কোকৰাঝাৰ ছাই কমপ্লেক্সত অভিনন্দন জনালে কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে
কোকৰাঝাৰ : খেলৰ প্ৰতি থকা ধাউতি আৰু কঠোৰ অনুশীলনৰ বাবেই অৱশেষত এছিয়ান গেমছলৈ আৰ্চাৰী প্ৰমীলা দৈমাৰী নিৰ্বাচিত হোৱাত কোকৰাঝাৰত আনন্দৰ বন্যা বৈছে৷ আৰ্চাৰী খেলুৱৈ প্ৰমিলা দৈমাৰীয়ে ইণ্ডোনেছিয়াৰ জাকাৰ্টত অহা ১৮ আগষ্ট পৰা ২ ছেপ্তেম্বৰলৈ হবলগীয়া এছিয়ান গেমছত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব।
সেয়ে সোমবাৰে প্ৰমীলা দৈমাৰীৰ অনুশীলন কেন্দ্ৰ তথা কোকৰাঝাৰ ছাই কমপ্লেক্সত বিটিচিৰ খেল বিভাগৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীসহ প্ৰমীলাৰ বহু কেইগৰাকী সংগী খেলুৱৈ আৰু প্ৰশিক্ষক সকলে উৎফুল্লিত হৈ প্ৰমীলাক অভিনন্দন জ্ঞাপন কৰিছে। ছাই কমপ্লেক্সত বিটিচি কাৰ্যবাহী সদস্য দনেস্বৰ গয়াৰীয়ে প্ৰমীলা দৈমাৰীক অভিনন্দন জ্ঞাপন কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল তথা এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰি ভাৰত তথা অসমত গৌৰৱ কঢ়িয়াই অনাৰ কামনা কৰিছে।
আৰ্চাৰী প্ৰমিলা দৈমাৰীক ইতিমধ্যে বিটিচি কৰ্তৃপক্ষৰ পৰা যাৱতীয় সহায় সহযোগিতা আগবঢ়াই থকা হৈছে বুলি জানিবলৈ দি যোৱা বৰ্ষৰ বিটিচি চুক্তি দিৱসত খেলুৱৈ গৰাকীক বছৰৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে সম্বৰ্ধনা জনোৱা হৈছিল বুলি সদৰী কৰে দনেশ্বৰ গয়াৰীয়ে।
উল্লেখ্য যে বিশ্বজয়ৰ লক্ষ্যৰে বিটিচিৰ ওদালগুৰি জিলাৰ খাগ্ৰাবাৰীৰ এখন অখ্যাত গাওঁৰ অতি দৰিদ্ৰ পৰিয়ালৰ কন্যা প্ৰমীলা দৈমাৰী ইতিমধ্যে এছিয়ান গেমছৰ বাবে ভাৰতীয় দলত নিৰ্বাচিত হোৱাত খেলুৱৈগৰাকীক বিভিন্ন দল-সংগঠনে অভিনন্দন জনাইছে।