Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 12:43 pm

Home » আঞ্চলিক » কোকৰাঝাৰত এন আই এচৰ অধীনত প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমৰ শিক্ষামূলক সভা আৰু প্ৰদৰ্শনীৰ আয়োজন

কোকৰাঝাৰত এন আই এচৰ অধীনত প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমৰ শিক্ষামূলক সভা আৰু প্ৰদৰ্শনীৰ আয়োজন

কোকৰাঝাৰ : বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ নিকটত থকা মোকৰাপাৰাস্থিত এচ এ মেমৰিয়েল মহাবিদ্যালয়ৰ প্ৰাংগণত আজি এন আই এচৰ অধীনত দিনজোৰা কাৰ্যসুচীৰে প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমৰ ওপৰত শীৰ্ষক এখনি শিক্ষামূলক সভা আৰু শৈক্ষণ প্ৰণালীৰ প্ৰৰ্দশনী অনুষ্ঠিত হয়৷ প্ৰদৰ্শনীত বিটিএডিৰ চাৰিখন জিলাৰ উপৰিও শ্ৰীৰামপুৰ,গোসাইগাওঁ, তামাৰহাট আৰু ধুবুৰী জিলাৰ বিলাসীপাৰাৰ প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ৰ শিক্ষক , শিক্ষয়িত্ৰী আৰু এন আই এচৰ অধীনত ৪০০ শিক্ষাৰ্থী আৰু এচ আৰ টিৰ অধীনত ৩০০ শিক্ষাৰ্থী উপস্থিতি থাকে৷
আজিৰ প্ৰদৰ্শনীৰ দ্বাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বিটিচিৰ বাওখুংগ্ৰী সমষ্টিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে৷ ইয়াৰ পিছতে এচ এ মেমৰিয়েল মহাবিদ্যালয়ৰ অধ্যক্ষ শ্বেখ আব্দুল্লাৰ তত্বাৱধানত অনুষ্ঠিত হোৱা এখন শিক্ষামূলক সভাত সভাৰ উদ্দেশ্য ব্যাখা কৰে মহাবিদ্যালয়খনৰে অন্যতম প্ৰতিষ্ঠাপক তথা সমন্বয়ক হুছনে আৰা বেগমে৷
উক্ত সভাত মুখ্য অতিথি হিচাপে বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী,আমন্ত্ৰিত অতিথি হিচাপে এন আই এচ ৰাজ্যিক সমন্বয়ক এল এন সোনোৱালৰ উপৰি ছাত্ৰ সংগঠন এবিএমছুৰ কোকৰাঝাৰ জিলা সভাপতি জাইদুল ইছলাম, বিপিএফৰ যুৱ নেতা কৱিৰঞ্জন ব্ৰহ্ম আৰু আমছুৰ কেইবাগৰাকী ছাত্ৰ নেতাৰ লগতে বিভিন্ন গঞা সমাজসেৱক বুদ্ধিজীৱিয়ে অংশগ্ৰহণ কৰে৷
উল্লেখ্য যে, এন.আই. এচৰ অধীনত অসমৰ বিভিন্ন জিলাৰ লগতে বিটিএডিৰ কোকৰাঝাৰ জিলাতো পোন প্ৰথম বাৰৰ বাৱে প্ৰাথমিক শিক্ষাৰ মানদণ্ড আৰু শৈক্ষিক শিক্ষণ পদ্ধতি উন্নত মানদণ্ড কৰিবলৈ বিশেষকৈ শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত এক সু-সম্পৰ্ক গঢ় দিয়াৰে প্ৰচেষ্টাৰে এন আই এচৰ দ্বাৰা এক মহান পদক্ষেপৰে আগবাঢ়ি আহে মোকৰাপাৰাস্থিত বেচৰকাৰী এচ এ মেমৰিয়েল মহাবিদ্যালয়খনৰ অধ্যক্ষ শ্বেখ আব্দুল্লা আৰু মহাবিদ্যালয়খনৰে অন্যতম প্ৰতিষ্ঠাপক তথা সমন্বয়ক হুছনে আৰা বেগমে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি