শৈশৱতে ধেমালিতে’ৰ বাণিজ্যিক মুক্তি দিয়া হয় আৰু সম্ভৱ আমেৰিকাত মুক্তি পোৱা এইখনেই প্রথম অসমীয়া চলচ্চ‌িত্র৷ কেলিফর্নিয়াৰ ‘চিনে গ্রেণ্ড চিনেমা ফ্রিমণ্ট’ত চলচ্চ‌িত্রখনৰ চাৰিটা প্রদর্শনী হয়৷
অনুৰাগ শইকীয়াই কয়, ‘এনেকুৱা এটা শ্রেষ্ঠ বঁটা লাভ কৰিবলৈ পাই মই অত্যন্ত আনন্দিত৷ মই জুৰীৰ সদস্যসকল, পৰিচালক বিদ্যুৎ কটকী, ছাউণ্ড ডিজাইনাৰ অমৃত প্রীতম দত্ত, ফিল৲ম মিক্সিং ইঞ্জিনিয়াৰ দেৱজিৎ চাংমাই, মিউজিক মিক্সিং ইঞ্জিনিয়াৰ ভাস্কৰ শর্মা আৰু ‘শৈশৱতে ধেমালিতে’ৰ প্রতিজন সদস্যক ধন্যবাদ জনাইছোঁ৷’ দীপান্বিতা শর্মাও বঁটা পাই অতি আনন্দিত৷ তেওঁ কয়, ‘মই মোৰ নিজা ভাষাৰ চলচিচত্র এখনৰ বাবে শ্রেষ্ঠ আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত অভিনেত্রীৰ প্রথমটো বঁটা পাই অতি আনন্দিত৷ গোটেই টীমটোৰ বাবে এতিয়া আনন্দ কৰাৰ সময়৷’ সঁচা ঘটনাৱলীৰ ভিত্তিত নির্মিত চলচ্চ‌িত্ৰখনত ভিক্টৰ বেনার্জী, নকুল বৈদ, নাভেদ আছলাম, নিপন গোস্বামী আৰু নিকুমণি বৰুৱাৰ দৰে অভিজ্ঞ অভিনেতা-অভিনেত্রীসকলেও অভিনয় কৰিছে৷ চলচ্চ‌িত্রখন প্রযোজনা কৰিছে ‘ইণ্ডিয়া ষ্টৰিজ’ নামৰ মুম্বাই-ভিত্তিক প্রযোজক সংস্থা এটাই আৰু সহযোগী প্রযোজক কটকীৰ ধ্রুৱ ক্রিয়েটিভ প্রডাকশ্যনছ আৰু আমেৰিকাৰ কুৰমাছানা ক্রিয়েটছ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি