তামাৰহাট : এজন আদর্শবান শিক্ষক হল সমাজৰ আদৰ্শ। ছাত্ৰ-ছাত্ৰীয়ে অনুকৰণ কৰে শিক্ষকক। কিন্তু সেই শিক্ষকে যেতিয়া নিজৰ কৰ্মত ফাঁকি দিয়ে তেতিয়া শিক্ষকৰ ওপৰত আস্থা হেৰুৱায় সাধাৰণ মানুহে। সেয়া প্ৰতিপন্ন কৰিলে তামাৰহাটৰ ঘৃতীঙ্গাৰকুটী গাওঁস্থিত ৰায়পাৰা আপগ্ৰেড এল পি স্কুলৰ যাদব গগৈ নামৰ এজন শিক্ষকে। গৰমৰ এক দীঘলীয়া বন্ধৰ পিছত পাঠদান আৰম্ভ হোৱাৰ প্ৰথমদিনাই বিদ্যালয়ত উপস্থিত নাথাকিল শিক্ষকজন। জানিব পৰা মতে ধুবুৰী জিলাৰ আগমনি শিক্ষা খন্ডৰ অন্তৰ্গত ঘৃতীঙ্গাৰকুটী গাওঁস্থিত ৰায় পাৰা আপগ্ৰেড এল পি স্কুল খন গৰমৰ বন্ধ শেষ হোৱাৰ পিছতো তলা বন্ধ হৈ থকা তথা শিক্ষক জন অনুপস্থিত থকাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে স্কুললৈ আহি ঘৰলৈ উভতি যাব লগা হয় । ফলত শিক্ষক জনৰ এনে কাণ্ডত অভিভাৱকৰ মাজত এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে বিষয় সন্দৰ্ভত ৰাইজে কৰা অভিযোগৰ ভিত্তিত সাংবাদিকৰ এটা সজাতি দল বিদ্যালয়ত উপস্থিত হোৱাত সাংবাদিকৰ আগত শিক্ষক জনৰ বিৰুদ্ধে ক্ষোভ উজাৰে স্থানীয় ৰাইজ তথা অভিভাৱকে। আনহাতে ইয়াৰ পূৰ্বেও শিক্ষকজনৰ অনুপস্থিতিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে ঘৰলৈ উভতি যাব লগা হৈছিল বুলি ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।